ETV Bharat / bharat

Deodorant Side Effects: ডিঅ’ড্ৰেণ্ট হ’ব পাৰে মাৰাত্মক, ডিঅ’ড্ৰেণ্টে প্ৰাণ কাঢ়িলে 14 বছৰীয়া কিশোৰীৰ

author img

By

Published : Jan 28, 2023, 1:19 PM IST

Updated : Jan 28, 2023, 1:57 PM IST

How dangerous can be the gas coming out of deodorant
ডিঅ’ড্ৰেণ্ট হ’ব পাৰে মাৰাত্নক! ডিঅ’ড্ৰেণ্টে প্ৰাণ কাঢ়িলে 14 বছৰীয়া কিশোৰীৰ

ডিঅ' স্প্ৰে কৰাৰ পিছত নিজৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল ১৪ বছৰীয়া জৰ্জিয়া গ্ৰীনক । বিশেষজ্ঞসকলৰ মতে, ডিঅ'ৰ সুগন্ধিৰ গোন্ধ পোৱাৰ বাবেই তেওঁৰ হৃদযন্ত্ৰ হঠাৎ স্তব্ধ হৈ পৰে । ডিঅ’ স্বাস্থ্যৰ পক্ষে কিমান বিপজ্জনক হ'ব পাৰে জানো আহক ।

আমাৰ মাজৰ বেছিভাগেই ডিঅ’ড্ৰেণ্টৰ প্ৰয়োগ কৰে, লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ৰুটিনৰ অংশ বুলি গণ্য কৰি দৈনিক ডিঅ’ড্ৰেণ্ট ব্যৱহাৰ কৰে(14 year old Georgia Green Deodorant)। কিন্তু অতি কম সংখ্যক লোকেহে জানে যে, এয়া ব্যৱহাৰে আপোনাৰ যথেষ্ট ক্ষতিসাধন কৰিব পাৰে । ডিঅ’ত থকা ৰাসায়নিক পদাৰ্থই কেতিয়াবা ছালৰ ক্ষতিসাধন কৰি ফোহা আৰু প্ৰদাহৰ সৃষ্টি কৰিব পাৰে(Health warning as 14 year old girl death)। কেৱল এয়াই নহয়, শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছিল যিয়ে সকলোকে আচৰিত কৰি তুলিছিল(Deodorant Side Effects)।

ডিঅ'ৰ গোন্ধ লোৱাৰ পিছত মৃত্যু হয় কিশোৰীৰ

শেহতীয়াকৈ ডিঅ’ড্ৰেণ্টৰ প্ৰয়োগ কৰি মৃত্যু হয় এগৰাকী ১৪ বছৰীয়া কিশোৰীৰ(Use of deodorant can be fatal)। চিকিৎসকৰ মতে, ভুলবশতঃ এৰ’ছলৰ গোন্ধ লোৱাৰ পিছতে কিশোৰীগৰাকীৰ হৃদযন্ত্ৰ বন্ধ হৈ পৰে । জৰ্জিয়া গ্ৰীন অৱশ্যে ফিট আৰু সুস্থ আছিল আৰু নিজৰ কোঠাত ডিঅ’ডৰেণ্ট স্প্ৰে’ কৰিছিল(14 year old Georgia Green news)। কিশোৰীগৰাকী পূৰ্বে কেতিয়াও এনেদৰে গুৰুতৰভাৱে অসুস্থ হোৱা নাছিল(can deodorant cause death)। এই ঘটনাৰ পিছত জৰ্জিয়াক নিজৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয় । পিতৃ-মাতৃয়ে কয় যে, অটিষ্টিক আৰু কোঠাটোত ডিঅ’ স্প্ৰে’ কৰিলে তাই শান্তি লাভ কৰিছিল(can deodorant risky for health)।

ডিঅ’ড্ৰেণ্ট ব্যৱহাৰ কৰাটো কেনেকৈ মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে ?

ডিঅ’ড্ৰেণ্টৰ এৰ’ছলত টস্কিক আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু গেছ থাকে । অৰ্থাৎ ডিঅ’ও মাৰাত্মক বুলি প্ৰমাণিত হ’ব পাৰে, আৰু এনে ঘটনা কেৱল শিশুৰ মাজতে সীমাবদ্ধ নহয় ।

বিশেষজ্ঞসকলৰ মতে, এই বিষয়ে সজাগতা বিয়পাই এনে দুৰ্ঘটনাৰ পৰা হাত সাৰিব পাৰি । লগতে শিশুক তেওঁলোকৰ পৰা আঁতৰাই ৰখাটোও গুৰুত্বপূৰ্ণ । ডিঅ’ৰ সলনি টেলকম পাউদাৰ ব্যৱহাৰ কৰাটো ভাল ।

কাৰ্ডিয়াক এৰেষ্ট কি ?

কাৰ্ডিয়াক এৰেষ্ট হৈছে এনে এক প্ৰকাৰৰ চিকিৎসাজনিত জৰুৰীকালীন অৱস্থা য’ত মৃত্যুৰ সম্ভাৱনা বেছি । হৃদযন্ত্ৰ বন্ধ হৈ গ’লে হৃদস্পন্দন হঠাতে বন্ধ হৈ যায়(What is cardiac arrest) । কাৰ্ডিয়াক এৰেষ্টত ৰোগী হঠাতে অচেতন হৈ পৰে আৰু তৎকালীন চিকিৎসাৰ প্ৰয়োজন হয়(Deodorant and Cardiac Arrest)।

কাৰ্ডিয়াক এৰেষ্টৰ লক্ষণসমূহ কি কি?

  • বুকুৰ বিষ(What are the symptoms of cardiac arrest)
  • অকাৰণতে হুমুনিয়াহ কাঢ়ি থকা
  • উশাহ বন্ধ হোৱা
  • অচেতনতা
  • মূৰ ঘুৰণি
  • মূৰটো পাতল অনুভৱ কৰা
  • অনিয়মিত হৃদস্পন্দন
  • ধপধপনি

লগতে পঢ়ক: Literacy linked to mental health : শোচনীয় সাক্ষৰতা আৰু মানসিক সমস্যাৰ মাজত কি সম্পৰ্ক আছে ?

Last Updated :Jan 28, 2023, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.