ETV Bharat / bharat

India Covid Measures : চিকিৎসা অক্সিজেন যোগান সন্দৰ্ভত ৰাজ্যসমূহলৈ পত্ৰ স্বাস্থ্য মন্ত্ৰালয়ৰ

author img

By

Published : Dec 24, 2022, 3:21 PM IST

Covid
Covid

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে শনিবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ কোভিড-১৯ মহামাৰী ব্যৱস্থাপনাৰ বাবে চিকিৎসা অক্সিজেনৰ কাৰ্যকৰী আৰু নিয়মীয়া যোগান নিশ্চিত কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে (Health Ministry letters on medical oxygen supply) ।

নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে (Ministry of Health and Family Welfare) শনিবাৰে সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ কোভিড-১৯ মহামাৰী ব্যৱস্থাপনাৰ (Covid19 pandemic management) বাবে চিকিৎসা অক্সিজেনৰ কাৰ্যকৰী আৰু নিয়মীয়া যোগান নিশ্চিত কৰিবলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ।

যদিও দেশত কোভিড সংক্ৰমণৰ ঘটনা কম তথাপি চিকিৎসা আন্তঃগাঁথনিৰ কাৰ্যকৰীকৰণ আৰু তত্ত্বাৱধান বৃদ্ধিৰ বাবে মন্ত্ৰালয়ে পত্ৰৰ জৰিয়তে নিৰ্দেশ দিছে (Health Ministry letters on medical oxygen supply) । লগতে মন্ত্ৰালয়ে ৰাজ্যসমূহক পিএছএ প্ৰকল্পসমূহ (PSA plants) সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰি ৰাখিবলৈ আৰু সেইবোৰ পৰীক্ষা কৰিবলৈ নিয়মীয়া মক ড্ৰিল অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে । তদুপৰি, ৰাজ্যসমূহে স্বাস্থ্য সুবিধাসমূহত তৰল চিকিৎসা অক্সিজেনৰ (Liquid Medical Oxygen) নিৰৱচ্ছিন্ন যোগান আৰু সেইবোৰৰ পুনৰ ভৰ্তি কৰাটো নিশ্চিত কৰিব লাগে বুলিও কোৱা হৈছে ।

অক্সিজেন সম্পৰ্কীয় সমস্যা আৰু প্ৰত্যাহ্বানৰ দ্ৰুত সমাধানৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ স্তৰত অক্সিজেন নিয়ন্ত্ৰণ কক্ষবোৰ পুনৰুজ্জীৱিত কৰিব লাগে । দৈনিক অক্সিজেনৰ চাহিদা আৰু ব্যৱহাৰৰ বাবে অ'ডিএএছ প্লেটফৰ্মত (ODAS platform) অক্সিজেন ব্যৱহাৰ কৰা সকলো স্বাস্থ্যসেৱা সুবিধাৰ পৰ্যাপ্ততা নিৰীক্ষণ কৰিব লাগে বুলিও পত্ৰখনত কোৱা হৈছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ মনসুখ মাণ্ডৱিয়াই (Union Health Minister Dr Mandaviya) কয় যে চীন, জাপান, দক্ষিণ কোৰিয়া, হংকং আৰু থাইলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ বাবে এয়াৰ সুবিধা পৰ্টেল (Air Suvidha portal) কাৰ্যকৰী কৰা হ'ব । ইফালে শনিবাৰে দিল্লী বিমানবন্দৰত আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ যাদৃচ্ছিক কৰোনা ভাইৰাছ পৰীক্ষা (random coronavirus testing) আৰম্ভ হয় । প্ৰতিখন আন্তঃৰাষ্ট্ৰীয় বিমানত অহা দুই শতাংশ যাত্ৰীক এতিয়া বিমানবন্দৰত যাদৃচ্ছিক কৰোনা ভাইৰাছ পৰীক্ষাকৰা হ'ব ।

উল্লেখ্য, চীন, জাপানকে ধৰি বিশ্বৰ কেইখনমান দেশত শেহতীয়াকৈ কোভিড-১৯ৰ নতুন প্ৰকৰণ বি এফ-৭ৰ সংক্ৰমণ ধৰা পৰিছে ৷ বিশেষকৈ চীনত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিডৰ এই নতুন প্ৰকাৰ (Covid-19 Omicron Sub-Variant BF.7) ৷ এই লৈ এতিয়া চিন্তিত হৈ পৰিছে দেশবাসী ৷ অৱশ্যে কোভিড-১৯ৰ নতুন ভেৰিয়েণ্ট বি এফ-৭ক লৈ দেখা দিয়া আশংকা দূৰ কৰি শুকুৰবাৰে দেশৰ এগৰাকী বিশিষ্ট তথা জ্যেষ্ঠ বিজ্ঞানীয়ে কয় যে বি এফ-৭ ভেৰিয়েণ্ট হৈছে অ’মিক্ৰণৰ উপ-ভেৰিয়েণ্ট (Omicron strain) ৷

অৱশ্যে বি এফ-৭ ভেৰিয়েণ্টক লৈ ভাৰতে চিন্তা কৰাৰ বিশেষ কোনো প্ৰয়োজন নাই । সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বাংগালুৰুৰ টাটা ইনষ্টিটিউট ফৰ জেনেটিক্স এণ্ড ছ’চাইটীৰ (Tata Institute for Genetics and Society) সঞ্চালক ৰাকেশ মিশ্ৰই (Rakesh Mishra Director) অৱশ্যে সকলোকে সকীয়াই দি কয় যে ফেচ মাস্ক পৰিধান কৰা আৰু অপ্ৰয়োজনীয় ভিৰৰ পৰা আঁতৰি থকাটো সদায় উপযুক্ত ।

লগতে পঢ়ক :Covid-19 Omicron Sub-Variant BF.7: ভাৰতৰ বাবে চিন্তনীয় নহয় ক’ভিডৰ নতুন প্ৰকাৰ: জ্যেষ্ঠ বিজ্ঞানী ৰাকেশ মিশ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.