ETV Bharat / bharat

Gas Leakage at Tata Steels plant : ওড়িশাৰ টাটা প্ৰকল্পত গেছ নিৰ্গমন; গুৰুতৰভাৱে আহত ১৯

author img

By

Published : Jun 13, 2023, 6:19 PM IST

টাটা ষ্টীলৰ মেৰামাণ্ডালী প্ৰকল্পৰ ব্লাষ্ট ফাৰ্নেছত হোৱা গেছ নিৰ্গমনৰ ফলত ১৯ জন লোকৰ অৱস্থা গুৰুতৰ । আহত আটাইকেইজনকে উন্নত চিকিৎসাৰ বাবে কটকলৈ স্থানান্তৰিত কৰা হৈছে ।

Gas Leakage at Tata Steels plant
Gas Leakage at Tata Steels plant

নিউজ ডেস্ক, ১৩ জুন : মঙলবাৰে ওড়িশাৰ ঢেঙ্কানাল জিলাৰ টাটা ষ্টীলৰ মেৰামন্দালী প্ৰকল্পৰ ব্লাষ্ট ফাৰ্নেছত সংঘটিত গেছ নিৰ্গমনৰ ঘটনাত কমেও ১৯ জন লোক অগ্নিদগ্ধ হয় । তেওঁলোকক কটকৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

সূত্ৰ অনুসৰি, গেছ নিৰ্গমনৰ ফলত এডাল বাষ্প পৰিবাহী পাইপ বিস্ফোৰণ হোৱাৰ পিছতে এই দুৰ্ঘটনাটো সংঘটিত হয় । ব্লাষ্ট ফাৰ্নেচটো পৰিদৰ্শন কৰি থকা শ্ৰমিক আৰু অভিযন্তাসকলৰ গাত গৰম পানী পৰি যোৱাৰ ফলত আঘাতপ্ৰাপ্ত হয় । আঘাতপ্ৰাপ্ত দুজন ব্যক্তিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ।

"গৰম পানী পৰিবাহী ভাল্ভ খোলাৰ ফলত প্ৰায় ১৯ জন লোক আহত হয় ।" ঢেঙ্কানালৰ এছ পি জ্ঞানৰঞ্জন মহাপাত্ৰই সংবাদ মাধ্যমৰ আগত এনেদৰে কয় । তেওঁ লগতে কয় যে জিলা প্ৰশাসনৰ এটা দলে তদন্তৰ বাবে ঘটনাস্থলী পৰিদৰ্শন কৰিবলৈ ওলাইছে ।

আনহাতে, টাটা ষ্টীলে এক বিবৃতিত কয় যে দুপৰীয়া প্ৰায় ১ বজাত ওড়িশাৰ ঢেংকানালত টাটা ষ্টীল মেৰামন্দালীৰ ব্লাষ্ট ফাৰ্নেছ শক্তি প্ৰকল্প পৰিদৰ্শনৰ সময়ত এক দুৰ্ঘটনা সংঘটিত হয় । যাৰ ফলত ১৯ জন লোক অগ্নিদগ্ধ হয় । "আমি দুখেৰে সৈতে এই কথা জনাব বিচাৰিছোঁ যে ওড়িশাৰ ঢেঙ্কানালৰ টাটা ষ্টীল মেৰামন্দালী ৱৰ্কছত বাষ্প পৰিবাহী পাইপৰ পৰা বাষ্প ওলাই পৰাৰ ফলত বিএফপিপি২ শক্তি প্ৰকল্পত এটা দুৰ্ঘটনা সংঘটিত হয় । পৰিদৰ্শনৰ কাম চলি থকাৰ সময়তে মঙলবাৰে দুপৰীয়া ১ বজাত এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোৰ ফলত ঘটনাস্থলীত কাম কৰি থকা কেইজনমান লোক আক্ৰান্ত হয় । তেওঁলোকক তৎক্ষণাৎ প্ৰকল্প চৌহদৰ ভিতৰত থকা স্বাস্থ্য কেন্দ্ৰলৈ নিহা হয় । কিন্তু পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে কটকলৈ স্থানান্তৰ কৰা হয় । সতৰ্কতামূলক ব্যৱস্থা হিচাপে কোম্পানীৰ এম্বুলেন্সত তেওঁলোকৰ সৈতে চিকিৎসক আৰু পেৰামেডিকেলৰ সদস্যও যায় ।"

"দুৰ্ঘটনাটোৰ পিছত সকলো জৰুৰীকালীন প্ৰটোকল সেৱা সক্ৰিয় কৰা হৈছে আৰু অঞ্চলটো আৱৰি ৰখা হৈছে । কোম্পানীৰ তৰফৰ পৰা ভুক্তভোগী কৰ্মচাৰীসকলৰ পৰিয়াললৈ সকলো প্ৰয়োজনীয় তথ্য আৰু সাহায্য নিশ্চিত কৰা হৈছে । আমি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছোঁ আৰু দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ এটা আভ্যন্তৰীণ তদন্ত আৰম্ভ কৰিছোঁ । সুৰক্ষা আমাৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰত আছে আৰু আমি এই ঘটনাৰ পৰা শিকিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । যেতিয়াই অধিক তথ্য উপলব্ধ হয় আমি তাৰ আপডেটবোৰ শ্বেয়াৰ কৰিম ।" বিবৃতিটোত লগতে কোৱা হৈছে ।

লগতে পঢ়ক :Cyclone Biparjoy : গুজৰাটত ঘূৰ্ণীবতাহ সন্দৰ্ভত জৰুৰী বৈঠক অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.