ETV Bharat / bharat

G20 meeting in chhattisgarh: আজিৰে পৰা ৰায়পুৰত আৰম্ভ হৈছে G20 ফ্ৰেমৱৰ্ক ৱৰ্কিং গ্ৰুপৰ বৈঠক

author img

By ETV Bharat Assamese Team

Published : Sep 18, 2023, 2:52 PM IST

G20 meeting in chhattisgarh
ৰায়পুৰত আৰম্ভ হৈছে G20 ফ্ৰেমৱৰ্ক ৱৰ্কিং গ্ৰুপৰ বৈঠক

দুদিনীয়া কাৰ্যসূচীৰে ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত অনুষ্ঠিত হৈছে G20 ফ্ৰেমৱৰ্ক ৱৰ্কিং গ্ৰুপৰ বৈঠক ৷ ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা চান্দনী ৰাইনাই এই বৈঠকৰ সভাপতিত্ব কৰে ।

নেশ্যনেল ডেস্ক, 18 আগষ্ট: ছত্তীশগড়ৰ ৰাজধানী ৰায়পুৰত G 20 ফ্ৰেমৱৰ্ক ৱৰ্কিং গ্ৰুপৰ বৈঠক আৰম্ভ হৈছে । নভা ৰায়পুৰৰ মেফেয়াৰ ৰিজ’ৰ্টত আৰম্ভ হোৱা এই বৈঠকত আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সংগঠনৰ 65 জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । ভাৰতৰ বিত্ত মন্ত্ৰালয়ৰ উপদেষ্টা চান্দনী ৰাইনাই এই বৈঠকৰ সভাপতিত্ব কৰে ।

সোমবাৰে এই দুদিনীয়া বৈঠকৰ প্ৰথমটো দিন । কাইলৈ বৈঠকৰ সামৰণি পৰিব । লাভ কৰা তথ্য অনুসৰি সভাৰ পূৰ্বে প্ৰতিনিধিসকলে নাও চলোৱাৰ আনন্দ লাভ কৰিছিল আৰু তাৰ পিছত হোটেলখনত আয়োজন কৰা যোগাসন অধিবেশনত অংশগ্ৰহণ কৰিছিল প্ৰতিনিধিসকলে ।

বিদেশী অতিথিসকলক ছত্তীশগড়ী শৈলীত আদৰণি জনোৱা হয়: ৰায়পুৰত G 20 ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দেওবাৰে ৰায়পুৰত উপস্থিত হয় G 20 ৰ সদস্য আৰু প্ৰতিনিধি । ৰাজধানীত উপস্থিত হোৱাৰ পিছত সকলো বিদেশী অতিথিক ছত্তীশগড়ী শৈলীত আদৰণি জনোৱা হয় । অতিথিসকলক বিমানবন্দৰৰ বাহিৰত পৰম্পৰাগত লোকগীত-লোকনৃত্যৰে আদৰণি জনোৱা হয় ।

ৰায়পুৰত G 20 ৱৰ্কিং গ্ৰুপৰ বৈঠকঃ ছত্তীশগড়ী পৰম্পৰাৰে আদৰণি জনোৱা G 20 ৰ বৈঠকত অংশগ্ৰহণৰ বাবে ৰায়পুৰত উপস্থিত হয় বিদেশী অতিথি ।

ছত্তীশগড় কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক মিছা কথা কোৱাৰ অভিযোগ: ৰায়পুৰত G 20 ইভেণ্টৰ বিবৃতিক লৈ পুনৰ উত্তপ্ত ৰাজনীতি, দল-বিৰোধীয়ে ইজনে সিজনক মিছা কথা কোৱাৰ অভিযোগ উত্থাপন কৰে ।

অতিথিক যোগান ধৰিছে ছত্তীশগড়ী ব্যঞ্জনঃ বহিঃৰাজ্যৰ আলহীক বিশেষ ছত্তীশগড়ী ব্যঞ্জন পৰিবেশন কৰা হৈছে । লগতে ছত্তীশগড়ৰ বাজৰাৰ দ্বাৰা তৈয়াৰী ব্যঞ্জন বিদেশী অতিথিৰ খাদ্য তালিকাত ৰখা হৈছে ।

বিদেশী অতিথিলৈ ছত্তীশগড়ী সংস্কৃতিৰ উপহাৰঃ G 20 ৱৰ্কিং গ্ৰুপৰ বৈঠকত অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিক উপহাৰ হিচাপে দিয়া হ’ব ছত্তীশগড়ী সংস্কৃতিৰ উপহাৰ । য’ত থাকিব মৌ, এলোভেৰা জেল আৰু অশ্বগন্ধা গুড়িৰে প্ৰস্তুত কৰা সামগ্ৰী প্ৰদান কৰা হ’ব অতিথিক । চত্তীশগড়ৰ ঢোকৰা শিল্পৰ পৰা নিৰ্মিত ভাস্কৰ্যও উপহাৰ হিচাপে দিয়া হ’ব ।

G 20 ৰ লক্ষ্য পূৰণৰ বাবে ভাৰত চৰকাৰৰ উদ্যোগত সমগ্ৰ দেশতে G 20 বৈঠকৰ আয়োজন কৰা হৈছে । আজি আৰু কাইলৈ ​​ৰায়পুৰত এখন সভা অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক: Parliament Special Session 2023: সংসদৰ বিশেষ অধিৱেশনত দাখিল কৰা হ’ব মহিলা সংৰক্ষণ বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.