ETV Bharat / bharat

Gold biscuits seized in Manipur : মণিপুৰত 6 কোটি মূল্যৰ সোণৰ বিস্কুট জব্দ

author img

By

Published : Apr 27, 2022, 11:05 AM IST

Updated : Apr 27, 2022, 12:38 PM IST

Manipur
মণিপুৰত ৬৫ খন সোণৰ বিস্কুট জব্দ

উত্তৰ-পূৱত সোণৰ অবৈধ সৰবৰাহ অব্যাহত আছে (Gold smuggling in North East) । ইয়াৰ মাজতে মণিপুৰত শুল্ক বিভাগৰ আন এক সফল অভিযান । শুল্ক বিভাগৰ অভিযানত প্ৰায় 10.79 কিল’গ্ৰাম ওজনৰ 65 খন সোণৰ বিস্কুট জব্দ । সোণখিনিৰ মূল্য প্ৰায় 6 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে ।

নেশ্যনেল ডেস্ক, 27 এপ্ৰিল : মণিপুৰত পুনৰ সোণ জব্দ (Gold seized in Manipur) । এইবাৰ ১০ কিল’গ্ৰামৰো অধিক ওজনৰ সোণ জব্দ । ইম্ফল বিমানবন্দৰত শুল্ক বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সোণখিনি (Customs seizes huge quantity of gold in Manipur)।

শুল্ক বিভাগৰ অতিৰিক্ত আয়ুক্তই জনোৱা মতে, ইম্ফলৰ এয়াৰ ইণ্টেলিজেন্স ইউনিটে সোণ সৰবৰাহৰ এক গোপন খবৰ লাভ কৰিছিল । এই গোপন খবৰৰ ভিত্তিত বিমানবন্দৰ কৰ্তৃপক্ষৰ লগতে এয়াৰ এছিয়াৰ কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়া হৈছিল । পুৱা প্ৰায় 10 মান বজাত বিমানবন্দৰত এগৰাকী যাত্ৰীক সন্দেহবশতঃ শুল্ক বিভাগে আটক কৰে । যাত্ৰীজনৰ বেগটো পৰীক্ষা কৰাত 65 খন সোণৰ বিস্কুট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

মণিপুৰত 6 কোটি মূল্যৰ সোণৰ বিস্কুট জব্দ

প্ৰথম অৱস্থাত যাত্ৰীজনে বেগটো তেওঁৰ নিজৰ নহয় বুলি দাবী কৰে । তাৰ সলনি এজন ব্যক্তিয়ে তেওঁক বেগটো দিল্লীলৈ নিয়াৰ বাবে দিছিল বুলি সদৰি কৰে ৷ যাত্ৰীজন এয়াৰ এছিয়াৰ ফ্লাইট নং 15784 ৰ আছিল । তেওঁ দিল্লীলৈ যোৱাৰ পৰিকল্পনা কৰিছিল ।

শুল্ক বিভাগে জব্দ কৰা সোণখিনি বেগটোৰ ভিতৰত ক'লা পলিথিনত ভৰাই কম্বলেৰে মেৰিয়াই থোৱা অৱস্থাত আছিল । ঘটনা সন্দৰ্ভত ৱাংখেম লবুংগোবি সিং নামৰ মণিপুৰৰ লোকজনক আটক কৰা হৈছে । জব্দ কৃত সোণখিনিৰ ওজন প্ৰায় 10.79 কিল’গ্ৰাম বুলি জানিব পৰা গৈছে ।

এই সোণখিনিৰ মূল্য প্ৰায় 5,76,72,550 টকা হ'ব বুলি অনুমান কৰিছে অভিযানকাৰী দলটোৱে ৷ ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰাৰ লগতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ।

লগতে পঢ়ক : মণিপুৰত ৪ কোটিৰো অধিক মূল্যৰ সোণৰ বিস্কুট উদ্ধাৰ

Last Updated :Apr 27, 2022, 12:38 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.