ETV Bharat / bharat

Hyderabad Woman Murder in London : লণ্ডনত হায়দৰাবাদী যুৱতীক ছুৰীকাঘাত কৰি হত্যা; ধৃত ব্ৰাজিলিয়ান যুৱক

author img

By

Published : Jun 14, 2023, 6:03 PM IST

তেজস্বিনীয়ে লণ্ডনত তেওঁৰ বন্ধুবৰ্গৰ সৈতে এটা ফ্লেটত বাস কৰিছিল, য'ত পুৰুষ আৰু মহিলা একেলগে থাকিব পাৰে । ব্ৰাজিলৰ যুৱকজন উক্ত আৱাসীসকলৰ মাজৰে এজন আছিল ।

Hyderabad Woman Murder in London
Hyderabad Woman Murder in London

নিউজ ডেস্ক, ১৪ জুন : উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ যোৱা হায়দৰাবাদৰ এগৰাকী যুৱতী ব্ৰাজিলৰ এজন যুৱকৰ ছুৰীৰ আক্ৰমণত নিহত হয় । আনহাতে, যুৱতীগৰাকীক বচাবলৈ চেষ্টা কৰা এজন বন্ধুও আক্ৰমণটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । পৰিয়ালৰ সদস্যসকলৰ মতে, ৰংগা ৰেড্ডী জিলাৰ ব্ৰহ্মাপল্লীৰ তেজস্বিনী ৰেড্ডী (২৭) তিনি বছৰ পূৰ্বে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল । তেওঁৰ পাঠ্যক্ৰম দুমাহ পূৰ্বে সম্পূৰ্ণ হৈছিল আৰু যোৱা মাহত তেওঁ ঘৰলৈ উভতি অহাৰ কথা আছিল । কিন্তু কিছু বিশেষ কাৰণত তেওঁ ঘৰলৈ উভতিব পৰা নাছিল ।

তেজস্বিনীয়ে লণ্ডনত তেওঁৰ বন্ধুবৰ্গৰ সৈতে এটা ফ্লেটত বাস কৰিছিল । তাত পুৰুষ আৰু মহিলা একেলগে থকাৰ ব্যৱস্থা আছিল । উক্ত ফ্লেটটোত আৱাসীসকলৰ মাজত ব্ৰাজিলৰ এজন যুৱকো আছিল । কিন্তু তেওঁক হঠাতে ব্ৰাজিলৰ যুৱকজনে আক্ৰমণ কৰে । অৱশ্যে আৰক্ষীয়ে পিছত হত্যাকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰে । ইফালে মৃত যুৱতীগৰাকীৰ শোকাতুৰ পিতৃ-মাতৃয়ে ৰাজ্য চৰকাৰক তেওঁলোকৰ কন্যাৰ মৃতদেহ যিমান সম্ভৱ সোনকালে ভাৰতলৈ অনাৰ বাবে অনুৰোধ জনাইছে । আৰক্ষীয়ে অৱশ্যে এতিয়াও তেওঁক হত্যাৰ উদ্দেশ্য জানিব পৰা নাই ।

আনহাতে, আন এক ঘটনাত এগৰাকী প্ৰতিভাশালী হকী খেলুৱৈ হিচাপে পৰিচিত ভাৰতীয় বংশোদ্ভৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনক বুধবাৰে মধ্য ইংলেণ্ডৰ নটিংহামৰ ৰাজপথত আক্ৰমণ কৰা হয় । এক উন্মত্ত আক্ৰমণৰ বলি হোৱা তিনিজন ভুক্তভোগীৰ ভিতৰত তেৱোঁ এজন আছিল বুলি স্থানীয় সূত্ৰে জানিব পৰা গৈছে । জানিব পৰা মতে, ১৯ বছৰীয়া গ্ৰেছ অ'মালি কুমাৰ নটিংহাম বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ক্ৰিকেটাৰ বন্ধু ১৯ বছৰীয়া বাৰনাবি ৱেবৰৰ সৈতে আছিল । লগতে আন এগৰাকী ১৯ বছৰীয়া কিশোৰো আছিল যাৰ এতিয়ালৈকে নাম জানিব পৰা হোৱা নাই । আক্ৰমণকাৰীয়ে মঙলবাৰে পুৱতি নিশা তিনিওকে অতি নিৰ্মমভাৱে ছুৰীকাঘাত কৰা বুলি জানিব পৰা গৈছে ।

নটিংহামশ্বায়াৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, আৰক্ষীৰ জিম্মাত থকা ৩১ বছৰীয়া সন্দেহজনক ব্যক্তিজনে ইয়াৰ পূৰ্বে ৫০ বছৰ বয়সৰ এজন লোকক ছুৰীকাঘাত কৰি হত্যা কৰিছিল । আনহাতে, আন এজন ব্যক্তিৰ পৰা এখন ভান চুৰি কৰিবলৈ যাওঁতে আন তিনিজন লোককো আক্ৰমণ কৰে । তেওঁলোক এতিয়াও চিকিৎসালয়ত ভৰ্তি হৈ আছে । নটিংহামশ্বায়াৰ আৰক্ষীৰ মুখ্য কনিষ্টবল কেট মেইনেলে এক বিবৃতিত কয়, আমি তদন্ত আৰম্ভ কৰিছোঁ আৰু এনে ধৰণৰ পৰিস্থিতিত আমি সাধাৰণতে কৰিবলগা কাৰকবোৰ উদ্ঘাটন কৰিবলৈ সন্ত্ৰাসবাদবিৰোধী আৰক্ষীৰ সৈতে কাম কৰি আছোঁ ।

লগতে পঢ়ক :Ghaziabad conversion case : ধৃত শ্বাহনাৱাজৰ ফোনত ৩০ টা পাকিস্তানী নম্বৰ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.