ETV Bharat / bharat

Gyanvapi case: শুনানিৰ পূৰ্বে জ্ঞানবাপীৰ সন্দৰ্ভত এটাৰ পিচত আন এটা নতুন গোচৰ ৰুজু

author img

By

Published : Aug 3, 2023, 8:31 AM IST

Gyanvapi case
শুনানিৰ পূৰ্বে জ্ঞানৱাপীৰ সন্দৰ্ভত এটাৰ পিচত আন এটা নতুন গোচৰ ৰুজু

সমগ্ৰ দেশতে চৰ্চিত জ্ঞানবাপীৰ সন্দৰ্ভত বৃহস্পতিবাৰে চলিব শুনানি ৷ মন্দিৰ নে মছজিদ সন্দৰ্ভত চলি থকা গোচৰৰ আজি এলাহাবাদ উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি হ’ব ৷ কিন্তু শুনানিৰ পূৰ্বে বাৰাণসীত এটাৰ পিচত আন এটা নতুন গোচৰ ৰুজু কৰা হৈছে ।

নেশ্যনেল ডেস্ক, 3 আগষ্ট: সমগ্ৰ দেশতে সম্প্ৰতি চৰ্চা লাভ কৰা এটা বিষয় হৈছে জ্ঞানবাপী মছজিদ ৷ এই সন্দৰ্ভত ইতিমধ্যে আদলতত চলি আছে গোচৰ প্ৰক্ৰিয়া ৷ মন্দিৰ নে মছজিদ সন্দৰ্ভত চলি থকা গোচৰৰ আজি এলাহাবাদ উচ্চ ন্যায়ালয়ত গুৰুত্বপূৰ্ণ শুনানি হ’ব ৷ কিন্তু শুনানিৰ পূৰ্বে বাৰাণসীত এটাৰ পিচত এটাকৈ নতুন গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ পূৰ্বেও চিভিল জজ্ জ্যেষ্ঠ বিভাগৰ শিখা যাদৱৰ আদালতত শীঘ্ৰে উপাসনা কৰা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল ।

Gyanvapi case
শুনানিৰ পূৰ্বে জ্ঞানৱাপীৰ সন্দৰ্ভত এটাৰ পিচত আন এটা নতুন গোচৰ ৰুজু

জ্যোতিষ পীঠাধেশ্বৰ শংকৰাচাৰ্য স্বামী, অবিমুক্তিশ্বেৰানন্দ সৰস্বতীৰ শিষ্য আৰু ডলি ৰথ যাত্ৰাৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া শৈলেন্দ্ৰ যোগীৰাজে চৰকাৰৰ তৰফৰ গোচৰটো দাখিল কৰিছিল ৷ দাখিল কৰা গোচৰটোত কোৱা হৈছে যে, জ্ঞানবাপীত সনাতন ধৰ্ম অনুসৰণ কৰা লোকসকলে মাটিৰে নিৰ্মিত শিৱ লিংগ তৈয়াৰ কৰি উপাসনা কৰাৰ ব্যৱস্থা আছে । জ্ঞানবাপীত এটা শিৱ লিংগ দেখা গৈছে । এনে পৰিস্থিতিত শাওণ মাহৰ এই সময়ত শিৱ লিংগ উপাসনা কৰাটো অতি তাৎপৰ্যপূৰ্ণ । সেয়েহে বিশ্বেশ্বৰৰ শিৱ লিংগৰ উপাসনা আৰু উপভোগ কৰাৰ অধিকাৰ শীঘ্ৰে দিয়া উচিত ।

এই সন্দৰ্ভত অধিবক্তা ড৹ এছ কে দ্বিবেদীয়ে কয়, ‘‘শাওণ মাহত উপাসনা কৰাৰ অধিকাৰ পোৱাটো আমাৰ প্ৰয়োজনীয় ।’’ আনহাতে, অধিবক্তা ড৹ এছ কে দ্বিবেদীয়ে কৰা উপাসনা কোনে কৰিব বা কেতিয়া কৰিব সেই সন্দৰ্ভত কৰা যুক্তি বিৰোধিতা কৰিছে চৰকাৰী অধিবক্তা মহেন্দ্ৰ পাণ্ডেয়ে ৷

জ্ঞানৱাপী মছজিদ নে মন্দিৰ বা হিন্দু নে মছলমানৰ এই স্পৰ্শকাতৰ বিষটোৱে বিগত 1 বছৰৰো আধিক কাল বিতৰ্কত আছে ৷ আনহাতে এলাহাবাদ উচ্চ ন্যায়ালয়ে বাৰাণসী জিলা আদালতৰ আদেশৰ বিৰুদ্ধে কৰা আবেদনৰ ওপৰত ৩ আগষ্টলৈকে ৰায় স্থগিত ৰাখিছিল ৷

লগতে পঢ়ক: Modi surname row: ক্ষমা নোখোজে ৰাহুল গান্ধীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.