ETV Bharat / bharat

Crime Against Women: বিবাহিতা মহিলাৰ চুলি কাটি মুখ ক’লা কৰি পেৰেড কৰালে স্বামীৰ পৰিয়ালে

author img

By ETV Bharat Assamese Team

Published : Sep 15, 2023, 10:52 PM IST

Crime Against Women
মানৱতাক লজ্জিত কৰা এটা ঘটনা

মানৱতাক লজ্জিত কৰা এটা ঘটনা পোহৰলৈ আহিছে ৷ ঘটনাটো ঘটিছে হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাত । স্বামীৰ পৰিয়ালৰ লোকে মহিলাগৰাকীৰ চুলি কাটি মুখখনত ক’লা ৰং সানি গাঁৱৰ চাৰিওফালে পেৰেড কৰোৱাই । সবিশেষ আগলৈ-

নেশ্যনেল ডেস্ক, 15 ছেপ্টেম্বৰ : হিমাচল প্ৰদেশৰ হামিৰপুৰ জিলাত সংঘটিত হৈছে মানৱতাক লজ্জিত কৰা এক ঘটনা । শহুৰৰ পৰিয়ালে বিবাহিত মহিলা এগৰাকীৰ চুলি কাটি মুখখন ক’লা কৰি পেৰেড কৰোৱাইছে । ভোৰঞ্জ আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে । এই ঘটনা ১৫ দিন পূৰ্বে সংঘটিত হোৱা বুলি খবৰ আহিছে । আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈছে ৷ ঘটনা সন্দৰ্ভত বিবাহিতা মহিলাগৰাকীৰ বক্তব্য শুকুৰবাৰে ভোৰঞ্জ থানাত ৰেকৰ্ড কৰা হৈছে ।

এই গোচৰৰ অভিযুক্তসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি জানিব পৰা গৈছে । বৰ্তমান সময়ত ভুক্তভোগী মহিলাগৰাকীৰ চিকিৎসাৰ প্ৰক্ৰিয়া চলি আছে । ১৫ দিনৰ পাচতো ঘটনা সন্দৰ্ভত গোচৰ পঞ্জীয়ন নোহোৱাত স্থানীয় আৰক্ষীৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন হৈছে । অৱশ্যে এই ঘটনা পোহৰলৈ অহাৰ পিচত দুয়োপক্ষৰ মাজত কথাটো নিষ্পত্তি হোৱাত এই গোচৰ ৰুজু কৰা নহ’ল বুলি কোৱা হৈছে । এই ঘটনাৰ ভিডিঅ’ও পোহৰলৈ আহিছে, য’ত স্পষ্টকৈ দেখা যায় যে মহিলাগৰাকীৰ চুলি কাটি দিয়া হৈছে, মুখখন ক’লা কৰা হৈছে আৰু তেওঁক গাঁৱত ঘূৰাই লৈ ফুৰোৱা হৈছে । ১৫ দিনৰ অন্তত অৱশেষত ভোৰঞ্জ আৰক্ষী থানাত উপস্থিত হৈ মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে ।

‘ছ’চিয়েল মিডিয়াৰ জৰিয়তে আৰক্ষীৰ দৃষ্টিগোচৰ হৈছে ভিডিঅ’টো ।এই গোচৰত ভোৰঞ্জ থানাত ৰুজু হৈছে এফআইআৰ । মহিলাগৰাকীৰ বক্তব্য ৰেকৰ্ডিং কৰি থকা হৈছে । বিষয়টোত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । মহিলাগৰাকীৰ এই বক্তব্য CrPC 154C ৰ অধীনত লিপিবদ্ধ কৰা হৈছে ’। এছ পি হামিৰপুৰ ডাঃ আকৃতি শৰ্মা

জানিব পৰা মতে, ভুক্তভোগী মহিলাগৰাকীয়ে পৰিয়ালক অৱগত নকৰাকৈয়ে ঘৰৰ পৰা ওলাই গৈছিল । তিনি-চাৰি মাহৰ মূৰত যেতিয়া মহিলাগৰাকী ঘৰলৈ উভতি আহিছিল, তেতিয়া তেওঁৰ পৰিয়ালে চুলি কাটি, মুখখন ক’লা কৰি গাঁৱৰ চাৰিওফালে পেৰেড কৰোৱাইছিল । যাৰ ভিডিঅ’ও ৰেকৰ্ডিং কৰা হৈছে । মহিলাগৰাকীয়ে কয় যে এই অসৎ আচৰণ তেওঁৰ লগত ৩১ আগষ্টৰ পাঁচ বজাত সংঘটিত হৈছিল । মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত পৰিয়ালৰ লোকৰ লগতে একাংশ গাঁৱৰ লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।

ঘটনা সন্দৰ্ভত মুখ্য সচিব প্ৰবোধ চাক্সেনাই কয়, ‘এই বিষয়টো দুৰ্ভাগ্যজনক আৰু দুখজনক । হিমাচল প্ৰদেশত এনে ঘটনা পোহৰলৈ নাহেই । স্থানীয় প্ৰশাসন উপস্থিত হৈ তদন্ত কৰি থকা বুলিও তেওঁ জানিবলৈ দিয়ে । তেওঁ কয় যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে পঢ়ক : Man kills wife: পত্নীক হত্যা কৰি, কাটি টুকুৰা টুকুৰ কৰি নদীত পেলালে স্বামীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.