ETV Bharat / bharat

বানত বিধ্বস্ত তামিলনাডু; আবতৰীয়া বৰষুণত বিপৰ্যস্ত জনজীৱন

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 1:52 PM IST

heavy rains hits Tamil Nadu
বানত বিধ্বস্ত তামিলনাডু; আবতৰীয়া বৰষুণত বিপৰ্যস্ত জনজীৱন

Heavy Rains in Tamil Nadu : ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ২-৩ দিনত তামিলনাডুত ধাৰাসাৰৰ পৰা অতি ধাৰাসাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে । ৰাজ্য চৰকাৰে সোমবাৰে প্ৰচুৰ বৰষুণৰ বাবে তিৰুনেলভেলি, থুথুকুডি, কন্যাকুমাৰী আৰু টেংকাচী জিলাৰ সকলো বিদ্যালয়, মহাবিদ্যালয়, ব্যক্তিগত প্ৰতিষ্ঠান, বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানৰ বাবে বন্ধ ঘোষণা কৰিছে । আনহাতে, ধাৰাসাৰ বৰষুণৰ বাবে বন্দে ভাৰতকে ধৰি বিভিন্ন ৰে'লৰ সেৱা বাতিল কৰা হৈছে ।

নিউজ ডেস্ক, ১৮ ডিচেম্বৰ : দেওবাৰে দক্ষিণ তামিলনাডুত ধাৰাসাৰ বৰষুণৰ ফলত থুথুকুডি, কান্নিয়াকুমাৰী, তিৰুনেলভেলি আৰু টেংকাচী জিলাৰ কেইবাটাও অঞ্চল প্লাবিত হয় । যাৰ ফলত সোমবাৰে বন্দে ভাৰতকে ধৰি বহুকেইখন ৰে'লৰ সেৱা বাতিল কৰা হয় । আনহাতে, সোমবাৰে বতৰ বিজ্ঞান বিভাগে (আইএমডি) দক্ষিণৰ জিলাসমূহত অধিক বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে ।

ধাৰাসাৰ বৰষুণৰ বাবে দক্ষিণ ৰে'লৱেয়ে জাৰি কৰা এক জাননী অনুসৰি, তিৰুনেলভেলি আৰু চেন্নাইৰ মাজত দুয়োটা দিশত চলাচল কৰা বন্দে ভাৰত ৰে'ল সেৱা বাতিল কৰা হৈছে । বৰষুণৰ বাবে বাতিল কৰা আন ৰে'লবোৰ হৈছে চেন্নাইৰ পৰা যাবলগা গুৰুভায়ুৰ এক্সপ্ৰেছ, তিৰুচিৰাপল্লী-তিৰুৱন্তপুৰম এক্সপ্ৰেছ, নাগৰকইল-কয়েম্বটুৰ এক্সপ্ৰেছ, তিৰুনেলভেলি-তিৰুচেন্দুৰ পেছেঞ্জাৰ আৰু নিজামুদ্দিন-কান্নিয়াকুমাৰী এক্সপ্ৰেছ ।

আবতৰীয়া বৰষুণত বিপৰ্যস্ত তামিলনাডুৰ জনজীৱন
আবতৰীয়া বৰষুণত বিপৰ্যস্ত তামিলনাডুৰ জনজীৱন

আনহাতে, পাৰ্ল চিটি এক্সপ্ৰেছ কোবিলপট্টি জংচনত ৰখাই থৈ ইয়াৰ সেৱা আংশিকভাৱে বাতিল কৰা হৈছে । চেন্নাই এগম'ৰ-কুইলন এক্সপ্ৰেছ ৰে'লখন বিৰুধুনগৰত ৰখাই দিয়া হৈছে । লগতে তাম্বাৰাম-নাগৰকইল এক্সপ্ৰেছ কোডাইকানাল ৰোড ষ্টেচনত ৰখাই থোৱা হৈছে ।

পৰিবহণ বিভাগৰ সূত্ৰ মতে, উক্ত তিনিখন জিলালৈ আন অঞ্চলৰ পৰা বাছ সেৱা বন্ধ কৰি দিয়া হৈছে । প্ৰচণ্ড বানপানীৰ বাবে আঞ্চলিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত আন্তঃজিলা সেৱাও বন্ধ কৰা হৈছে ।

উল্লেখ্য যে থামিৰাবাৰানী নদীৰ জলস্তৰ জল সম্পদ বিভাগে নিৰন্তৰ নিৰীক্ষণ কৰি আছে । আনহাতে, বানপানীৰ সময়ত উপচি পৰা নদীখনৰ অতিৰিক্ত পানী দক্ষিণ তামিলনাডুত নদী সংযোগী প্ৰকল্পৰ অধীনত শুকান অঞ্চললৈ এৰি দিয়াৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে । লগতে ষ্টেলিনে তেওঁৰ কেবিনেট মন্ত্ৰীসকলক বৰষুণত ক্ষতিগ্ৰস্ত জিলাসমূহলৈ পৰ্যবেক্ষণ আৰু সাহায্যৰ কাম চলাবলৈ প্ৰেৰণ কৰিছে ।

ইফালে পেচিপাৰাই, পেৰুঞ্জানি আৰু পাপানাচাম বান্ধৰ পৰা অতিৰিক্ত পানী এৰি দিয়া হৈছে আৰু দুই লাখতকৈও অধিক স্থানীয় লোকলৈ সতৰ্কবাৰ্তা প্ৰেৰণ কৰা হৈছে ।

ইফালে আঞ্চলিক বতৰ কাৰ্যালয়ৰ এক বুলেটিনত কোৱা হৈছে যে বৰ্তমান কমোৰিন এলেকা আৰু ইয়াৰ চুবুৰীয়া অঞ্চলত এক ঘূৰ্ণীবতাহ দেখা গৈছে । যিটো মধ্য-ট্ৰপোস্ফেৰিক স্তৰলৈকে বিস্তাৰণ ঘটিছে । এই ঘূৰ্ণীবতাহ শনিবাৰে দক্ষিণ শ্ৰীলংকা উপকূলৰ বিষুৱীয় ভাৰত মহাসাগৰ আৰু ওচৰৰ দক্ষিণ-পশ্চিম বংগোপসাগৰৰ ওপৰত নিম্ন ট্ৰপোস্ফেৰিক স্তৰত আছিল । ইয়াৰ ফলতে ১৬ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰৰ পুৱালৈকে থুথুকডি, তিৰুনেলভেলি, কান্নিয়াকুমাৰী আৰু টেংকাচী জিলাত ধাৰাসাৰ বৰষুণ হয় ।

আনহাতে, দক্ষিণৰ কেইবাখনো অঞ্চলত বানপানীৰ পৰিপ্ৰেক্ষিতত দ অঞ্চলৰ ঘৰত পানী প্ৰৱেশ কৰাৰ লগতে হাজাৰ হাজাৰ বাহন আবদ্ধ হৈ পৰিছে । লগতে কেইখনমান চিকিৎসালয়ৰ চৌহদতো পানী জমা হোৱাৰ খবৰ পোৱা গৈছে । প্ৰশাসনে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে । ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ দল মোতায়েন কৰা হৈছে । স্থানীয় কৰ্তৃপক্ষ আৰু আৰক্ষীয়ে বান কবলিত আৰু বিপদাশংকা থকা অঞ্চলৰ পৰা লোকসকলক সাহায্য শিবিৰলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰিছে ।

লগতে পঢ়ক :শালমালা নদীত ডুব গ’ল একেটা পৰিয়ালৰ 5 গৰাকী সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.