ETV Bharat / bharat

Fraud with jailer: তিহাৰৰ কাৰাগাৰৰ সহকাৰী অধীক্ষকক প্ৰৱঞ্চনা; হৰলুকি 51 লাখ টকা

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 9:37 PM IST

প্ৰৱঞ্চকৰ জালত পৰি সৰ্বস্বান্ত হৈছে তিহাৰ কাৰাগৰৰ সহকাৰী অধীক্ষক দীপক শৰ্মা ৷ এটা দম্পত্তিয়ে অতি কৌশলেৰে তেওঁৰ পৰা লুটি নিলে 51 লাখ টকা ৷

Fraud with jailer
Fraud with jailer

নেশ্যনেল ডেস্ক, 29 আগষ্ট: প্ৰৱঞ্চকৰ জালত পৰিল তিহাৰ কাৰাগাৰৰ সহকাৰী অধীক্ষক দীপক শৰ্মা ৷ দীপক শৰ্মাক এটা জিমত বিনিয়োগ কৰিবলৈ আৰু তেওঁৰ ইয়াৰ ব্ৰেণ্ড এম্বেচেডৰ কৰাৰ প্ৰলুভন দি 51 লাখ প্ৰৱঞ্চনাৰে লুটি নিয়াৰ তথ্য পোহৰলৈ আহিছে ৷

অভিযোগ অনুসৰি এটা ৰিয়েলিটি শ্ব’ত অংশ লোৱা এগৰাকী মহিলাই তেওঁৰ স্বামীৰ সৈতে লগ হৈ প্ৰৱঞ্চনাৰে দীপক শৰ্মাৰ ধন হৰলুকি কৰিছে ৷ এই সন্দৰ্ভতো ভুক্তভোগী দীপক শৰ্মাই এখন এজাহাৰ দাখিল কৰাৰ লগতে দুই পলাতক অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে দীপক শৰ্মা তেওঁৰ পৰিয়ালৰ সৈতে পূব দিল্লীৰ বিনোদ নগৰত বাস কৰে ৷ সম্প্ৰতি তেওঁ তিহাৰ কাৰাগাৰৰ সহকাৰী অধীক্ষক হিচাবে কৰ্মৰত হৈ আছে ৷ জানিব পৰা মতে দেহশ্ৰী প্ৰতিযোগিতাৰ লগতে বিভিন্ন ৰিয়েলিটি শ্ব’তো অংশ গ্ৰহণ কৰে দীপক শৰ্মাই ৷ দীপক শৰ্মাই সদৰী কৰা অনুসৰি তেওঁ 2021 চনত ডিস্কভাৰী চেনেলৰ ‘‘আলটিমেট ৱাৰিয়ৰ্ছ’’ত অংশগ্ৰহণ কৰিছিল ৷

সেই শ্ব’তেই অংশগ্ৰহণ কৰিছিল ৰৌনক গুলিয়া নামৰ এগৰাকী মহিলাই ৷ লাহে লাহে ৰৌনকৰ সৈতে বন্ধুত্বৰ সম্পৰ্ক গঢ়ি উঠিছিল দীপক শৰ্মাৰ ৷ দীপকে উল্লেখ কৰা অনুসৰি তেওঁক পৰৱৰ্তী পৰ্যায়ত ৰৌনক গুলিয়াই তেওঁৰ স্বামী অংকিত গুলিয়াৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু তেওঁক (দীপক) কয় যে তেওঁ এজন ডাঙৰ ব্যৱসায়ী ৷

চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰৌনকে দীপকক কয় যে তেওঁৰ স্বামীৰ ব্যৱসায় ভালদৰে চলি আছে আৰু তেওঁ যথেষ্ট লাভ কৰিছে ৷ কিন্তু একাধিক ব্ৰেণ্ড আৰু আউটলেট খুলিবলৈ অধিক ধনৰ প্ৰয়োজন ৷ ধন বিনিয়োগে অধিক লাভ বৃদ্ধি কৰিব ৷ ৰৌনকে দীপকক তেওঁৰ স্বামীৰ কোম্পানীত 50 লাখ টকা বিনিয়োগ কৰিবলৈ প্ৰস্তাৱ দিছিল আৰু 10 ৰ পৰা 15 শতাংশ লাভৰ সৈতে ব্ৰেণ্ড এম্বেচেডৰ হোৱাৰ প্ৰস্তাৱ দিছিল ৷

এপ্ৰিলত, তেওঁ টকা ঘূৰাই পোৱাৰ কথা আছিল, কিন্তু নিৰ্ধাৰিত সময়ত তেওঁ ঘূৰাই পোৱা নাছিল ৷ লাহে লাহে তেওঁ বুজি উঠে যে তেওঁলোক প্ৰৱঞ্চনা কৰা হৈছে ৷ ইয়াৰ পাছতেই তেওঁ আৰক্ষী থানাত গোচৰ কৰে ৷ সম্প্ৰতি ঘটনাটো আৰক্ষীয়ে তদন্ত কৰি আছে ৷

লগতে পঢ়ক: Al-Qaeda Assam module : অসমৰ সৈতে সম্পৰ্কিত দুই আল-কায়দাৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.