ETV Bharat / bharat

চিৰবিদায় মাগিলে পংখুৰী ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক পংখুৰী শ্ৰীবাস্তৱে

author img

By

Published : Dec 29, 2021, 10:38 AM IST

Pankhuri Shrivastava passes away
চিৰবিদায় মাগিলে পংখুৰী ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক পংখুৰী শ্ৰীবাস্তৱে

গ্ৰেবহাউচ আৰু পংখুৰী ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক পংখুৰী শ্ৰীবাস্তৱ আৰু নাই(Entrepreneur Pankhuri Shrivastava passed away) । ৩২ বছৰ বয়সতে চিৰবিদায় মাগিলে উদ্যোগীগৰাকীয়ে । হৃদক্ৰিয়া বন্ধ হোৱাৰ ফলত মৃত্যু হয় পংখুৰী শ্ৰীবাস্তৱৰ ।

নেশ্যনেল ডেস্ক, ২৯ ডিচেম্বৰ : ৩২ বছৰীয়া মহিলা উদ্যোগী পংখুৰী শ্ৰীবাস্তৱৰ অকাল বিয়োগ (Entrepreneur Pankhuri Shrivastava dies at 32) । নাৰীকেন্দ্ৰিক ছ'চিয়েল কমিউনিটি প্লেটফৰ্ম পংখুৰী আৰু গ্ৰেবহাউচ শীৰ্ষক ষ্টাৰ্ট আপৰ প্ৰতিষ্ঠাপক পংখুৰী শ্ৰীবাস্তৱে যোৱা ২৪ ডিচেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে (Pankhuri founder Pankhuri Shrivastava no more) ।

পংখুৰীয়ে প্ৰতিষ্ঠা কৰা গ্ৰেবহাউচ নামৰ ষ্টাৰ্ট আপ ২০১৬ চনত কুইকাৰ কোম্পানীক বিক্ৰী কৰা হৈছিল । উদ্যোগীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি কলাৰী কেপিটেলৰ প্ৰতিষ্ঠাপক বাণী কোলাই দেওবাৰে টুইটযোগে উল্লেখ কৰে যে, পংখুৰীৰ মৃত্যুৰ বাতৰিয়ে তেওঁ আচম্বিত কৰি তুলিছে । বাণীয়ে পংখুৰীক আত্মবিশ্বাসী মহিলা বুলি প্ৰশংসা কৰি আত্মাৰ চিৰশান্তি কামনা কৰে । পংখুৰীৰ মৃত্যু ষ্টাৰ্ট আপ খণ্ডৰ বাবে এক বৃহৎ ক্ষতি বুলিও তেওঁ শোক প্ৰকাশ কৰে ।

৩২ বছৰীয়া উদ্যোগী মহিলাগৰাকীয়ে নাৰীকেন্দ্ৰিক ষ্টাৰ্ট আপ প্ৰতিষ্ঠা কৰি এক সুকীয়া পৰিচয় গঢ়ি তুলিছিল । বাণী কোলাই লগতে পংখুৰীৰ পৰিয়াললৈও সমবেদনা জ্ঞাপন কৰে । পংখুৰীয়ে ভূপালৰ শিক্ষানুষ্ঠান আৰ জি টি ইউৰ পৰা অভিযান্ত্ৰিক পাঠ্যক্ৰমৰ ডিগ্ৰী লাভ কৰিছিল ।

"টিচ ফৰ ইণ্ডিয়া"ৰ ফেল'শ্বিপ লাভ কৰি পংখুৰীয়ে মুম্বাইৰ পৌৰ নিগমৰ বিদ্যালয়সমূহতো শিক্ষকতা কৰিছিল । আনহাতে, পংখুৰীৰ মৃত্যুত শোক প্ৰকাশ কৰি চিকুয়া ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ৰঞ্জন আনন্দনে কয় যে, উদ্যোগীগৰাকীৰ মৃত্যুৰ খবৰে তেওঁক মৰ্মাহত কৰিছে । তেওঁ লগতে কয় যে, পংখুৰী কামৰ প্ৰতি একাগ্ৰতা থকা, জীৱনক ভালপোৱা মহিলা আছিল । ৰঞ্জন আনন্দনে উদ্যোগীগৰাকীৰ আত্মাৰ শান্তি কামনা কৰে ।

লগতে পঢ়ক: Man returns from Pakistan : সুদীৰ্ঘ ২৯ বছৰ পাকিস্তানৰ পৰা জন্মভূমিলৈ উভতিল কুলদীপ সিং

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.