ETV Bharat / bharat

Girl commits suicide: চুবুৰীয়াৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ যুৱতীৰ আত্মহত্যা

author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 2:35 PM IST

Girl commits suicide
চুবুৰীয়াৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ যুৱতীৰ আত্মহত্যা

বুৰীয়া যুৱকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহননৰ পথ বাচি ল’লে এগৰাকী 19 বছৰীয়া যুৱতীয়ে ৷ ইতিমধ্যে দুই অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে ৷

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ : উত্তৰ প্ৰদেশৰ আগ্ৰাত জঘন্য ঘটনা ৷ চুবুৰীয়া যুৱকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বলি হৈ আত্মহননৰ পথ বাচি ল’লে এগৰাকী 19 বছৰীয়া যুৱতীয়ে ৷ ঘটনাৰ বিৱৰণ অনুসৰি যোৱা শনিবাৰ তথা 14 অক্টোবৰত খেৰাগড় আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত এখন গাঁৱত এগৰাকী 19 বছৰীয়া যুৱতীৰ নিজ বাসগৃহত মৃতদেহ উদ্ধাৰ কৰা হয় ৷ তাৰ পিচতে যুৱতীগৰাকীৰ পিতৃয়ে খেৰাগড় আৰক্ষী থানাত এটা অভিযোগ দাখিল কৰিছিল ৷

পিতৃৰ অভিযোগ অনুসৰি চুবুৰীয়াৰ অভিষেক আৰু বিষ্ণু নামৰ দুই যুৱকে দীৰ্ঘদিন ধৰি তেওঁৰ কন্যাক হাৰাশাস্তি কৰি আহিছিল ৷ দুই যুৱকে ইয়াৰ পূৰ্বে এবাৰ যুৱতীগৰাকী স্নান কৰি থাকোঁতে স্নানাগাৰত এটা ভিডিঅ’ও প্ৰস্তুত কৰিছিল ৷ সেই ভিডিঅ’টো দেখুৱাই দুই যুৱতে যুৱতীগৰাকীক ব্লেকমেইল কৰি আহিছিল ৷

যোৱলা 13 অক্টোবৰত অভিষেক আৰু বিষ্ণুৱে ছাদেৰে তেওঁলোকৰ ঘৰত প্ৰৱেশ কৰিছিল ৷ দুই যুৱকে যুৱতীগৰাকীক ভিডিঅ’টো দেখুৱাই ধৰ্ষণ কৰিবলৈ চেষ্টা কৰিছিল ৷ যেতিয়া ছোৱালীজনীয়ে মান্তি হোৱা নাছিল, তেতিয়া যুৱক দুজনে তেওঁক প্ৰহাৰ কৰাৰ লগতে ডিঙিত ছুৰী ৰাখি ধমকি দিছিল ৷

পিতৃৰ অভিযোগৰ ভিত্তিত খেৰাগড়ৰ এচিপি মহেশ কুমাৰে জনোৱা অনুসৰি, অভিযুক্ত দুজনৰ বিৰুদ্ধে 323, 354, 452, 306 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ৷ যুৱতীগৰাকীয়ে শনিবাৰে আত্মহত্যা কৰিছিল ৷

ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷ যুৱতীগৰাকীৰ কোঠাৰ পৰা পিতৃয়ে এন ছুইচাইড নোট উদ্ধাৰ কৰি আৰক্ষীক চমজাই দিয়ে ৷ আৰক্ষীয়ে চুইচাইড নোটৰ আধাৰত এটা গোচৰ ৰুজু কৰিছে ৷ ছুইচাইড নোটখন পৰীক্ষাৰ বাবে ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Fire in cracker factory: আতচবাজী ফেক্টৰীত অগ্নিকাণ্ড, এজন যুৱকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.