ETV Bharat / bharat

IGNOU Admission last date: ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ নাম ভৰ্তিৰ সময়সীমা বৃদ্ধি

author img

By

Published : Aug 1, 2023, 1:35 PM IST

ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ে (IGNOU) জুলাই ছেছনৰ নামভৰ্তিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ ১০ আগষ্টলৈ বৃদ্ধি কৰিছে । পূৰ্বতে নামভৰ্তিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ আছিল ৩১ জুলাই ।

IGNOU Extended Last Date of Admission
IGNOU Extended Last Date of Admission

নিউজ ডেস্ক, ১ আগষ্ট : ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ (IGNOU) জুলাই ছেছনত নামভৰ্তিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ পুনৰ বৃদ্ধি কৰা হৈছে । উল্লেখ্য পূৰ্বতে নামভৰ্তিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ আছিল ৩১ জুলাই । কিন্তু বৰ্তমান এই অন্তিম তাৰিখ বৃদ্ধি কৰা হৈছে । নামভৰ্তি কৰিবলৈ বিচৰা শিক্ষাৰ্থীসকলক আন এক সুযোগ প্ৰদান কৰি IGNOU ৱে অনলাইন পঞ্জীয়নৰ তাৰিখ ১০ আগষ্টলৈকে বৃদ্ধি কৰিছে । শিক্ষাৰ্থীসকলে পঞ্জীয়ন কৰি তেওঁলোকৰ নামভৰ্তি নিশ্চিত কৰিব পাৰে ।

শিক্ষাৰ্থীসকলে মুক্ত দূৰ শিক্ষণ (open distance learning) পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে https://ignouadmission.samarth.edu.in/ ৱেবছাইট আৰু অনলাইন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে https://ignouiop.samarth.edu.in/ https:/ ৱেবছাইটত পঞ্জীয়ন কৰিব পাৰে । পাঠ্যক্ৰমবোৰৰ বিষয়ে বিতং তথ্যৰ বাবে শিক্ষাৰ্থীসকলে IGNOU ৰ অফিচিয়েল ৱেবছাইটৰ পৰা সবিশেষ লাভ কৰিব পাৰে ।

IGNOU ৱে মুক্ত দূৰ শিক্ষণ আৰু অনলাইন মোডৰ জৰিয়তে দুই শতাধিক স্নাতক, স্নাতকোত্তৰ আৰু চাৰ্টিফিকেট পাঠ্যক্ৰম আগবঢ়ায় । নতুন শিক্ষাৰ্থীসকলে IGNOU ৰ নামভৰ্তি পৰ্টেললৈ গৈ অনলাইনত নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব । পঞ্জীয়নৰ সময়ত শিক্ষাৰ্থীসকলে নামভৰ্তি কৰিবলগা পাঠ্যক্ৰমটো বাছনি কৰি তেওঁলোকৰ সম্পূৰ্ণ তথ্য পূৰণ কৰিব লাগিব ।

পঞ্জীয়নৰ পিছত শিক্ষাৰ্থীসকলে পঞ্জীয়ন নম্বৰ পাব । ইয়াৰ পিছত পঞ্জীয়নৰ সময়ত শিক্ষাৰ্থীয়ে দিয়া ই-মেইলত আৰু পঞ্জীভুক্ত ফোন নম্বৰত এটা বাৰ্তা লাভ কৰিব । য'ত আগলৈ লগইনৰ বাবে ইউজাৰ নামটোও দিয়া হ'ব । শিক্ষাৰ্থীয়ে ভৱিষ্যতে লগইন কৰিবলৈ তেওঁৰ পাছৱৰ্ডটো মনত ৰাখিব লাগিব ।

উল্লেখ্য যে, নতুন দিল্লীৰ ময়দান গড়ীত মুখ্য কাৰ্যালয় অৱস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় চমুকৈ ইগনু হৈছে ভাৰতৰ এখন ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয় । ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নামেৰে নামকৰণ কৰা এই বিশ্ববিদ্যালয়খন ১৯৮৫ চনত ২০ নিযুত টকাৰ বাজেটেৰে প্ৰতিষ্ঠা কৰা হৈছিল । ভাৰতৰ সংসদে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় আইন, ১৯৮৫ (IGNOU আইন ১৯৮৫) গৃহীত কৰাৰ পিছত এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয় । IGNOU ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত আৰু মুঠ ৭.১৪ নিযুতৰো অধিক শিক্ষাৰ্থীৰ সক্ৰিয় নামভৰ্তিৰে ই হৈছে বিশ্বৰ সৰ্ববৃহৎ বিশ্ববিদ্যালয় ।

লগতে পঢ়ক :Chandrayaan-3: পৃথিৱীৰ কক্ষপথ এৰিলে চন্দ্ৰযান-৩য়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.