ETV Bharat / bharat

Gun Fire on Sri ram sena President: বেলাগাভিত শ্ৰী ৰামসেনাৰ সভাপতিৰ ওপৰত গুলীচালনা

author img

By

Published : Jan 8, 2023, 12:17 PM IST

Gun Fire on Sri ram sena President in Belagavi
শ্ৰী ৰাম সেনাৰ সভাপতিৰ ওপৰত গুলীচালনা

বেলাগাভিত চাঞ্চল্যকৰ ঘটনা । শ্ৰী ৰাম সেনাৰ সভাপতিৰ ওপৰত গুলীচালনা(Gun Fire on Sri ram sena President in Belagavi) । গুলীচলনাত আহত হয় শ্ৰী ৰাম সেনা বেলাগাভিৰ সভাপতি ৰবিকুমাৰ কোকিটকাৰ আৰু তেওঁৰ চালক মনোজ দেচুৰাকাৰ(Miscreants gun fire on Sri ram sena President) ।

নেশ্য়নেল ডেস্ক,৮ জানুৱাৰী: দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত শ্ৰী ৰামসেনাৰ বেলাগাভিৰ সভাপতি ৰবিকুমাৰ কোকিটকাৰ (Gun Fire on Sri ram sena President in Belagavi) । বেলাগাভিৰ হিন্দালগা গাঁৱৰ ওচৰত দুৰ্বৃত্তৰ আক্ৰমণত আহত শ্ৰী ৰাম সেনাৰ সভাপতি আৰু তেওঁৰ চালকজনক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত । জানিবপৰা মতে বাইকেৰে অহা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে শ্ৰী ৰাম সেনাৰ নেতাগৰাকীৰ ওপৰত(Miscreants gun fire on Sri ram sena President) । আক্ৰমণত ঢলি পৰে ৰবিকুমাৰ কোকিটকাৰ আৰু তেওঁৰ চালক মনোজ দেচুৰাকাৰ । স্থানীয় ৰাইজৰ তৎপৰতাত নেতাগৰাকীক ভৰ্তি কৰোৱা হয় চিকৎসালয়ত ।

প্ৰাপ্ত তথ্য অনুসৰি, ৰবি কোকিটকাৰ আৰু আন ৩ জনে এখন গাড়ীত বেলাগাভিৰ পৰা হিন্দালাগা গাঁৱৰ দিশে আহি আছিল । সন্ধ্যা ঠিক ৭.৩০-৭.৪৫ বজাৰ ভিতৰত বাইকত অহা অচিনাক্ত দুৰ্বৃত্তই সংঘটিত এই গুলীচালনাৰ ঘটনা । গাড়ীখনত ৰবিকে ধৰি চাৰিজন মানুহ আছিল বুলি জানিব পৰা গৈছে । আক্ৰমণত গুলীবিদ্ধ হয় ৰবি আৰু চালকৰ আসনত থকা মনোজ দেচুৰাকাৰ । শ্ৰী ৰামসেনাৰ বেলাগাভিৰ সভাপতি ৰবিকুমাৰ কোকিটকাৰৰ থুতৰিৰ ওচৰত গুলী লাগে বুলি জানিব পৰা গৈছে ।

ইফালে চালক মনোজ দেচুৰাকাৰৰ হাতত গুলী লাগে বুলি আৰক্ষীয়ে সদৰি কৰে । কোনে আৰু কি কাৰণত এই আক্ৰমণ চলাইছিল সেই সন্দৰ্ভত বৰ্তমানলৈ কোনো তথ্য পোহৰলৈ অহা নাই । এই ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে চাৰিটা দল গঠন কৰা হৈছে আৰু যিমান সম্ভৱ সোনকালে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি আৰক্ষীয়ে উল্লেখ কৰে । লগতে ৰাইজ যাতে শান্ত হৈ থাকে আৰু উৰা বাতৰিত মন নিদিয়ে তাৰবাবে আহ্বান জনাই বেলাগাভি মহানগৰ আৰক্ষী আয়ুক্ত(Belagavi City Police Commissioner) ড৽ এম বি বোৰালিংগাই । সতৰ্কতামূলক ব্যৱস্থা হিচাপে চহৰখনৰ সংবেদনশীল অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰাৰ কথাও উল্লেখ কৰে বেলাগাভি মহানগৰ আৰক্ষী আয়ুক্তগৰাকীয়ে ।

শ্ৰী ৰাম সেনাৰ সভাপতি প্ৰমোদ মুথালিকে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে । তেওঁ কয় যে শ্ৰী ৰাম সেনা হিন্দুসকলৰ হিতৰ বাবে কাম কৰা এটা সংগঠন । দুৰ্বৃত্তৰ বুলেট, বোমা আৰু তৰোৱালক ভয় নকৰে বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে দুৰ্বৃত্তক সকিয়ণী প্ৰদান কৰে । এনে অঞ্চলসমূহত চিচিটিভি স্থাপনৰ দাবীও উত্থাপন কৰে সভাপতিগৰাকীয়ে । দেওবাৰে ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিবলৈ দিয়ে প্ৰমোদ মুথালিকে । লগতে দুৰ্বৃত্তক এই ধৰণৰ হিংসা বন্ধ কৰাৰ আহ্বান জনাই দেওবাৰে বেলাগাভিত হিন্দু সমাযোজ্যোৎসৱত তেওঁ অংশগ্ৰহণ কৰিব আৰু ইয়াক সফল কৰি তুলিব বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক: Controversial Statement On Fertility rate: প্ৰজননৰ হাৰ সন্দৰ্ভত মন্তব্য কৰি চৰ্চাত নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.