ETV Bharat / bharat

অবৈধ ইমিগ্ৰেচন নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ গুজৰাট আৰক্ষী, গঠন কৰা হৈছে তদন্তকাৰী দল

author img

By PTI

Published : Dec 27, 2023, 10:19 AM IST

অবৈধ ইমিগ্ৰেচন নেটৱৰ্কৰ(illegal immigration agents) বিৰুদ্ধে কঠোৰ হৈছে গুজৰাট আৰক্ষী(Gujarat Police) ৷ চাৰিটাকৈ তদন্তকাৰী দল গঠন কৰা হৈছে ৷ ফ্ৰান্সত আৱদ্ধ বিমানখন মুম্বাইত উপস্থিত হোৱাৰ পাচতে এই ঘোষণা আৰক্ষীৰ ৷

gujarat police cracks down on illegal immigration network
অবৈধ ইমিগ্ৰেচন নেটৱৰ্কৰ বিৰুদ্ধে কঠোৰ গুজৰাট আৰক্ষী

নিউজ ডেস্ক, 27 ডিচেম্বৰ : মানৱ সৰবৰাহৰ অভিযোগত ফ্ৰান্সত আৱদ্ধ বিমানখন মঙলবাৰে মুম্বাইত উপস্থিত হোৱাৰ পাচত ক্ৰমান্বয়ে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য ৷ এয়াৰবাছ A 340 বিমানখনৰ 276 জন ভাৰতীয় নাগৰিকৰ সৰহসংখ্যক লোকে আছিল গুজৰাটৰ ৷ ফলত অশ্বস্তিত পৰিছে মোদী চৰকাৰ ৷

ইফালে ঘটনাৰ সন্দৰ্ভত তদন্তৰ বাবে গুজৰাট আৰক্ষীয়ে এক তদন্তকাৰী দল গঠন কৰিছে ৷ দলটোৰ মূল উদ্দেশ্য হ’ব অবৈধ মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে অভিযান চলোৱা ৷ কাৰণ A 340 বিমানখনত মানৱ সৰবৰাহৰ সন্দেহত তিনিদিনৰ বাবে ফ্ৰান্সত আৱদ্ধ হৈ আছিল ৷

আনহাতে, ভাৰতীয় নাগৰিকক মানৱ সৰবৰাহকাৰীয়ে আমেৰিকাৰ লগতে অন্যান্য দেশত প্ৰৱেশ কৰিবলৈ সহায় কৰি আহিছে বুলি বাতৰিত প্ৰকাশ পাইছে ৷ তেনে অবৈধ এজেণ্ট বা মানৱ সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'বলৈ তদন্তকাৰী দলটো গঠন কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷

অপৰাধ অনুসন্ধান শাখাৰ চি আই ডিৰ আৰক্ষী অধীক্ষক সঞ্জয় খাৰাটে এই সন্দৰ্ভত কয়, ‘‘আমি চাৰিটা দল গঠন কৰিছো ৷ যিয়ে ভুক্তভোগীসকলৰ পৰা অবৈধ এজেণ্টসকলৰ তথ্য সংগ্ৰহ কৰিব ৷ নিকাৰাগুৱা অভিমুখী বিমানখনত থকা গুজৰাটৰ যাত্ৰীসকল বানাস্কান্ত, পাটন, মেহছানা আৰু আনন্দ জিলাৰ আছিল ।’’

তেওঁ কয়, "আৰক্ষীয়ে যাত্ৰীসকলৰ সৈতে যোগাযোগ স্থাপন কৰিব ৷ যেতিয়া তেওঁলোকে মুম্বাইৰ পৰা গুজৰাটত উপস্থিত হ'ব তেতিয়াই অবৈধ এজেণ্টসমূহৰ সম্পৰ্কে অধিক তথ্যৰ বাবে আৰক্ষীয়ে জনাৰ চেষ্টা কৰিব ৷ লগতে তেওঁলোকক আমেৰিকা আৰু অন্যান্য দেশলৈ প্ৰব্ৰজন কৰিবলৈ প্ৰদান কৰা নথিপত্ৰ জাল কৰা হৈছে নেকি সেই সন্দৰ্ভতো তদন্ত কৰা হ’ব ।"

আৰক্ষী বিষয়াজনে কয় যে, বৰ্তমানলৈকে কিমান জন লোকক অবৈধভাৱে বিদেশত প্ৰৱেশ কৰিছে আৰু কোন কোন দেশলৈ ভ্ৰমণ কৰিছে সেয়াও জানিবলৈ চেষ্টা কৰা হ’ব ।

লগতে পঢ়ক : 276 যাত্ৰীসহ ফ্ৰান্সত আবদ্ধ হৈ থকা বিমানখন অৱশেষত আহি পালে ভাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.