ETV Bharat / bharat

PM Modi on UNSC Membership : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্যপদক লৈ মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য

author img

By

Published : Jul 13, 2023, 5:15 PM IST

বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মেক্ৰ'নৰ আমন্ত্ৰণত দুদিনীয়া ফ্ৰান্স ভ্ৰমণ আৰম্ভ কৰিছে । তেওঁ ১৪ জুলাইত ফ্ৰান্সৰ বেষ্টিল দিৱস পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব । উক্ত অনুষ্ঠানত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা বাহিনীয়ে অংশগ্ৰহণ কৰিব ।

PM Modi on UNSC Membership
PM Modi on UNSC Membership

নিউজ ডেস্ক, ১৩ জুলাই : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ বাবে এক শক্তিশালী প্ৰস্তাৱ আগবঢ়াইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । বৃহস্পতিবাৰে মোদীয়ে কয় যে বিশ্বৰ আটাইতকৈ জনবহুল দেশ আৰু সৰ্ববৃহৎ গণতন্ত্ৰয়ে যেতিয়া স্থায়ী সদস্য নহয়, তেন্তে ৰাষ্ট্ৰসংঘই বিশ্বৰ হৈ কথা কোৱাৰ দাবী কৰিব নোৱাৰে ।

বৃহস্পতিবাৰে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচী লৈ ফ্ৰান্সলৈ যোৱাৰ পূৰ্বে ফ্ৰান্সৰ বাতৰিকাকত 'লেছ ইকোছ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰৰ সময়ত তেওঁ এই মন্তব্য কৰে । ৰাষ্ট্ৰসংঘৰ বিশ্বাসযোগ্যতা বিপন্ন হৈছে নেকি, ভাৰতে এতিয়াও ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদ কিয় পোৱা নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পৰিপ্ৰেক্ষিতত প্ৰতিষ্ঠা কৰা বহু গোলকীয় প্ৰতিষ্ঠানৰ ভিতৰত ৰাষ্ট্ৰসংঘ অন্যতম । কিন্তু এইটো চাব লাগিব যে তেওঁলোক আজিৰ বিশ্বৰ প্ৰতিনিধি হয়নে নহয় । কিয়নো বিগত আঠ দশকত বিশ্বৰ যথেষ্ট পৰিৱৰ্তন হৈছে ।

ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "বিষয়টো কেৱল বিশ্বাসযোগ্যতাৰ নহয়, তাতোকৈ বহু ডাঙৰ । মই বিশ্বাস কৰোঁ যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত প্ৰতিষ্ঠা কৰা বহুপাক্ষিক শাসন গাঁথনিৰ বিষয়ে বিশ্বই সৎ আলোচনা কৰা প্ৰয়োজন ।" তেওঁ লগতে কয় যে প্ৰতিষ্ঠানসমূহ সৃষ্টি হোৱাৰ প্ৰায় আঠ দশক পিছত বিশ্বৰ পৰিৱৰ্তন ঘটিছে, সদস্য দেশৰ সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে আৰু বিশ্ব অৰ্থনীতিৰ চৰিত্ৰও সলনি হৈছে ।

"আমি নতুন প্ৰযুক্তিৰ যুগত বাস কৰোঁ । নতুন শক্তি বৃদ্ধি পাইছে । যাৰ ফলত গোলকীয় ভাৰসাম্যৰ আপেক্ষিক পৰিৱৰ্তন ঘটিছে । আমি জলবায়ু পৰিৱৰ্তন, চাইবাৰ নিৰাপত্তা, সন্ত্ৰাসবাদ, মহাকাশ সুৰক্ষা, মহামাৰীকে ধৰি নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ । মই পৰিৱৰ্তনবোৰৰ বিষয়ত আগবাঢ়িব পাৰোঁ । এই পৰিৱৰ্তিত পৃথিৱীত, বহুতো প্ৰশ্ন উত্থাপিত হয়- এইবোৰ আজিৰ পৃথিৱীৰ প্ৰতিনিধি হয়নে ? এই প্ৰতিষ্ঠানবোৰক যিবোৰ ভূমিকাৰ বাবে গঠন কৰা হৈছিল, সেইবোৰ পালন কৰিবলৈ সক্ষমনে ? পৃথিৱীৰ বিভিন্ন দেশে অনুভৱ কৰেনে যে এই সংগঠনবোৰ গুৰুত্বপূৰ্ণ বা প্ৰাসংগিক ?" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।

তেওঁ লগতে কয়, "ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে কেনেকৈ বিশ্বৰ হৈ কথা কোৱা বুলি দাবী কৰিব পাৰে, যেতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ আৰু সৰ্ববৃহৎ গণতন্ত্ৰয়ে ইয়াৰ স্থায়ী সদস্য নহয় ?" "ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে বিশেষকৈ এই অসন্তুষ্টিৰ প্ৰতিফলন ঘটাইছে । যেতিয়া আফ্ৰিকা আৰু লেটিন আমেৰিকাৰ দৰে সমগ্ৰ মহাদেশক উপেক্ষা কৰা হয়, তেতিয়া আমি ইয়াক এক গোলকীয় সংস্থাৰ প্ৰাথমিক অংগ বুলি কেনেকৈ ক'ব পাৰোঁ ? যেতিয়া বিশ্বৰ আটাইতকৈ জনবহুল দেশ আৰু ইয়াৰ সৰ্ববৃহৎ গণতন্ত্ৰ স্থায়ী সদস্য নহয়, তেতিয়া ই কেনেকৈ বিশ্বৰ হৈ কথা কোৱাৰ দাবী কৰিব পাৰে ?" তেওঁ লগতে কয় ।

এই ক্ষেত্ৰত ফ্ৰান্সৰ স্থিতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্ৰস্তাৱিত পৰিৱৰ্তনৰ সন্দৰ্ভত সকলো দেশৰ ভাষ্য শুনিব লাগিব । "মই ভাবোঁ বেছিভাগ দেশে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কি পৰিৱৰ্তন চাব বিচাৰে, লগতে ভাৰতে কি ভূমিকা পালন কৰিব লাগে সেয়া স্পষ্ট । আমি কেৱল তেওঁলোকৰ কণ্ঠস্বৰ শুনিব লাগিব আৰু তেওঁলোকৰ পৰামৰ্শক মনোযোগ দিব লাগিব । এই ক্ষেত্ৰত ফ্ৰান্সে গ্ৰহণ কৰা স্পষ্ট আৰু স্থিৰ স্থিতিৰ মই প্ৰশংসা কৰিবই লাগিব ।" তেওঁ লগতে কয় ।

উল্লেখ্য, বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মেক্ৰ'নৰ আমন্ত্ৰণত দুদিনীয়া ফ্ৰান্স ভ্ৰমণ আৰম্ভ কৰিছে । তেওঁ ১৪ জুলাইত ফ্ৰান্সৰ বেষ্টিল দিৱস পেৰেডত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব । উক্ত অনুষ্ঠানত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ তিনিওটা বাহিনীয়ে অংশগ্ৰহণ কৰিব । আনহাতে, তিনিজন ৰাফেল যুঁজাৰুৱেও পেৰেডত ফ্লাইপাষ্ট প্ৰদৰ্শন কৰিব । উল্লেখ্য যে এই বছৰটো হৈছে ভাৰত-ফ্ৰান্স কৌশলগত অংশীদাৰিত্বৰ ২৫ সংখ্য বাৰ্ষিকী । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে কৌশলগত, সাংস্কৃতিক, বৈজ্ঞানিক, শৈক্ষিক আৰু অৰ্থনৈতিক সহযোগিতাৰ দৰে বিভিন্ন ক্ষেত্ৰত ভৱিষ্যতৰ বাবে অংশীদাৰিত্বৰ পথ নিৰ্দিষ্ট কৰাৰ সুযোগ প্ৰদান কৰিব ।

১৩-১৪ জুলাইলৈ ফ্ৰান্স ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ'নৰ সৈতে আনুষ্ঠানিক আলোচনা কৰিব । মেক্ৰ'নে প্ৰধানমন্ত্ৰীৰ সন্মানত এক ৰাষ্ট্ৰীয় ভোজমেলৰ লগতে ব্যক্তিগত নৈশভোজনৰো আয়োজন কৰিব । লগতে প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ ভ্ৰমণকালত দুয়োখন দেশৰ ভাৰতীয় প্ৰবাসী আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰিব ।

লগতে পঢ়ক :Bastille Day 2023 : ফ্ৰান্সৰ বেষ্টিল দিৱসৰ গুৰুত্ব; পৰম্পৰাগত কুছকাৱাজত ভাৰতীয় সেনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.