AJP on Junmoni Rabha case: অসম আৰক্ষীৰ ভিতৰ চ’ৰা বিশৃংখলতাৰে ভৰপূৰ; অজাপৰ প্ৰতিক্ৰিয়া

By

Published : May 24, 2023, 11:07 PM IST

thumbnail

গুৱাহাটী, 24 মে’: জোনমণি ৰাভাৰ মৃত্যু সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সংবাদ মেল ৷ বুধবাৰে সংবাদমেল সম্বোধন কৰি দলৰ সম্পাদক ৰাজু ফুকনে কয় যে, এছ আই জোনমণি ৰাভাৰ মৃত্যুৱে আৰক্ষীৰ মাজতে যে আৰক্ষীৰ নিৰাপত্তা নাই সেই কথাই উদঙাইছে ৷ জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু হত্যা, আত্মহত্যা নে দুৰ্ঘটনা সেইটো তদন্তৰ পিছত স্পষ্ট হ’ব ৷ এই কাণ্ডই এটা কথাই স্পষ্ট কৰিছে যে অসম আৰক্ষীৰ ভিতৰ চ’ৰা বিশৃংখলতাৰে ভৰপূৰ (AJP Press Meet on Junmoni Rabha Death Case) ৷  

তেওঁ লগতে কয় যে, জোনমণিৰ মৃত্যুৰ পিছতহে নকল সোণ, নকল নোটৰ বিৰুদ্ধে আৰক্ষী তৎপৰ হৈ পৰিছে ৷ এই কথা আগতে আৰক্ষী জনা নাছিল নে জানিও নজনাৰ ভাও ধৰিছিল বুলি প্ৰশ্ন উত্থাপন কৰে সম্পাদক গৰাকীয়ে  ৷ সংবাদমেলত তেওঁ কণীৰ ছিণ্ডিকেট, কয়লা ছিণ্ডিকেট, মাছৰ ছিণ্ডিকেটৰ ৰিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা কোনোবাই মৃত্যুক আকোঁৱালি লোৱাৰ পিচতহে দৃষ্টি নিক্ষেপ কৰা হ’ব নেকি বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক প্ৰশ্ন কৰে নেতা গৰাকীয়ে (Junmoni Rabha Death Case) ৷  

তেওঁ আৰু কয়, ‘‘এছ পি লীনা দলেৰ বিৰুদ্ধে জোনমণিৰ মাতৃয়ে অভিযোগ আনি এজাহাৰ দাখিল কৰাৰ পিছতো লীনা দলেৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ল (Assam Jatiya Parishad Press Meet) ৷ বিপৰীতে দলেক হাইলাকান্দিলৈ বদলি কৰি পুৰষ্কাৰহে দিলে ৷’’ হাইলাকান্দিলৈ লীনা দলেক চিণ্ডিকেটৰ গুৰি ধৰিবলৈ পঠোৱা হ’ল নেকি বুলিও প্ৰশ্ন কৰে অসম জাতীয় পৰিষদৰ সম্পাদক গৰাকীয়ে (Press Meet of AJP) ৷

আনহাতে, সংবাদমেলত লীনা দলেৰ বিৰুদ্ধে সৰৱ হৈ পৰে দলৰ প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান ৷ তেওঁ কয় যে, লীনা দলেৰ বিৰুদ্ধে অভিযোগ উঠাৰ পিছতে তেওঁক বদলি কৰা হ’ল ৷ লীনা দলেৰ ঘনিষ্ঠ দিছপুৰৰ ক্ষমতাশালী ব্যক্তিৰ পৰিয়ালৰ বাবে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ’ল নেকি বুলি প্ৰশ্ন কৰে তেওঁ (Assam Jatiya Parishad) ৷

লগতে পঢ়ক: Akhil Gogoi Press Meet: অসম চুক্তিৰ 6 নং দফাৰ প্ৰতিবেদন; কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.