ETV Bharat / bharat

Gujarat Poll Phase 1: গুজৰাটৰ 14382 টা ভোটকেন্দ্ৰত চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ

author img

By

Published : Dec 1, 2022, 1:40 PM IST

Gujarat assembly polls
Gujarat assembly polls

চুৰাট-কচ্চ আৰু দক্ষিণ গুজৰাটৰ 19 খন জিলাক সামৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে (Voting begins in 89 seats across 19 districts) ৷ মুঠ 182 টা সমষ্টিৰ প্ৰথম পৰ্যায়ত 89 টা আৰু দ্বিতীয় পৰ্যায়ত 93 সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব 788 গৰাকী প্ৰাৰ্থীৰ (Gujarat Poll Phase 1)। পুৱা 8 বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।

নিউজ ডেস্ক, 1 ডিচেম্বৰ : গুজৰাটৰ 89 টা বিধানসভা সমষ্টিত আজি অনুষ্ঠিত হৈছে নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ চুৰাট-কচ্চ আৰু দক্ষিণ গুজৰাটৰ 19 খন জিলাক সামৰি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছে (Gujarat assembly polls) ৷ মুঠ 182 টা সমষ্টিৰ প্ৰথম পৰ্যায়ত 89 টা আৰু দ্বিতীয় পৰ্যায়ত 93 সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷ প্ৰথম পৰ্যায়ত ভাগ্য নিৰ্ণয় হ’ব 788 গৰাকী প্ৰাৰ্থীৰ । পুৱা 8 বজাত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগে ভোট কেন্দ্ৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে ।

নিৰ্বাচনী অনিয়ম ৰোধৰ বাবে লাইভ ৱেবকাষ্টিঙৰ দৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ত্ৰিকোণীয় আৰু বহুপক্ষীয় প্ৰতিদ্বন্দ্বিতাত আবদ্ধ হৈ আছে শাসকীয় বিজেপি, বিৰোধী কংগ্ৰেছ, আপ, বিএছপি, এআইএমআইএম আদি দল । ইতিমধ্যে ৰাজকোটত ভোটদান কৰিলে বিজেপিৰ প্ৰাৰ্থী তথা ক্ৰিকেটাৰ ৰৱীন্দ্ৰ জাডেজাৰ পত্নী ৰিভাবা জাডেজাই । জামনগৰ উত্তৰৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৰিভাবাই । গুজৰাটৰ কেবিনেট মন্ত্ৰী পূৰ্ণেশ মোডীক পৰিয়ালৰ সৈতে ভোটদানৰ বাবে চুৰাটৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ যোৱা দেখা গৈছে ।

মুঠ 14,382 টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ চলি আছে ৷ ইয়াৰে 3311টা কেন্দ্ৰ চহৰত আৰু 11,071 টা গ্ৰাম্যাঞ্চলত । এই প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ 13,065 টা ভোটকেন্দ্ৰৰ পৰা লাইভ ৱেবকাষ্টিং কৰা হৈছে বুলি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জানিবলৈ দিয়ে ।

27 বছৰে গুজৰাটত শাসন চলাই অহা ভাৰতীয় জনতা পাৰ্টিয়ে একেৰাহে সপ্তমবাৰৰ বাবে ৰাজ্যখনত ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা চলাইছে । যদি সফল হয় তেন্তে 2011 চনলৈকে একেৰাহে 7 টা কাৰ্যকালৰ বাবে পশ্চিম বংগৰ নিৰ্বাচনত জয়ী হোৱা বাওঁ মৰ্চাৰ চৰকাৰৰ অভিলেখৰ সমান হ’ব (gujarat assembly election 2022 election update )।

এইবাৰ বিজেপিয়ে কেৱল পৰম্পৰাগত প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ পৰাই যে প্ৰত্যাহ্বান পাব তেনে নহয় ৷ শাসকীয় দলৰ মূল প্ৰত্যাহ্বানকাৰী হিচাপে নিজকে স্থান দিবলৈ চেষ্টা কৰা তথা গুজৰাট নিৰ্বাচনত প্ৰথমবাৰ ৰণক্ষেত্ৰত নামা আম আদমী পাৰ্টিও বিজেপিৰ বাবে প্ৰত্যাহ্বান হ’ব ৷ 89 খন আসনত বিজেপি আৰু কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছে ।

অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপ দলে 88 খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে । চুৰাট পূব সমষ্টিৰ পৰা আপৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰ কৰাৰ ফলত দলটোৱে প্ৰথম পৰ্যায়ত এখন আসনত কমকৈ প্ৰতিদ্বন্দিতা কৰে । বিজেপি, কংগ্ৰেছ আৰু আপৰ উপৰিও বহুজন সমাজ পাৰ্টি (বিএছপি), সমাজবাদী পাৰ্টি (এছপি), ভাৰতীয় কমিউনিষ্ট পাৰ্টি-মাৰ্ক্সবাদী (চিপিআই-এম) আৰু ভাৰতীয় জনজাতি পাৰ্টি (বিটিপি)কে ধৰি আন 36 টা ৰাজনৈতিক দলেও প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৷

বিএছপিয়ে 57 গৰাকী, বিটিপিয়ে 14 গৰাকী আৰু চিপিআই-এমে 4 গৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । প্ৰথম পৰ্যায়ত 339 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীও যুঁজত নামিছে । 2017 চনৰ নিৰ্বাচনত এই 89 খন আসনৰ ভিতৰত বিজেপিয়ে 48 খন, কংগ্ৰেছে 40 খন আৰু এখন আসনত এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰিছিল । এই নিৰ্বাচনত অংশগ্ৰহণ কৰা মুঠ 788 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 70 গৰাকী মহিলা ৷ ইয়াৰ ভিতৰত বিজেপিৰ 9 গৰাকী, কংগ্ৰেছৰ 6 গৰাকী, আপৰ 5 গৰাকী মহিলা প্ৰাৰ্থী ।

গুজৰাটৰ মুঠ 4,91,35,400 পঞ্জীয়নভুক্ত ভোটাৰৰ ভিতৰত 2,39,76,670 জনেই প্ৰথম পৰ্যায়ত ভোটদানৰ যোগ্য । ৰাজ্যখনৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে জনোৱা মতে, 18-19 বছৰ বয়সৰ 5.74 লাখ ভোটাৰ আৰু 99 বছৰৰ ওপৰৰ 4,945 গৰাকী ভোটাৰে ভোটদানৰ যোগ্যতা অৰ্জন কৰিছে ।

নিৰ্বাচনী সংস্থাটোৱে 89 টা ‘মডেল ভোটকেন্দ্ৰ’ আৰু বহু সংখ্যক পৰিৱেশ অনুকূল ভোটকেন্দ্ৰ স্থাপন কৰিছে । বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা 89 টা আৰু মহিলাৰ দ্বাৰা 611 টা ষ্টেচন পৰিচালিত হ’ব । বিবৃতিটোত কোৱা হৈছে যে, প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ বাবে মুঠ 34,324 টা বেলট ইউনিট, সমান সংখ্যক নিয়ন্ত্ৰণ ইউনিট, আৰু 38,749 টা ভোটাৰ ভেৰিফাইবল পেপাৰ অডিট ট্ৰেইল (VVPAT) মেচিন ব্যৱহাৰ কৰা হৈছে ।

ইয়াৰ উপৰিও নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে চলাবৰ বাবে 2,20,288 জন প্ৰশিক্ষিত বিষয়া-কৰ্মচাৰী নিয়োগ কৰা হৈছে বুলিও প্ৰকাশ কৰিছে । ইয়াৰ উপৰিও 27978 জন প্ৰিজাইডিং বিষয়া আৰু 78985 জন ভোটগ্ৰহণ বিষয়াও কৰ্তব্যত আছে বুলি জানিবলৈ দিয়ে ।

মাহে 300 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ, নিবনুৱা ভাট্টা আৰু চৰকাৰী চাকৰিৰ দৰে বহুতো "গেৰাণ্টী" লৈ আপে নিজৰ অভিযান অব্যাহত ৰাখিছে । কংগ্ৰেছে 400 টকাত ৰন্ধন গেছৰ চিলিণ্ডাৰ, বিনামূলীয়া বিদ্যুৎ আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় আদিৰ প্ৰতিশ্ৰুতি দি একেধৰণেই ৰাইঝৰ মন জয়ৰ চেষ্টা চলাইছে ৷

বিজেপিৰ উন্নয়ন আৰু হিন্দুত্ববাদী এজেণ্ডা, 20 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি, ‘উগ্ৰবাদ বিৰোধী’ কোষ স্থাপন, ৰাজ্যত ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ ক্ষেত্ৰত বিজেপিয়ে ভূমিত দৃঢ় যেন লাগে । নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ হৈ ব্যাপক প্ৰচাৰ চলাইছিল ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত দেৱভূমি দ্বাৰকা জিলাৰ খাম্ভলীয়া আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ইছুদন গাধৱীৰ ভাগ্য নিৰ্ণয় হ’ব । চুৰাটৰ কাটাৰগামৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আপৰ ৰাজ্যিক ইউনিটৰ সভাপতি গোপাল ইটালিয়াই । জামনগৰ (উত্তৰ)ৰ আন এগৰাকী হেভিৱেট প্ৰতিদ্বন্দ্বী হৈছে ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাডেজাৰ পত্নী ৰিভাবা জাডেজা (BJP Rivaba Jadeja news update)।

প্ৰথম পৰ্যায়ত বিজেপিৰ বিধায়ক হৰ্ষ সংঘৱী আৰু পূৰ্ণেশ মোডীৰ (দুয়োজনেই চুৰাটৰ বিভিন্ন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা) লগতে পাঁচবাৰৰ বিধায়ক পাৰ্শ্বোত্তম সোলংকীয়েও (ভৱনগৰ-গ্ৰাম্য) প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে । ললিত কগাথাৰা, ললিত ভাসোয়া (দুয়োজন ৰাজকোটৰ আসনৰ পৰা) আৰু মহম্মদ জাভেদ পিৰ্জাদাৰ দৰে কংগ্ৰেছ বিধায়কেও সৌৰাষ্ট্ৰ অঞ্চলৰ আসনৰ পৰা প্ৰথম পৰ্যায়ত খেলপথাৰত নামি পৰিছে । সাতবাৰৰ বিধায়ক তথা প্ৰবীণ জনজাতি নেতা ছোটু ভাছাভাই ভাৰুচে ঝাগদিয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ।

54 খন আসনৰ সৈতে সৌৰাষ্ট্ৰ-কচ্চ অঞ্চল কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ কাৰণ কংগ্ৰেছে নিজৰ প্ৰদৰ্শন উন্নত কৰিব বিচাৰিছে। অঞ্চলটোত 2012 চনৰ নিৰ্বাচনত 16 খন আসনৰ বিপৰীতে 2017 চনত কংগ্ৰেছে 30 খন আসন লাভ কৰিছিল । আনহাতে বিজেপিয়ে বিগত নিৰ্বাচনত 35 খন আসন লাভৰা বিপৰীতে 2017 চনত 23 খন আসনলৈ হ্ৰাস পাইছিল ৷

দক্ষিণ গুজৰাটত 2017 চনত কংগ্ৰেছে নির্বাচনত ছটা সমীক্ষাৰ তুলনাত 10 টালৈ উন্নতি সাধন কৰাৰ বিপৰীতে বিগত নির্বাচনত বিজেপিৰ সংখ্যা পূর্বৰ 28 ৰ তুলনাত 25 টালৈ নামি আহিছিল ৷ দক্ষিণ গুজৰাটত চুৰাট চহৰখনো আছে আৰু ইয়াত 12 খন আসন আছে যিখন আসন দীৰ্ঘদিন ধৰি বিজেপিৰ দুৰ্গ হৈয়েই আছে । 5 ডিচেম্বৰত 93 খন আসনত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । 8 ডিচেম্বৰত ভোটগণনা আৰম্ভ হ’ব ।

লগতে পঢ়ক: Gujarat Assembly polls phase 1: 89 টা সমষ্টিত অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.