ETV Bharat / bharat

Lawrence Bishnoi 14 days remand : গুজৰাট এটিএছৰ 14 দিনৰ জিম্মাত গেংষ্টাৰ লৰেন্স বিষ্ণৈ

author img

By

Published : Apr 26, 2023, 6:27 PM IST

Updated : Apr 26, 2023, 9:06 PM IST

গেংষ্টাৰ লৰেন্স বিষ্ণৈক 14 দিনৰ ৰিমাণ্ডত লৈছে গুজৰাটৰ এটিএছ দলে(Gujarat ATS will interrogate Lawrence Bishnoi) ৷ কি কি বিশেষ কাৰণত গুজৰাট এচিএছে ৰিমাণ্ডত বিচাৰিছিল বিষ্ণৈক ? পঢ়ক সবিশেষ...

গুজৰাট এটিএছৰ 14 দিনৰ জিম্মাত গেংষ্টাৰ লৰেন্স বিষ্ণোই
Lawrence Bishnoi 14 days remand

নিউজ ডেস্ক, 26 এপ্ৰিল: গুজৰাটৰ এটিএছ দলে বহু কোটি টকাৰ ড্ৰাগছৰ গোচৰত গেংষ্টাৰ লৰেন্স বিষ্ণৈইক ট্ৰেন্সফাৰ ৱাৰেণ্টত গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পিচতে গেংষ্টাৰটোক বিষ্ণৈক 14 দিনৰ ৰিমাণ্ডত লৈছে (Gujarat ATS will interrogate Lawrence Bishnoi)৷ আগন্তুক 14 দিনত একেৰাহে সোধপোছ কৰা হ’ব বিষ্ণৈক (14 days remand Lawrence Bishnoi )৷

উল্লেখ্য যে, সাগৰৰ তীৰৰ পৰা ১৯৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰা ঘটনাৰ পুংখানুপুংখ তদন্তৰ অন্তত ছয় পাকিস্তানী অভিযুক্তই প্ৰকাশ কৰিছিল যে এই ড্ৰাগছসমূহ গেংষ্টাৰ লৰেন্সৰ নিৰ্দেশনাত লেনদেন কৰা হৈছিল ৷

তাৰ পিচতেই গুজৰাট এটিএছ দলে লৰেন্স বিষ্ণৈইক নালিয়া আদালতত উপস্থাপন কৰি 14 দিনৰ জিম্মাত বিচাৰি আবেদন জনাইছিল (Lawrence Bishnoi 14 days remand)৷ গুজৰাট এটিএছ দলে এই ৯ টা কাৰণ উল্লেখ কৰি আদালতৰ পৰা বিষ্ণৈৰ 14 দিনৰ ৰিমাণ্ড লাভ কৰিছে ৷

উল্লেখ্য যে, 2022 চনত গুজৰাট এটিএছে 194 কোটি টকাৰ ড্ৰাগছসহ ছয় পাকিস্তানী সৰবৰাহকাৰী আৰু ড্ৰাগছ সংগ্ৰহ কৰিবলৈ অহা দুটাকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ৷ গুৰুত্বপূৰ্ণভাৱে, এই হেৰ’ইনসমূহ সৰবৰাহৰ বাবে লৰেন্সে কাৰাগাৰৰ পৰাই নিৰ্দেশনা দিছিল ৷

লক্ষ্যণীয়ভাৱে এই গোচৰৰ অভিযুক্ত তিনি অভিযুক্ত এতিয়াও পলাতক হৈ আছে ৷ যাৰ ভিতৰত আছে নাইজেৰিয়াৰ মুৰব্বী ওবোনা এনি, মেৰাজ আৰু দক্ষিণ আফ্ৰিকাৰ মহিলা বগানি থাণ্ডিল ওৰফে অনিতা (Gujarat ATS will interrogate on these nine issues) ৷

গুজৰাট এটিএছে ৰিমাণ্ডৰ বাবে আবেদন কৰা 9 টা দাবী আছিল -

1) এই ড্ৰাগছসমূহ পাকিস্তানৰ পৰা কাক আৰু ক'ত প্ৰেৰণ কৰা হ'ব সেয়া জনাটো অতিকৈ গুৰুত্বপূৰ্ণ ৷

2) পাকিস্তানৰ পৰা এই ড্ৰাগছ প্ৰেৰণ কৰা আব্দুল্লাহৰ সম্পূৰ্ণ নাম আৰু ম'বাইল নম্বৰৰ লগতে কাৰাগাৰত থকাৰ সময়খিনিত লৰেন্সে আব্দুল্লাহৰ সৈতে কেনেদৰে যোগাযোগ কৰিছিল ?

3) অভিযুক্তই সাগৰৰ মাৰ্গেৰে অন্য ড্ৰাগছো অৰ্ডাৰ কৰিছিল নেকি আৰু সেইবোৰ কাৰোবালৈ প্ৰেৰণ কৰা হৈছিল নেকি ?

4) এই ড্ৰাগ চক্ৰটোত আৰু কোন জড়িত আছে জনাটো গুৰুত্বপূৰ্ণ ৷

5) লৰেন্স কোনো সন্ত্ৰাসবাদী সংগঠনৰ সৈতে সম্পৰ্কিত নে নাই জনাটোও গুৰুত্বপূৰ্ণ ?

6) অভিযুক্তই এই ড্ৰাগৰ ধনেৰে কোনো সম্পত্তি ঘটিছে নেকি জনাটো প্ৰয়োজনীয় ৷

7) মোবাইল ফোন আৰু চিম কাৰ্ডৰ সন্দৰ্ভত জনাটো প্ৰয়োজন ৷ যাৰ সহায়েৰে অভিযুক্তই কাৰাগাৰত থাকোতে আন অভিযুক্তৰ সৈতে যোগাযোগ কৰিছিল আৰু চিডিআৰক মাতি জেৰা কৰিব লাগে ৷

8) এই অপৰাধত পলাতক মহিলা অপৰাধী দিল্লীৰ ক'ত বাস কৰে ?

9) লৰেন্সৰ বিৰুদ্ধে বিভিন্ন ৰাজ্যত 90 টাতকৈও অধিক গুৰুতৰ অপৰাধ পঞ্জীয়ন কৰা হৈছে, সেয়েহে লৰেন্সে সকলোবোৰ সহজেই নক'ব, সেয়েহে তেওঁক কঠোৰভাৱে প্ৰশ্ন কৰাটো প্ৰয়োজন ৷

গুজৰাট এটিএছ দলে এতিয়া এই সকলোবোৰ বিষয় সন্দৰ্ভত লৰেন্স বিষ্ণৈইক জেৰা কৰিব ৷ অনাগত দিনতহে এই জেৰাৰ অন্তত কি বিস্ফোৰক তথ্য পোহৰলৈ আহিব জানিব পৰা যাব ৷

লগতে পঢ়ক: Naxalite attack: চত্তিশগড়ত নক্সালবাদীৰ আক্ৰমণত 10 আৰক্ষী জোৱান নিহত

Last Updated :Apr 26, 2023, 9:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.