ETV Bharat / bharat

বায়ু প্ৰদূষণ সূচাংক উন্নত; দিল্লী-এনচিআৰৰ পৰা গ্ৰেপ-4 ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ

author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 7:01 AM IST

GROUP 4 RESTRICTIONS LIFTED FROM DELHI NCR
ভয়াৱহ প্ৰদূষণৰ কৰাল গ্ৰাসত দিল্লী

ভয়াৱহ প্ৰদূষণৰ কৰাল গ্ৰাসত দিল্লী ৷ দিল্লীৰ বায়ুৰ মানদণ্ড উন্নত হোৱাৰ পিচতেই গ্ৰেপ-৪ ৰ অধীনত আৰোপ কৰা নিষেধাজ্ঞাসমূহ প্ৰত্যাহাৰ কৰা হৈছে ৷ ইয়াৰ পিচতেই দিল্লীৰ সকলো বিদ্যালয় সোমবাৰৰ পৰা খোলা হ’ব বুলি ঘোষণা জাৰি কৰা হৈছে ৷

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : দিল্লীত ক্ৰমাৎ উন্নত হৈছে বায়ু প্ৰদূষণ সূচাংক ৷ দিল্লীৰ বায়ুৰ মানদণ্ড উন্নত হোৱাৰ পিচতেই শনিবাৰে চহৰখনত আৰোপ কৰা গ্ৰেপ-৪ ৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ পিচতেই দিল্লীত নিৰ্মাণ কাৰ্য আৰু যান-বাহনৰ চলাচল পুনৰ আৰম্ভ হ'ব ৷

একে সময়তে, সোমবাৰৰ পৰা দিল্লীৰ সকলো বিদ্যালয় খোলা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ লক্ষণীয় যে, দিল্লী চৰকাৰৰ যথেষ্ট নীতি নিৰ্দেশনাৰ পিচত চহৰখনত বায়ুৰ মানদণ্ড উন্নত হৈছে ৷

উল্লেখ্য যে, চলিত মাহৰ 5 তাৰিখে বায়ুৰ মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত গ্ৰেপ- 4 কাৰ্যকৰী কৰা হৈছিল ৷ এই নিৰ্দেশনাৰ অধীনত ৰাজধানীত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত নোহোৱা সকলো মজলীয়া আৰু গধুৰ সামগ্ৰী কঢ়িওৱা বাহনক চলাচল কৰিবলৈ নিষিদ্ধ কৰা হৈছিল ৷

চি.এ.কিউ.এম.এ ৰ নিৰ্দেশনা অনুসৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগ/ভাৰতীয় ক্ৰান্তীয় বতৰ বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা বায়ুৰ মানদণ্ডৰ পূৰ্বানুমানে আগন্তুক দিনবোৰত দিল্লী-এনচিআৰৰ সামগ্ৰিক বায়ুৰ মানদণ্ডত অৱনতি ঘটনাৰ আশংকা প্ৰকাশ কৰিছিল ৷

শনিবাৰলৈকে চহৰখনৰ 24 ঘণ্টাৰ গড় একিউআই 4 বজালৈ ৰেকৰ্ড কৰা হৈছিল ৷ শুকুৰবাৰে বায়ুমণ্ডলৰ সূচাংক 405 ৰ পৰা 319 লৈ উন্নতি হৈছিল ৷ ই বায়ুৰ মানদণ্ডত এক ইতিবাচক প্ৰৱণতা সূচায় ৷ বায়ু গুণমান ব্যৱস্থাপনা আয়োগে জনোৱা অনুসৰি, পৰৱৰ্তী সময়ত বায়ুৰ মানদণ্ড পুনৰীক্ষণ কৰা হ'ব ৷ তাৰ পিচতহে গ্ৰেপ-4 ৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা হ’ব ৷

অৱশ্যে গ্ৰেপ-3 ৰ অধীনত ব্যক্তিগতভাৱে অব্যাহত থকা নিৰ্মাণকাৰ্যসমূহ নিষিদ্ধ কৰি থোৱা হৈছে ৷ কিন্তু উৰণ সেতুৰ লগতে পথ নিৰ্মাণ সম্পৰ্কীয় কামসমূহৰ অব্যাহত থাকিব ৷ গ্ৰেপ 1 ৰ পৰা 3 ৰ অধীনৰ সকলো প্ৰতিবন্ধকতা পূৰ্বৰ দৰেই বলৱৎ হৈ থাকিব ৷

লগতে পঢ়ক : Guwahati Air Quality Index very poor: সাৱধান মহানগৰবাসী ! প্ৰয়োজন নাথাকিলে নোলাব ঘৰৰ বাহিৰলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.