ETV Bharat / bharat

Asia Cup controversy : ভাৰত পাকিস্তানলৈ নগ'লে, পাকিস্তানেও বিশ্বকাপৰ বাবে ভাৰতলৈ নাহে : পিচিবিৰ অধ্যক্ষ

author img

By

Published : May 13, 2023, 1:08 PM IST

যদি ভাৰতে পাকিস্তানলৈ খেলিবলৈ যায় তেনেহ'লে পাকিস্তানৰ দলটোৱেও আহমেদাবাদকে ধৰি ভাৰতৰ যিকোনো চহৰত খেলিবলৈ কোনো সমস্যা নাথাকে । এই ঘোষণা পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ নজম শেঠীৰ (PCB chief on Asia Cup controversy)। হাইব্ৰিড মডেল সন্দৰ্ভতো পূৰ্বৰ স্থিতিত অটল আছে পাকিস্তান ক্ৰিকেট বোৰ্ড ।

Asia Cup controversy
পাকিস্তানেও বিশ্ব কাপৰ বাবে ভাৰতলৈ নাহে

স্পৰ্টছ ডেস্ক,১৩ মে' : এছিয়া কাপ ক্ৰিকেটৰ স্থানক লৈ বিচিচিআই আৰু পিচিবিৰ মাজত বিতৰ্ক অব্যাহত আছে (BCCI and PCB controversy)। তাৰ মাজতে পাকিস্তান ক্ৰিকেট বোৰ্ডৰ অধ্যক্ষ নজম শেঠীৰ গুৰুত্বপূৰ্ণ মন্তব্য । শেঠীয়ে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় দলটোক পাকিস্তানত আগন্তুক এছিয়া কাপ আৰু ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী খেলিবলৈ (Champions Trophy 2023) অনুমতি দিলেহে পাকিস্তানে এদিনীয়া বিশ্বকাপৰ বাবে ভাৰত ভ্ৰমণ কৰিব ।

এছিয়ান ক্ৰিকেট কাউন্সিলে শেহতীয়াকৈ "হাইব্ৰিড মডেল" প্ৰত্যাখ্যান কৰিছে (Hybrid Model for Asia Cup)। ভাৰত আৰু পাকিস্তানে তেওঁলোকৰ নিজ নিজ দেশত ইটোৱে সিটো দলৰ সৈতে খেলা আৰম্ভ নকৰালৈকে হাইব্ৰিড মডেল একমাত্ৰ সম্ভৱ সমাধান বুলি প্ৰাক্তন সাংবাদিকসকলে অনুভৱ কৰিছিল । শেঠীয়ে লগতে কয় যে যদি ভাৰত পাকিস্তানলৈ আহে, তেন্তে পাকিস্তানৰ ৰাষ্ট্ৰীয় দলে আহমেদাবাদকে ধৰি যিকোনো ভাৰতীয় চহৰত খেলিবলৈ কোনো সমস্যা নাথাকে ।

হাইব্ৰিড মডেলক লৈ শেঠীয়ে কয় যে পাকিস্তানত ৪ খন মেচ খেলাৰ পাছত বাকী খেলবোৰ নিৰপেক্ষ স্থানত খেলিলে সেই সন্দৰ্ভত এচিচি সন্মত হ'ব পাৰে (PCB chief on Hybrid Model)। এছিয়ান ক্ৰিকেট কাউন্সিলে দুটা সিদ্ধান্ত ল'ব পাৰে । হয় তেওঁলোকে পিচিবিৰ প্ৰস্তাৱ অনুসৰি সিদ্ধান্ত লওক অথবা সকলো বোৰ মেচ নিৰপেক্ষ স্থানত খেলিব বিচাৰে ।

যদি এচিচিয়ে প্ৰথম প্ৰস্তাৱ গ্ৰহণ কৰে তেনেহ'লে সকলোবোৰ সমাধান হ'ব আৰু দ্বিতীয় প্ৰস্তাৱ ল'লে পাকিস্তানে এছিয়া কাপত অংশগ্ৰহণ নকৰে । এয়া হৈছে এছিয়া কাপৰ বৰ্তমানৰ স্থিতি । শেঠীয়ে উল্লেখ কৰা মতে তেওঁলোকে জয় শ্বাহ আৰু অন্যান্য সহকৰ্মীৰ পৰা সঁহাৰিৰ বাবে অপেক্ষা কৰি আছে ।

যদি পাকিস্তানে এছিয়া কাপ নেখেলে তেনেহ'লে তেওঁলোক এচিচিত থকা যুক্তিসংগত নে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত শেঠীয়ে কয় যে সেয়া এছিয়ান ক্ৰিকেট কাউঞ্চিলে বিবেচনা কৰিব । এছিয়ান ক্ৰিকেট কাউঞ্চিলৰ সভাপতিত্বৰ পৰৱৰ্তী দায়িত্ব পিচিবিৰ । গতিকে পাকিস্তানে এচিচিত থাকিবলৈ বহুত আগ্ৰহী । পাকিস্তানৰ অবিহনে কোনো এচিচি থাকিব নোৱাৰে বুলিও শেঠীয়ে দাবী কৰে । এচিচিলৈ ৰাজহ সংগ্ৰহ কৰা দুই আটাইতকৈ গুৰুত্বপূৰ্ণ সদস্য হৈছে ভাৰত আৰু পাকিস্তান । যদি পাকিস্তানে এছিয়া কাপ নেখেলে, তেন্তে সম্প্ৰচাৰক অৰ্থাৎ ষ্টাৰৰ সমস্যা হ'ব ।

এছিয়া কাপৰ বাবে অহা ৪৫ বা ৪৬ নিযুত ডলাৰ বেছিভাগ এই মেচবোৰৰ পৰা আহিব আৰু এছিয়া কাপ যি ধৰণে গঠন কৰা হৈছে, পাকিস্তান আৰু ভাৰতে নিম্নতম দুখন মেচ খেলে আৰু যদি তেওঁলোকে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে, তেন্তে তৃতীয় খন মেচ হয় ।

সেইকাৰণে ভাৰত আৰু পাকিস্তান দুয়োটা দল এছিয়া কাপ আৰু এচিচিৰ বাবে গুৰুত্বপূৰ্ণ । সেয়েহে বাহৰেইনত যোৱা এচিচি বৈঠকত তেওঁ এছিয়া কাপ উদ্ধাৰৰ বাবে হাইব্ৰিড মডেল উপস্থাপন কৰিছিল বুলি শেঠীয়ে উল্লেখ কৰে । কিয়নো ভাৰতে পাকিস্তানত খেলিবলৈ অস্বীকাৰ কৰিছিল । তেওঁ কৈছিল যে ইয়াৰ এটা সমাধান হ'ল ভাৰতৰ খেলৰ বাবে নিৰপেক্ষ স্থান বিচৰা (Asia cup venue controversy)।

ইমৰাণ খানৰ গ্ৰেপ্তাৰৰ বিতৰ্কৰ বাবে বাকী দলবোৰেও এছিয়া কাপৰ বাবে পাকিস্তানলৈ আহিবলৈ নিবিচাৰিব নেকি ? এই সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত শেঠীয়ে কয় যে ইমৰাণ খান সম্পৰ্কীয় প্ৰতিবাদ ৬ মাহ ধৰি চলি আছে । নিউজিলেণ্ডৰ দলটোৱে কৰাচীৰ লাহোৰৰ ৰাৱালপিণ্ডিত খেলি আছিল যেতিয়া ইমৰাণ খানক লৈ প্ৰতিবাদ চলি আছিল । গতিকে সেইটো এটা সমস্যা নহয় বুলি দাবী কৰে শেঠীয়ে ।

যদি নিৰাপত্তাৰ প্ৰশ্ন আহে তেনেহ'লে তেওঁ নিজে খেল নিৰপেক্ষ স্থানত অনুষ্ঠিত কৰিবলৈ ক'ব বুলিও কয় শেঠীয়ে (PCB Chief Najam Sethi)। মুঠতে ভাৰতে পাকিস্তানলৈ খেলিবলৈ নগ'লে পাকিস্তানেও ভাৰতলৈ খেলিবলৈ নাযায় বুলি দাবী কৰে পিচিবিৰ অধ্যক্ষ শেঠীয়ে ।

লগতে পঢ়ক :Asia Cup 2023 : ভাৰত-পাকিস্তানৰ মতানৈক্যত এছিয়া কাপক লৈ অনিশ্চয়তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.