Helicopter Shaped Wedding Car : হেলিকপ্টাৰ আকৃতিৰ বিয়াৰ গাড়ীয়ে আলোড়ন তুলিছে বিহাৰত

author img

By

Published : Nov 14, 2022, 6:22 PM IST

Helicopter

হেলিকপ্টাৰ আকৃতিৰ গাড়ীখন আঠ মাহৰ কঠোৰ পৰিশ্ৰমৰ ফল আৰু এইখন বিহাৰৰ কাইমুৰ জিলাৰ মোহনিয়াৰ কিছু বাসিন্দাই নিৰ্মাণ কৰিছে । যদিও গাড়ীখন উৰি নাযায়, কিন্তু ইয়াৰ চাহিদা আৰম্ভণিৰে পৰাই বৃদ্ধি পাইছে (helicopter shaped marriage car of Bihar)।

নিউজ ডেস্ক, ১৪ নৱেম্বৰ : ভাৰতীয়সকল বিবাহ তেওঁলোকৰ আড়ম্বৰপূৰ্ণ আৰু অপব্যয়ৰ প্ৰতি আসক্তিৰ বাবে জনাজাত (Indian weddings tradition) । লগতে নিজৰ বিয়াত বিভিন্ন ধৰণৰ নতুনত্ব সৃষ্টিৰো প্ৰয়াস থাকে । শেহতীয়াভাৱে বিহাৰৰ কাইমুৰ জিলাৰ এখন বিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।

অঞ্চলটোৰ কিছু লোকে দৰা আৰু কইনাক শোভাযাত্ৰাত কঢ়িয়াই নিবৰ বাবে সাজি উলিয়ায় এখন বিশেষ বাহন (car modified into helicopter shaped) । হেলিকপ্টাৰৰ আকৃতিৰ এখন গাড়ী ব্যৱহাৰ কৰি উক্ত বিয়াখনত এক নতুনত্বৰ সংযোগ ঘটায় । যিখন বাহনে দৰ্শনাৰ্থী তথা স্থানীয় ৰাইজৰ মাজত যথেষ্ট জনপ্ৰিয় হৈ পৰে (helicopter car for bride and groom) ।

উক্ত বিবাহ অনুষ্ঠানত ব্যৱহৃত হেলিকপ্টাৰ আকৃতিৰ ৱাগনআৰ গাড়ীখন আঠ মাহৰ কঠোৰ পৰিশ্ৰমৰ অন্তত নিৰ্মাণ কৰা হয় (chopper shaped WagonR car for marriage function) । বাহনখন কাইমুৰ জিলাৰ মোহনিয়া চহৰৰ স্থানীয় বাসিন্দাসকলে নিৰ্মাণ কৰি উলিয়ায় । গাড়ীখনৰ ওপৰত হেলিকপ্টাৰৰ দৰে পাংখা লগোৱা হৈছে ।

অৱশ্যে পাংখাবোৰ হেলিকপ্টাৰৰ ওপৰত লগোৱা পাংখাবোৰৰ তুলনাত চুটি কৰা হয় । গাড়ীখনক বৰ্তমান "দুলহান চলি চচুৰাল" (Dulhan chali sasural) বুলি কোৱা হয় (কইনা তেওঁৰ শহুৰেকৰ ঘৰলৈ যায়) । ভাৰতীয় বিবাহৰ সৈতে সংলগ্ন আড়ম্বৰ আৰু অনুভূতি কঢ়িয়াবলৈ বাহনখনক এনেদৰে নিৰ্মাণ কৰা হয় । কইনাই সমগ্ৰ জীৱন দৰাৰ পৰিয়ালত কটাবলৈ মাক-দেউতাকৰ ঘৰ এৰিবলগা হোৱাৰ বাবেই উক্ত যাত্ৰা স্মৰণীয় কৰিবলৈকে এই পদক্ষেপ গ্ৰহণ কৰা বুলি ৰাইজে প্ৰকাশ কৰে ।

বৰ্তমান উক্ত অনন্য গাড়ীখন কেৱল কাইমুৰেই নহয় ইয়াৰ চুবুৰীয়া জিলাসমূহতো আলোচনাৰ বিষয় হৈ পৰিছে (unique marriage car in Bihar) । ৰোহত, ভোজপুৰ আৰু বাক্সাৰৰ দৰে ওচৰৰ জিলাবোৰৰ পৰা গাড়ীখনৰ অৰ্ডাৰ বাবে আহিছে । আনহাতে, মুম্বাইৰ অমৰনাথ কুমাৰ গুপ্তা নামৰ ব্যক্তিজনে এই ক্ষেত্ৰত বিশেষ আগ্ৰহ প্ৰকাশ কৰে ।

তেওঁ উক্ত গাড়ীখনক এক ভাল বিনিয়োগ হিচাপে গ্ৰহণ কৰে । সেয়ে তেওঁ গাড়ীখন 7 লাখ টকাত ক্ৰয় কৰে আৰু বৰ্তমান দৈনিক 7 হাজাৰ টকাত গাড়ীখন ভাড়াত দিবলৈ আগবাঢ়িছে । গুপ্তাই ঘোষণা কৰে যে ইয়াৰ বুকিং 25 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব । আনহাতে, অন্য জিলাৰ পৰা অৰ্ডাৰ দিবলৈ আগ্ৰহীসকলে তাৰ বাবে অতিৰিক্ত মাচুল পৰিশোধ কৰিব লাগিব ।

উল্লেখ্য, উক্ত কাইমুৰ জিলাৰে বাসিন্দা সন্দীপ কুমাৰ গুপ্তাৰ ওচৰত একে ধৰণৰ আন এখন গাড়ী আছে আৰু তেওঁ সেইখন বিয়াৰ বাবে ভাড়া দিয়ে । তেওঁ কয় যে মানুহে গাড়িখনৰ বাবে আগতীয়াকৈ অৰ্ডাৰ দিয়া আৰম্ভ কৰিছে । বিশেষভাৱে সজাই তোলা এই বিয়া গাড়ীখন বিবাহৰ মুখ্য আকৰ্ষণ হৈ পৰিছে আৰু ইয়াৰ আকৰ্ষণে চাহিদা যথেষ্ট বৃদ্ধি কৰি তুলিছে ।

লগতে পঢ়ক :Hemamalini in Assam : ৰাস চাবলৈ আহিছে ড্ৰীম গাৰ্ল হেমামালিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.