ETV Bharat / bharat

Amritpal Singh updates: অমৃতপাল সিঙৰ গ্ৰেপ্তাৰে কি দৰে প্ৰভাৱিত কৰিব খলিস্তানী বিচ্ছিন্নতাবাদক ?

author img

By

Published : Apr 23, 2023, 6:48 PM IST

Khalistani revivalist Amritpal Singh arrested
অমৃতপাল সিঙক গ্ৰেপ্তাৰৰ পিচতেই খলিস্তানী বিচ্ছিন্নতাবাদৰ ওপৰত পৰিব নেকি প্ৰভাৱ?

অমৃতপালক গ্ৰেপ্তাৰৰ পিচতেই সন্ধানৰ মাজতেই পঞ্জাৱ আৰু বিদেশৰ কেইবাখনো দেশত খালিস্তানী বিচ্ছিন্নতাবাদৰ উত্থানৰ সমাপ্তি ঘটিছে নেকি (Khalistani revivalist Amritpal Singh arrested) ? বিশেষ দহটা দিশ চাওঁ আহক...

নেশ্যনেল ডেস্ক, 23 এপ্ৰিল: বিগত এমাহৰ অন্তত খালিস্তানী বিচ্ছিন্নতাবাদী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাটো এক প্ৰত্যাহ্বান স্বৰূপ আছিল পঞ্জাৱ আৰক্ষীৰ বাবে ৷ দেওবাৰৰ পঞ্জাৱৰ মোগা জিলাত ৱাৰিছ পঞ্জাৱৰ দেৰ মুৰব্বী অমৃতপাল সিঙে আত্মসমৰ্পন কৰাৰ পিচতে তেওঁক গ্ৰেপ্তাৰ কৰা হয় (Impact of Amritpal arrest) ৷

আত্মসৰ্মপণৰ পূৰ্বে অমৃতপল সিং ৰ’ডে গাঁৱৰ এক গুৰুদ্বাৰত উপস্থিত আছিল (Impact of Khalistani separatism ) । ইয়াৰ পাচতেই কটকটীয়া নিৰাপত্তাৰ মাজেৰে বিশেষ বিমানেৰে পোনে পোনে অমৃতক লৈ অহা হৈছে ডিব্ৰুগড় কাৰাগাৰলৈ (Amritpal Singh taken to Dibrugarh jail in Assam) ।

ইয়াৰ পিচতেই এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে, অমৃতপালৰ সন্ধানৰ মাজতেই পঞ্জাৱ আৰু বিদেশৰ কেইবাখনো দেশত খালিস্তানী বিচ্ছিন্নতাবাদৰ উত্থানৰ সমাপ্তি ঘটিছে নেকি (Khalistani revivalist Amritpal Singh arrested) ?

পঞ্জাৱৰ বাসিন্দা অমৃতপালে ডুবাইত চালক হিচাপে কাম কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ৱাৰিছ পাঞ্জাৱ দেৰ প্ৰতিষ্ঠাপকৰ মৃত্যু হোৱাৰ পিচতে অমৃতপালে ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী হিচাপে দায়িত্ব ল’বলৈ পঞ্জাৱলৈ আহিছিল আৰু খালিস্তানী বিচ্ছিন্নতাবাদী নেতা হিচাপে পৰিচিত হৈছিল (Waris Punjab De chief ) । অৱশ্যে, অমৃতপাল আৰু তেওঁৰ সহায়কসকলে অপহৰণ, অগ্নিসংযোগ আৰু আৰক্ষী কৰ্তৃপক্ষৰ সৈতে সংঘৰ্ষত জড়িত হোৱাৰ কেইবাটাও হিংসাত্মক ঘটনাৰে নিজৰ পৰিচয় দাঙি ধৰিছিল (Who is Amritpal Singh) ৷

অমৃতপালক গ্ৰেপ্তাৰৰ 10 টা প্ৰভাৱ (Impact of Khalistani separatism ):

ৱাৰিছ পঞ্জাৱ দেৰ মুৰব্বীগৰাকীৰ সমৰ্থকসকলে ২০২২ চনৰ ডিচেম্বৰত জলন্ধৰত গুৰুদ্বাৰ চাহিবৰ আচবাব জ্বলাই দিছিল। সেই সময়ত, অমৃতপাল ঘটনাস্থলীত উপস্থিত আছিল আৰু তেওঁ দাবী কৰিছিল যে এটা পবিত্ৰ মন্দিৰৰ ভিতৰত চকী ব্যৱহাৰ কৰাটো শিখ ধৰ্মক অসন্মান কৰাৰ দৰে। একেধৰণৰ ঘটনা আন কেইবাটাও গুৰুদ্বাৰতো সংঘটিত হৈছিল ৷

অজনালা ঘটনাটো তেওঁৰ কেৰিয়াৰৰ এক টাৰ্নিং পইণ্ট আছিল ৷ যেতিয়া অমৃতপাল সিঙৰ নেতৃত্বত জনতাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আৰক্ষী চকীত হিংসাত্মক কাৰ্যকলাপত লিপ্ত হৈছিল ৷

অমৃতপালৰ ঘনিষ্ঠ সহযোগী লাভপ্ৰীত সিং টুফানক এজন ব্যক্তিয়ে অপহৰণ আৰু প্ৰহাৰ কৰাৰ বাবে দাখিল কৰা গোচৰত গ্ৰেপ্তাৰ কৰাৰ পিচতে অমৃতপালে অজনালা আৰক্ষী চকীত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিছিল । এই গোচৰটোত অমৃতপালকো অভিযুক্ত হিচাপে গণ্য কৰা হৈছিল।

বাবা বাকলা তহচিলৰ জালুপুৰ খেৰা গাঁৱৰ বাসিন্দা অমৃতপাল সিঙে কাপুৰথালাৰ পলিটেকনিকত অধ্যয়ন কৰিছিল আৰু তাৰ পিচত ডুবাইলৈ গৈ তাত চালক হিচাপে কাম কৰিছিল ।

ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী দীপ সিদ্ধুৰ পথ দুৰ্ঘটনাত মৃত্যুৰ পিচতে অমৃতপাল সিঙে ৱাৰিছ পাঞ্জাৱ দেৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰি ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিছিল ।

ৱাৰিছ পাঞ্জাৱৰ দেৰ মুৰব্বী হিচাপে তেওঁ কাৰ্যভাৰ আৰম্ভ কৰাৰ পিচতহে অমৃতপাল আৰক্ষীৰ নীৰিক্ষণত আহিছিল।

ৱাৰিছৰ মুৰব্বী হিচাপে, অমৃতপাল সিঙে পঞ্জাৱৰ যুৱক-যুৱতীসকলক ড্ৰাগছৰ পৰা সুৰক্ষিত কৰিবলৈ খালচা ভেহিৰ সজাগতা যাত্ৰা আৰম্ভ কৰিছিল । শ্ৰী অকাল তখত চাহিবৰ পৰা খালচাৰ জন্মস্থান শ্ৰী আনন্দপুৰ চাহিবলৈ এই খালচা পদযাত্ৰা আৰম্ভ কৰা হৈছিল ৷

এক সভাত অমৃতপালৰ আক্ৰমণাত্মক ভাষ্য আৰু গুৰুদ্বাৰ চাহিবত আচবাবত অগ্নিসংযোগ কৰা ঘটনাই ৰাজনৈতিক দল আৰু শিখ সম্প্ৰদায়ৰ লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ৷

অমৃতপালৰ সন্ধানত অভিযান আৰম্ভ কৰাৰ কেইদিনমানৰ পিচত, খলিস্তানী প্ৰতিবাদকাৰীসকলে চলিত বৰ্ষৰ ২২ মাৰ্চত লণ্ডনৰ ভাৰতীয় উচ্চ আয়োগত ত্ৰিৰংগা নমাই প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷

৮ এপ্ৰিলত অকাল তখত জাথেদাৰে অমৃতপাল সিঙক আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনায় আৰু সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: Amritpal Singh in Dibrugarh jail: অমৃতপাল সিঙৰ ঠিকনা এতিয়া ডিব্ৰুগড় কাৰাগাৰৰ বন্ধ কুঠৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.