ETV Bharat / bharat

দুৰ্ঘটনাত পতিত অমৰনাথ যাত্ৰীৰ বাহন; কথমপি প্ৰাণ ৰক্ষা চাৰি তীৰ্থযাত্ৰীৰ

author img

By

Published : Jul 1, 2022, 11:03 AM IST

Four pilgrims were injured in accident an Amarnath Yatra
দুৰ্ঘটনাত পতিত অমৰনাথ যাত্ৰীৰ বাহন

দুবছৰৰ দীঘলীয়া বিৰতিৰ অন্তত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে অমৰনাথ যাত্ৰা (Amarnath yatra 2022) । জম্মু কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয় অমৰনাথ যাত্ৰাৰ বাহন ৷ কথমপি প্ৰাণ ৰক্ষা চাৰি তীৰ্থযাত্ৰীৰ (Four pilgrims injured in accident) ৷

নেশ্যনেল ডেস্ক, 1 জুলাই : জম্মু কাশ্মীৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা (Road accident in Jammu Kashmir highway) ৷ জম্মুৰ পৰা কাশ্মীৰলৈ তীৰ্থযাত্ৰী লৈ যোৱা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বানিহালৰ শ্বেৰবিবি অঞ্চলত ঘাইপথৰ পৰা বাগৰি পৰে ৷ এই দুৰ্ঘটনাত চাৰিগৰাকী তীৰ্থযাত্ৰী গুৰুতৰভাৱে আহত হয় (Four pilgrims injured in accident) ৷

আহতসকলক উত্তৰ প্ৰদেশৰ কুন্দন কুমাৰ (56), ছত্তীশগড়ৰ বিনয় গুপ্তা (10), অনিতা গুপ্তা (৪৯) আৰু গড় (৩৯) বুলি চিনাক্ত কৰা হৈছে ৷ সম্প্ৰতি আহতসকলক বানিহাল চিকিৎসালয়লত ভৰ্তি কৰা হৈছে ৷ জানিব পৰামতে আহত দুজনৰ শৰীৰৰ হাঁড় ভগাৰ ফলত গুৰুতৰভাৱে কষ্ট পায় ৷

বৰ্তমান লোককেইজন সুস্থিৰ অৱস্থাত আছে বুলি জানিব পৰা গৈছে ৷ দুৰ্ঘটনাত পতিত হোৱা তীৰ্থযাত্ৰীকেইগৰাকীয়ে অহা 3 জুলাইত দক্ষিণ কাশ্মীৰৰ হিমালয়ৰ গুহা পৰিদৰ্শন কৰাৰ পৰিকল্পনা কৰি আহিছিল ৷

উল্লেখ্য যে, 30 জুলাই, বৃহস্পতিবাৰৰ পৰা দুবছৰৰ অন্তত বাৰ্ষিক অমৰনাথ যাত্ৰা আৰম্ভ হৈছে ৷ তীৰ্থ ভ্ৰমণ কৰিবলৈ অহা ২,৭৫০ জনীয়া তীৰ্থযাত্ৰীৰ এটা দলে দক্ষিণ কাশ্মীৰ হিমালয়ত প্ৰাকৃতিকভাৱে গঠিত হোৱা বৰফৰ লিংগস্থিত গুহা পৰিদৰ্শনৰ বাবে ৰাওনা হয় ৷ অনন্তনাগৰ জিলা উন্নয়ন আয়ুক্ত ডাঃ পীয়ুষ চিংলাই নানুন ঘাটি শিবিৰৰ পৰা ২৭৫০ গৰাকী তীৰ্থযাত্ৰীৰ প্ৰথমটো দলক ফ্লেগ অফ কৰি শ্ৰী অমৰনাথ যাত্ৰাৰ আনুষ্ঠানিক মুকলি কৰিছিল (Deputy Commissioner Piyush Singla) ৷

প্ৰতিটো ষ্টপত তীৰ্থযাত্ৰীসকলৰ নিৰাপত্তা আৰু অন্যান্য সুবিধা নিশ্চিত কৰাৰ বাবে প্ৰশাসনৰ দ্বাৰা কঠোৰ নিৰাপত্তাসহ সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Security and other facilities of pilgrims have been ensured) ৷ প্ৰথমে তীৰ্থযাত্ৰী সকলক বাহনেৰে নানুন ৱান বেচ কেম্পৰ পৰা চন্দনৱাৰীলৈ লৈ যোৱা হয়, য'ৰ পৰা তেওঁলোকে সাগৰ পৃস্থৰ পৰা ৩০০০ ফুট উচ্চতাত ঘুপ্পাত উপস্থিত হয় ৷ ইয়াৰ পিছত যাত্ৰীসকলে খোজকাঢ়ি, ঘোঁৰা অথবা দাণ্ডিৰ সহায়ত যাত্ৰা কৰিছে যদিও একাংশ যাত্ৰীয়ে হেলিকপ্টাৰেৰে ঘাপ্পালৈ ৰাওনা হয় ৷

লগতে পঢ়ক: মণিপুৰত ভয়ংকৰ ভূমিস্খলন: ৭ গৰাকী ভাৰতীয় সেনাসহ এগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.