ETV Bharat / bharat

ৰামদেৱৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

author img

By

Published : Aug 18, 2021, 1:19 PM IST

ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন (IMA) আৰু বাবা ৰামদেৱৰ মাজৰ বিবাদ অব্যাহত আছে । বুধবাৰে ৰামদেৱৰ বিবৃতিৰ বিৰুদ্ধে IMA-এ দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে ।

hearing on petition filed against baba ramdev
ৰামদেৱৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : যোগগুৰু বাবা ৰামদেৱৰ (Baba Ramdev) প্ৰতিষ্ঠান পতঞ্জলিয়ে কৰ'ণাৰ ঔষধ 'ক’ৰ'নিল' (Coronil) প্ৰস্তুত কৰিছিল । তাৰ পাছতে ৰামদেৱে এল’পেথিক সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল । আনকি চিকিৎসা বিজ্ঞানক তেওঁ প্ৰত্যাহ্বান জনাইছিল । ৰামদেৱৰ এনে আচৰণৰ পাছতে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল চিকিৎসক তথা বিজ্ঞানীসকলে । লগতে ৰামদেৱৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছিল চিকিৎসক সংস্থা ।

বাবা ৰামদেৱৰ কথিত মিছা দাবীৰ ওপৰত স্থগিতাদেশ বিচাৰি এইমছৰ আৱাসিক চিকিৎসক সংস্থাই আবেদন দাখিল কৰিছিল । অৱশেষত স্থগিতাদেশ সন্দৰ্ভত বুধবাৰে শুনানি গ্ৰহণ কৰিব দিল্লী উচ্চ ন্যায়ালয়ে (Delhi High Court) । ন্যায়াধীশ চি হৰিশংকৰৰ এক বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব । ১৬ আগষ্টত আদালতে ৰামদেৱক ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিছিল ।

ইয়াৰ পূৰ্বে আদালতে ৩০ জুলাইত বাবা ৰামদেৱক জাননী জাৰি কৰিছিল ।

আবেদনখনত কোৱা হৈছিল যে, বাবা ৰামদেৱে চিকিৎসকৰ উপৰিও বিজ্ঞানক ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাইছে । তেওঁৰ মন্তব্যই বহুতকে ক্ষতি কৰিছে । যাৰ বাবে তেওঁলোকে চিকিৎসা বিজ্ঞানক প্ৰত্যাহ্বান জনাইছে । আবেদনখনত লগতে কোৱা হৈছিল যে, বাবা ৰামদেৱ এগৰাকী অতি প্ৰভাৱশালী ব্যক্তি আৰু বহুতো লোকৰ ক্ষেত্ৰত তেওঁৰ প্ৰভাৱ আছে ।

সেয়ে তেওঁৰ মন্তব্যই অনুৰাগীসকলক প্ৰভাৱিত কৰে । আনকি বাবা ৰামদেৱে এল’পেথিক সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্য সন্দৰ্ভত IMA- এ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীক ৰামদেৱৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছিল । কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে বাবা ৰামদেৱকো তেওঁৰ বক্তব্য উঠাই ল’বলৈ আহ্বান জনোৱা হৈছিল । আইএমএয়ে বাবা ৰামদেৱৰ বিৰুদ্ধে আইনী জাননী প্ৰেৰণ কৰিছিল ।

লগতে পঢ়ক : আফগানিস্তানৰ পৰা নাটো সেনা প্ৰত্যাহাৰ সম্পৰ্কে কি ক'লে পাকিস্তানী ৰাষ্ট্ৰদূতে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.