ETV Bharat / bharat

Justice UU Lalit on hearing: যদি শিশুহঁতে পুৱা ৭ বজাতে স্কুললৈ যায় তেন্তে ন্যায়ালয়েও গোচৰৰ শুনানি ৯ বজাতে আৰম্ভ কৰিব পাৰে

author img

By

Published : Jul 16, 2022, 7:32 AM IST

মুখ্য ন্যায়াধীশ(CJI) এন ভি ৰমনাৰ অৱসৰৰ পাছত আগন্তুক আগষ্ট মাহত হ’বলগীয়া দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ মতে, উচ্চতম ন্যায়ালয়ে দিনটোৰ আৰম্ভনিতে গোচৰসমূহৰ শুনানি আৰম্ভ কৰিব লাগে (Justice UU Lalit is set to become next Chief Justice of India) ।

If children go to school at 7 am, Supreme Court can begin hearing cases at 9, says Justice Lalit
Justice UU Lalit on hearing: যদি শিশুহঁতে পুৱা ৭ বজাতে স্কুললৈ যায় তেন্তে ন্যায়ালয়ে গোচৰৰ শুনানি ৯ বজাতে আৰম্ভ কৰিব পাৰে

নেশ্যনেল ডেস্ক, 16 জুলাই: ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে(Supreme Court bench) শুকুৰবাৰে পুৱা ৯:৩০ বজাৰ পৰাই শুনানি আৰম্ভ কৰে, যি নিতৌ হৈ অহা ১০:৩০ বজাৰ সাধাৰণ সময়তকৈ এঘণ্টা আগত । ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট (Justice S Ravindra Bhat) আৰু ন্যায়াধীশ সুধাংশু ধুলীয়াকো(Justice Sudhanshu Dhulia) সামৰি গঠিত তিনিজনীয়া বিচাৰপীঠখনক অধিবক্তাসকলে পূৰ্বৰ সময়তকৈ সোনকালে উপস্থিত হৈ আদালতৰ কাম আৰম্ভ কৰাৰ বাবে প্ৰশংসা কৰা পৰিলক্ষিত হয়, য’ত আদালতে কয় যে আদৰ্শগতভাৱে তেওঁলোকে পুৱা ৯ বজাৰ পৰাই শুনানি আৰম্ভ কৰি দিনটোৰ ভিতৰতে গোচৰসমূহ শেষ কৰিব লাগিছিল ।

ন্যায়াধীশ ললিতৰ মতে, ‘মই সদায়েই উল্লেখ কৰি আহিছো যে, যদি আমাৰ ল’ৰা-ছোৱালীয়ে পুৱা ৭ বজাত স্কুললৈ যাব পাৰে তেন্তে আমি কিয় ৯ বজাত আদালতলৈ আহিব নোৱাৰো ৷ ইয়াৰ উপৰিও আদালতে কয় যে তেওঁলোকে পুৱা ৯ বজাৰ পৰাই বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে আৰু ১১:৩০ বজাত আধা ঘণ্টাৰ বিৰতিৰ বাবে উঠিব লাগে ৷ পুনৰ ১২ বজাত আদালতৰ কাম আৰম্ভ কৰি বিয়লি ২ বজাৰ ভিতৰত ইয়াক শেষ কৰিব লাগে ।

মুখ্য ন্যায়াধীশ এন ভি ৰমনাৰ(CJI NV Ramana) অৱসৰৰ পিছত আগন্তুক আগষ্ট মাহত হ’বলগীয়া ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ললিতে কয় যে, ‘বিয়লিলৈ কাম কৰিবলৈ আপুনি আৰু অধিক সময় পালেহেঁতেন'(You would get time to do more things in the evening) ।

লগতে পঢ়ক: গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ ৰশ্মিন এম ছায়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.