ETV Bharat / bharat

Gyanvapi ASI Survey : দুদিনৰ বিৰতিৰ পিছত আজিৰে পৰা পুনৰ আৰম্ভ জ্ঞানবাপী জৰীপ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:42 PM IST

বাৰাণসীৰ জ্ঞানবাপী চৌহদৰ এএছআই জৰীপ চলি আছে । আদালতে জৰীপৰ সময়সীমা চাৰি সপ্তাহলৈ বৃদ্ধি কৰিছে । দলটোৱে ৬ অক্টোবৰত প্ৰতিবেদন দাখিল কৰিব লাগিব ।

Gyanvapi ASI Survey
Gyanvapi ASI Survey

নিউজ ডেস্ক, ৯ ছেপ্টেম্বৰ : দুদিনৰ পিছত জ্ঞানবাপী চৌহদত শনিবাৰে পুনৰ এএছআই জৰীপ আৰম্ভ হয় । শুকুৰবাৰে বাৰাণসী জিলা আদালতে জৰীপৰ বাবে আঠ সপ্তাহৰ পৰিৱৰ্তে চাৰি সপ্তাহ অতিৰিক্ত সময় প্ৰদান কৰিছিল । ইয়াৰ কোনো লিখিত আদেশ নথকাত মুছলমান পক্ষই প্ৰতিবাদ কৰিছিল । লগতে দলটোক ভিতৰলৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল । ইয়াৰ বাবে জৰীপ কাৰ্য শুকুৰবাৰে কৰিব পৰা নাছিল । বৃহস্পতিবাৰে আবেলিৰ পৰা জৰীপৰ কাম স্থগিত আছিল ।

মুছলিম পক্ষই কৈছিল যে আদালতৰ নিৰ্দেশ অনুসৰি ২ ছেপ্টেম্বৰত পদক্ষেপ গ্ৰহণৰ সময় সম্পূৰ্ণ হৈছে । যেতিয়ালৈকে আদালতে পৰৱৰ্তী পদক্ষেপ অব্যাহত ৰখাৰ নিৰ্দেশ নিদিয়ে তেতিয়ালৈকে পদক্ষেপ আৰম্ভ কৰিবলৈ অনুমতি দিয়া নহ'ব । ইয়াৰ বাবে জৰীপটো কৰিব পৰা হোৱা নাছিল । অৱশ্যে আদালতৰ নিৰ্দেশৰ পিছত শনিবাৰে পুনৰ জৰীপ কাৰ্য আৰম্ভ হয় । দলটোৱে পুৱা ৮ বজাত মছজিদটোৰ চৌহদত প্ৰৱেশ কৰে । জৰীপ সন্ধিয়া ৫ বজালৈকে অব্যাহত থাকে । দলটোৱে ৬ অক্টোবৰৰ ভিতৰত এএছআইৰ ওচৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

উল্লেখ্য যে ২১ জুলাইত বাৰাণসী জিলা আদালতৰ নিৰ্দেশৰ পিছত ২৪ জুলাইত এই জৰীপ আৰম্ভ কৰা হৈছিল । কিন্তু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত বিয়লি জৰীপ কাৰ্য বন্ধ কৰিবলগা হয় । ৩ আগষ্টত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত ৪ আগষ্টত জৰীপ পুনৰ আৰম্ভ হয় । আনহাতে, এএছআই দলৰ পৰা ইয়াৰ বাবে ৪ সপ্তাহৰ সময় বিচৰা হৈছিল । আদালতে ২ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । কিন্তু কামটো সম্পূৰ্ণ নোহোৱাৰ বাবে এএছআয়ে ২ ছেপ্টেম্বৰত আবেদন দাখিল কৰিছিল আৰু অতিৰিক্ত ৮ সপ্তাহৰ সময় বিচাৰিছিল । আদালতে শুকুৰবাৰে শুনানি প্ৰদানৰ সময়ত দলটোক ৮ সপ্তাহৰ পৰিৱৰ্তে ৪ সপ্তাহ সময় প্ৰদান কৰে । প্ৰতিবেদনখন ৬ অক্টোবৰত দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

আনহাতে, কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে শনিবাৰে পুৱা ৪০ জনীয়া এএছআই দলে জ্ঞানবাপী চৌহদত পুনৰ প্ৰৱেশ কৰে । তাৰ পিছতে জৰীপ কাৰ্য আৰম্ভ কৰে । এই ২৮ দিনত দলটোৱে উক্ত স্থানবোৰ জৰীপ কৰিব য'ত এতিয়ালৈকে যন্ত্ৰবোৰ ব্যৱহাৰ কৰা হোৱা নাই । বৰ্তমান দলটোৱে কাৰ্য অব্যাহত ৰাখিছে । ইয়াৰ বাবে ৪ নম্বৰ কাশী বিশ্বনাথ মন্দিৰ চৌহদৰ বাহিৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে ।

লগতে পঢ়ক :Gyanvapi ASI Survey : জ্ঞানবাপী জৰীপৰ বাবে অতিৰিক্ত ৮ সপ্তাহ সময়ৰ অনুমতি আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.