ETV Bharat / bharat

Kolkata Tram Service: সময়ৰ সোঁতত বিলিন হৈ পৰিব পাৰে কলিকতাৰ আবেগ ট্ৰাম সেৱা

author img

By

Published : Jun 24, 2022, 10:25 PM IST

হয়তু আৰু কিছু বছৰৰ পাচত কলিকতা চহৰৰ ৰাজপথত দেখিবলৈ পোৱা নাযাব কলিকতাবাসীৰ আবেগ ট্ৰাম (Kolkata Tram Service) ৷ কিয়নো চৰকাৰৰ ফালৰ পৰা এই সেৱা কিছু পৰিমাণে হ্ৰাস কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে ৷ তথ্য অনুসৰি, বৰ্তমান কলিকতাত 252 খন ট্ৰাম আছে যদিও চহৰখনৰ বিভিন্ন ডিপোত প্ৰায় 150 খন ট্ৰাম অ-ব্যৱহৃত অৱস্থাত পৰি আছে ।

Kolkata Tram Service
সময়ৰ সোঁতত বিলিন হৈ পৰিব পাৰে কলিকতাৰ আবেগ ট্ৰাম সেৱা

নেশ্যনেল ডেস্ক, 24 জুন : ট্ৰাম সেৱা কলিকতাবাসীৰ বাবে এক আবেগ (Kolkata Tram Service)৷ অন্য যাতায়ত সেৱাৰ ভিতৰত কলিকতাত এই যাতায়ত সেৱা প্ৰায় 150 বছৰ পুৰণি ৷ এক প্ৰকাৰে ক’ব পাৰি যে, চহৰখনত ট্ৰাম সেৱা হৈছে এছিয়াৰ আটাইতকৈ পুৰণি যাতায়ত সেৱাৰ এক ব্যৱস্থা ৷

অৱশ্যে বৰ্তমান কলিকতাত এই সেৱা কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছে ৷ একাংশৰ অভিযোগ অনুসৰি, অন্য বাহনৰ লেখিয়াকৈ বৈদ্যুতিক চালিত এই বাহনখনে লাহে লাহে ৰাজহ উৎপাদন প্ৰক্ৰিয়াত কিছু বাধাৰ সৃষ্টি কৰিছে ৷ যাৰ ফলত ৰাজহ সংগ্ৰহ প্ৰক্ৰিয়াত এক প্ৰকাৰে হেঙাৰ হৈ থিয় দিছে কলিকতাবাসীৰ আবেগ স্বৰূপ ট্ৰাম সেৱাই ৷

কেইবছৰমান পূৰ্বে, তদানীন্তন পৰিবহণ মন্ত্ৰী আৰু বৰ্তমানৰ বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰীয়ে বিধান সভাত উত্থাপন কৰিছিল যে, ট্ৰামে চহৰখনৰ মাজভাগত অন্য যান-বাহন চলাচল কৰাত কিছু সমস্যাৰ সৃষ্টি কৰিছে । ফলস্বৰূপে, ইতিমধ্যে কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে ।

আনহাতে, ৰাজ্যৰ পৰিবহণ মন্ত্ৰী ফিৰহাদ হাকিমে বৃহস্পতিবাৰে ৰাজ্যৰ বিধানসভাত একেই সতৰ্কতা অৱলম্বন কৰা পৰিলক্ষিত হৈছিল ৷ পৰিবহণ মন্ত্ৰী তথা মেয়ৰ ফিৰহাদ হাকিমে বিধানসভাক কৈছিল যে, ৰাজ্য চৰকাৰে যান-বাহনৰ সমস্যাৰ বাবে ব্যস্ত ৰাস্তাত ট্ৰাম চলাব নিবিচাৰে ৷ ইয়াৰ পৰিৱৰ্তে, ট্ৰামবোৰ এনে কিছু ৰাস্তাত চলিব য'ত যান-জঁট পাতল হয় ।

আনকি বৈদ্যুতিক বাছ বা ট্ৰলী বাছক ট্ৰামৰ বিকল্প হিচাপে বিবেচনা কৰা হৈছে বুলিও মন্তব্য কৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ মতে, যান-জঁট পাতল হোৱা সকলো পথত কলিকতাবাসীৰ আবেগ ট্ৰাম চলিব ৷ ইয়াৰ বিপৰীতে মহানগৰখনৰ মাজভাগত অধিক মাত্ৰাত চলিব বৈদ্যুতিক বাছ (More electric buses will run in the heart of the metropolis) ।

বৰ্তমান চহৰখনত 100 খন বৈদ্যুতিক বাছ আছে আৰু অহা বছৰ 400 খন নতুন বাছ সেৱা মুকলি কৰা হ'ব ৷ এই তথ্য সদৰি কৰে পৰিবহণ মন্ত্ৰীগৰাকীয়ে ৷ তথ্য অনুসৰি, বৰ্তমান কলিকতাত 252 খন ট্ৰাম আছে ৷ ইয়াৰে 8 খন হৈছে একক বগী এচি ট্ৰাম আৰু 8 টা অধিক একক বগী নন-এচি ট্ৰাম ।

বাকী 244 খন হৈছে ডাবল বগী নন-এচি ট্ৰাম । বৰ্তমান টলিগুঞ্জ-বালিগুঞ্জ, গৰিয়াহাট-এস্প্লেনেড আৰু শ্যামবজাৰ-ধৰমতলা পথত ট্ৰাম চলি আছে । অৱশ্যে, পৰিবহণ বিভাগৰ তথ্য মতে, চহৰখনৰ বিভিন্ন ডিপোত প্ৰায় 150 খন ট্ৰাম অ-ব্যৱহৃত অৱস্থাত পৰি আছে ।

ইয়াৰ উপৰিও ট্ৰাম চালকৰ সংখ্যাও হ্ৰাস পাইছে (Number of tram drivers has also decreased by leaps and bounds) । পূৰ্বৰ তুলনাত চালকৰ সংখ্যা 65 শতাংশলৈ হ্ৰাস পাইছে । এই তথ্যৰ ভিত্তিত, ট্ৰাম কোম্পানীটোৰ কিছুমান বিষয়াই আশংকা কৰিছে যে, কেইবছৰ মানৰ পিছত কলিকতাত ট্ৰাম চালক বিচাৰি পোৱাটো কঠিন হ'ব ।

এক প্ৰকাৰে ক’ব পাৰি যে, 150 বছৰ এই পুৰণি যাতায়ত সেৱা আৰু কিছু বছৰৰ পাচত হয়তো নোহোৱা হৈ পৰিব কলিকতাৰ ৰাজপথত (Heritage tram service of Kolkata may cease to exist)৷

লগতে পঢ়ক : আপোনাৰ মোবাইলত এইকেইটা এপ আছে নেকি ? এতিয়াই আঁতৰাই পেলাওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.