ETV Bharat / bharat

Independence Day 2023: সীমান্ত পথ নিৰ্মাণত নিয়োজিত ৪ কৰ্মীয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ আতিথ্য

author img

By

Published : Aug 16, 2023, 2:17 PM IST

Independence Day 2023
সীমান্ত পথ নিৰ্মাণত নিয়োজিত ৪ কৰ্মীয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ আতিথ্য

সীমান্ত পথ নিৰ্মাণত নিয়োজিত 4 গৰাকী কৰ্মচাৰীৰ বাবে বিশেষ সুবিধা ৷ প্ৰধানমন্ত্ৰীৰ নিমন্ত্ৰণ লাভ কৰে 4 কৰ্মচাৰীয়ে ৷ লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ বিশেষ সুযোগ লাভ কৰ্মচাৰী সকলৰ ৷

সীমান্ত পথ নিৰ্মাণত নিয়োজিত ৪ কৰ্মীয়ে লাভ কৰিলে প্ৰধানমন্ত্ৰীৰ আতিথ্য

তেজপুৰ, 16 আগষ্ট: সীমান্ত পথ নিৰ্মাণত নিয়োজিত 4 গৰাকী কৰ্মচাৰীয়ে লাভ কৰিলে বিশেষ সুবিধা ৷ স্বাধীনতা দিৱসৰ দিনা দিল্লীত অনুষ্ঠিত পেৰেড অনুষ্ঠানলৈ 4 গৰাকী কৰ্মচাৰীক প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনায় ৷ এই চাৰি কৰ্মচাৰীয়ে সীমান্ত অঞ্চলত পথ নিৰ্মাণৰ প্ৰকল্পত গ্ৰাউণ্ড কৰ্মচাৰী হিচাপে কাম কৰি আহিছে ৷

বিগত ১৫ বছৰ ধৰি ভাৰত-চীন সীমান্তৰ নাথুলা পাচলৈ যোৱা দুৰ্গম পথত কাম কৰি অহা বাদল ৰায়সহ 3 গৰাকী কৰ্মচাৰীৰ লগতে তেওঁলোকৰ পৰিয়ালক প্ৰধানমন্ত্ৰীয়ে আমন্ত্ৰণ জনায় ৷ বিশেষকৈ সীমান্তৱৰ্তী অঞ্চলত মহিলা সকলৰ সেৱাৰ স্বীকৃতি স্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্ত পথ সংস্থাৰ শ্ৰমিকসকলক আমন্ত্ৰণ ৷ য’ত দেশৰ ৰাজধানী দিল্লীৰ লালকিল্লাত অনুষ্ঠিত স্বাধীনতা দিৱসৰ অনুষ্ঠান প্ৰত্যক্ষ কৰাৰ বিশেষ সুযোগ লাভ কৰে ৷

ভাৰতৰ সীমান্তৱৰ্তী গাঁৱৰ পৰা পৰিয়ালসহ ৫০ জনতকৈ অধিক বি আৰ অ’ কৰ্ময়ে এইবাৰৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে ‘‘স্বাধীনতাৰ অমৃত মহোৎসৱ’’ উদযাপনৰ অংশ হিচাপে ৷ ইয়াৰ দ্বাৰা "ৰাষ্ট্ৰীয় সংহতি" আৰু সীমান্ত অঞ্চলৰ সৈতে সংযোগ স্থাপনৰ এক নতুন দৃষ্টিভংগী প্ৰকাশ পাইছে ।

আনহাতে সকলো শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ যাতায়তৰ লগতে থকা-খোৱা সম্পূৰ্ণ খৰচ বহন কৰে সীমান্ত পথ নিৰ্মাণকাৰী সংস্থা বি আৰ অৱে ৷ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ চৌধুৰীৰ নেতৃত্বত বি আৰ অ’ই ভাৰতৰ সীমান্তৱৰ্তী দুৰ্গম অঞ্চলত পথ নিৰ্মাণৰ কাম চলি আছে ৷

ইফালে লালকিল্লাত স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰি ছিকিমৰ দুৰ্গম গাঁৱৰ সহজ সৰল লোকসকল ৰোমাঞ্চিত হৈ পৰে ৷ এই সন্দৰ্ভত বাদল ৰায়ে জনায় যে, তেওঁলোকক নিমন্ত্ৰণ কৰাটো কেৱল তেওঁৰ বাবেই নহয়, সমগ্ৰ ছিকিমৰ বাবেও এক বৃহৎ সন্মানৰ বিষয় ৷ প্ৰধানমন্ত্ৰীয় লালকিল্লালৈ নিমন্ত্ৰণ কৰাত আমি অতি গৌৰাম্বিত ।

লগতে পঢ়ক: PM Modi wore special turban : ১০ বছৰে স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীৰ পোছাকৰ আকৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.