Hizbul Operative Imprisonment : হিজবুল সদস্যক ৫ বছৰৰ কাৰাদণ্ড অসমৰ NIA আদালতৰ

author img

By

Published : May 25, 2023, 10:29 AM IST

Hizbul Operative Imprisonment in Assam
Hizbul Operative Imprisonment in Assam ()

অসমৰ বিশেষ NIA আদালতে এজন ব্যক্তিক দোষী সাব্যস্ত কৰি হিজবুল মুজাহিদীন মডিউল গঠন সন্দৰ্ভত পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ আদেশ প্ৰদান কৰিছে (Hizbul operative sentenced 5 years imprisonment) ।

নিউজ ডেস্ক, ২৫ মে' : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (National Investigation Agency) চমুকৈ NIA-ৰ বিশেষ আদালতে মঙলবাৰে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ মডিউল গঠন সম্পৰ্কীয় ষড়যন্ত্ৰমূলক গোচৰত আন এজন অভিযুক্তক দোষী সাব্যস্ত কৰিছে (special NIA court in Assam) । অভিযুক্ত ব্যক্তিজন হৈছে হোজাই জিলাৰ চাইদুল আলম । অভিযুক্ত চাইদুলক জৰিমনাসহ পাঁচ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হৈছে (Hizbul Operative Imprisonment in Assam) ।

"২০১৯ চনৰ ১১ মাৰ্চত পাঁচজন লোকৰ বিৰুদ্ধে NIA-ই অভিযোগনামা দাখিল কৰিছিল । তাৰে মাজৰ শ্বাহনাৱাজ আলম আৰু ওমৰ ফাৰুক বুলি চিনাক্ত কৰা লোক দুজনক ২০২২ চনৰ ২৩ ডিচেম্বৰত NIA আদালতে দোষী সাব্যস্ত কৰিছিল ।" NIA-ৰ পৰা এক চৰকাৰী বিজ্ঞপ্তিত এই কথা প্ৰকাশ । এই গোচৰটো মূলত আইপিচি (IPC) আৰু ইউএ(পি) আইনৰ বিভিন্ন ধাৰাৰ অধীনত হোজাই জিলাৰ অন্তৰ্গত যমুনামুখত আৰক্ষী থানাত পঞ্জীয়ন কৰা হৈছিল (Hizbul operative sentenced 5 years imprisonment) ।

আনহাতে, NIA-ই এই গোচৰটো 2018 চনৰ 5 অক্টোবৰ তাৰিখে পুনৰ পঞ্জীয়ন কৰে । ইয়াৰ পিছত NIA-ৰ অনুসন্ধানত প্ৰকাশ পায় যে দোষী সাব্যস্ত তিনিজন অভিযুক্তই কামৰুজ জামান নামৰ ব্যক্তিজনৰ সৈতে অসমত হিজবুল মুজাহিদীন মডিউল স্থাপনৰ বাবে ষড়যন্ত্ৰ কৰিছিল । "২০১৭-২০১৮ বৰ্ষত তেওঁলোকে যমুনামুখ অঞ্চল আৰু ইয়াৰ আশেপাশে থকা মিলনপুৰ মছজিদ, ইছলামপুৰ মছজিদ, শ'লমাৰী মছজিদৰ দৰে অঞ্চলটোৰ আশেপাশে থকা বিভিন্ন মছজিদত কেইবাখনো সভাৰ আয়োজন কৰিছিল ।

উক্ত সভাবোৰ নিষিদ্ধ সংগঠনটোৰ কট্টৰ মৌলবাদী আদৰ্শ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল । সভাবোৰত তথাকথিত অত্যাচাৰ আৰু জিহাদৰ বিষয়ে ভাষণ প্ৰদান কৰা হৈছিল । এই সভাবোৰত উপস্থিত থকা যুৱক-যুৱতীসকলক তথাকথিত অত্যাচাৰ আদিৰ প্ৰতিক্ৰিয়াস্বৰূপে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰাৰ বাবে হিজবুল মুজাহিদীনৰ এটা মডিউল গঢ়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে কোৱা হৈছিল ।" এক চৰকাৰী বিজ্ঞপ্তিত এনেদৰে কোৱা হৈছে । আনহাতে, NIA-ৰ বিষয়াসকলৰ মতে, কামৰুজ, শ্বাহনাৱাজ আৰু ওমৰে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ ক্ৰয়ৰ বাবে পুঁজি সংগ্ৰহ কৰাৰো ষড়যন্ত্ৰ কৰিছিল ।

"ওমৰে আন এজন অভিযুক্ত জয়নাল উদ্দিনৰ সৈতে আদৰ্শগত সমৰ্থন আগবঢ়াইছিল । তেওঁলোকৰ যোগাযোগ গোপন কৰি ৰাখিবলৈ কামৰুজ জামান আৰু চাইদুল আলমে তেওঁলোকৰ মোবাইল ছেটত ব্লেকবেৰী মেছেঞ্জাৰ (Hizbul Mujahideen activist used BBM) এপটো ইনষ্টল কৰিছিল । কামৰুজে জম্মু-কাশ্মীৰত হিজবুল মুজাহিদীন কেডাৰৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে এই এপটো ব্যৱহাৰ কৰিছিল ।" বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে ।

আনহাতে, পৰৱৰ্তী অনুসন্ধানত প্ৰকাশ পায় যে চাইদুলে কামৰুজ, শ্বাহনাৱাজ আৰু ওমৰৰ সৈতে বিজয়া দশমীৰ প্ৰাকমুহূৰ্তত লামডিং আৰু হোজাইৰ অনা মুছলমান অধ্যুষিত অঞ্চলত নিৰীহ নাগৰিকসকলৰ ওপৰত বোমা বিস্ফোৰণ আৰু সশস্ত্ৰ আক্ৰমণৰ ষড়যন্ত্ৰ ৰচিছিল । তেওঁলোকে এই আক্ৰমণৰ বাবে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছিল ।

লগতে পঢ়ক :AJP on Junmoni Rabha case: অসম আৰক্ষীৰ ভিতৰ চ’ৰা বিশৃংখলতাৰে ভৰপূৰ; অজাপৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.