ETV Bharat / bharat

Cyclone Biparjoy : গুজৰাটত ঘূৰ্ণীবতাহ সন্দৰ্ভত জৰুৰী বৈঠক অমিত শ্বাহৰ

author img

By

Published : Jun 13, 2023, 4:19 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰিবলৈ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় ।

Cyclone Biparjoy
Cyclone Biparjoy

নিউজ ডেস্ক, ১৩ জুন : ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ মোকাবিলা কৰাৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰীসকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । উল্লেখ্য, এই ঘূৰ্ণীবতাহ গুজৰাট উপকূলৰ দিশে আগবাঢ়িছে । আনহাতে, গুজৰাটত বিপৰ্যয়ে প্ৰভাৱ পেলাব পৰা সম্ভাৱ্য আঠখন জিলাৰ সাংসদসকলৰ লগতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দৰ পেটেলৰ সৈতে গৃহ মন্ত্ৰীয়ে আন এখন বৈঠকত সভাপতিত্ব কৰিব । ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ সৈতে মোকাবিলা কৰাৰ প্ৰস্তুতি সন্দৰ্ভত তাত পৰ্যালোচনা কৰা হ'ব । উল্লেখ্য যে বিপৰ্যয় ঘূৰ্ণীবতাহে সৌৰাষ্ট্ৰৰ কচ্চ বন্দৰত প্ৰভাৱ পেলোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে ।

দ্বাৰকাত সমুদ্ৰৰ বেয়া পৰিস্থিতি আৰু তীব্ৰ বতাহ বলা দেখা গৈছে । যাৰ বাবে গুজৰাটত আহিবলগা ঘূৰ্ণীবতাহ বিপৰ্যয়ৰ প্ৰভাৱৰ সন্মুখীন হ'বলৈ ৰাজ্য প্ৰশাসনে কঁকালত টঙালি বান্ধি নামি পৰিছে । অতি তীব্ৰ ঘূৰ্ণীবতাহ বিপৰ্যয়ে আবেলি ২.৩০ বজাত জাখৌ বন্দৰৰ ওচৰত সৌৰাষ্ট্ৰ আৰু কচ্চ পাৰ হৈছে আৰু মধ্য আৰু পূব-মধ্য আৰব সাগৰৰ ওচৰৰ পোৰবন্দৰৰ পৰা প্ৰায় ২৯০ কিঃমিঃ দক্ষিণ-পশ্চিমেৰে গৈ জাখৌ বন্দৰৰ পৰা ৩৬০ কিঃমিঃ দক্ষিণ দক্ষিণ-পশ্চিমৰ দিশে অতিক্ৰম কৰিব ।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে মঙলবাৰে গুজৰাটৰ সৌৰাষ্ট্ৰ আৰু কচ্চ উপকূলৰ বাবে 'অৰেঞ্জ এলাৰ্ট' জাৰি কৰিছে । কিয়নো ঘূৰ্ণীবতাহ বিপৰ্যয়ে ১৫ জুনৰ সন্ধিয়াৰ ভিতৰত গুজৰাটৰ জাখৌ বন্দৰ অতিক্ৰম কৰিব । ইয়াৰ প্ৰভাৱত গুজৰাটৰ কচ্চ জিলাৰ নালিয়া চহৰত পাতলীয়া বৰষুণ হয় । ইফালে গুজৰাটৰ নৱসাৰীত উপকূল অঞ্চলত আৰক্ষী মোতায়েন কৰা হৈছে যাতে মানুহে সমুদ্ৰলৈ যোৱাত বাধা দিব পাৰে ।

গুজৰাটৰ ওখাৰ ওচৰৰ দ্বাৰকা উপকূলত মঙলবাৰে এএলএইচ ধ্ৰুৱ হেলিকপ্টাৰেৰে প্ৰায় ৫০ জন ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জোৱান মোতায়েন কৰা হয় । এএনআইৰ সূত্ৰৰ উদ্ধৃতি দি আইচিজি বিষয়াসকলে কয়, "মঙলবাৰে পুৱা গুজৰাটৰ ওখাৰ ওচৰৰ দ্বাৰকা উপকূলৰ ওচৰত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ এএলএইচ ধ্ৰুৱ হেলিকপ্টাৰেৰে পৰিচালিত জেক-আপ ৰিগৰ ছিংগাপুৰৰ পৰা ৫০ জন কৰ্মচাৰীক স্থানান্তৰ কৰা হৈছে ।"

লগতে পঢ়ক :Cyclone Biparjoy : গুজৰাটত হাই এলাৰ্ট; সুৰক্ষিত স্থানলৈ প্ৰেৰণ উপকূলৰ বাসিন্দাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.