ETV Bharat / bharat

Bharat Jodo Yatra viral video: কংগ্ৰেছে দিব বিজেপিৰ আইটি চেলৰ বিৰুদ্ধে মানহানিৰ গোচৰ

author img

By

Published : Dec 22, 2022, 1:21 PM IST

Jitendra Singh
কংগ্ৰেছে দিব বিজেপিৰ আইটি চেলৰ বিৰুদ্ধে মানহানিৰ গোচৰ

জীতেন্দ্ৰ সিং আৰু ৰাহুল গান্ধীৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে (Viral video of Rahul Gandhi and Jitendra Singh)। বিজেপিৰ আইটি চেলৰ ভাৰপ্ৰাপ্ত বিষয়াই ভিডিঅ'টো টুইট কৰি কংগ্ৰেছীসকলক আক্ৰমণ কৰিছে । জীতেন্দ্ৰ সিঙৰ মতে ভাৰত জোড়ো যাত্ৰাক লৈ বিজেপি শংকিত । ৰাহুল গান্ধীয়ে পিন্ধা জোতাবোৰত ফিটা নাই । এনে পৰিস্থিতিত বিজেপিয়ে কেৱল মিছা কথা প্ৰচাৰৰ বাবে হে কাম কৰি আছে ।

নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ : বিজেপিৰ আইটি চেলৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে (Congress to file defamation case against BJP)! বিজেপিৰ মিথ্যাচাৰৰ ৰাজনীতিৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ নেতাগৰাকী । শেহতীয়াকৈ সামাজিক মাধ্যমত বিজেপিৰ আইটি চেলে এটা ভাইৰেল ভিডিঅ'ক লৈ কংগ্ৰেছক আক্ৰমণ কৰাৰ পাছতে ক্ষোভিত হৈ পৰিছে নেতাগৰাকী ।

উল্লেখ্য যে কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ দলটো আলৱাৰত আছে (Congress Bharat Jodo Yatra)। ৰাহুল গান্ধীৰ সৈতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙেও যাত্ৰা কৰি আছিল । যাত্ৰাৰ সময়ত জীতেন্দ্ৰ সিঙৰ জোতাৰ ফিতা খুলি আছিল । হঠাতে ৰাহুল গান্ধীৰ চকু জীতেন্দ্ৰ সিঙৰ জোতাৰ ওপৰত পৰিল ।

Cngress
জীতেন্দ্ৰ সিঙৰ হে জোতাৰ ফিটা খুলি আছিল !

তেওঁ লগে লগে ইংগিত দি জোতাৰ ফিতা খোলাৰ বিষয়ে জীতেন্দ্ৰ সিঙক অৱগত কৰিলে । তাৰ পাছত জীতেন্দ্ৰ সিঙে ৰাহুল গান্ধীৰ সন্মুখতে জোতাৰ ফিতা বান্ধিবলৈ আৰম্ভ কৰে । কংগ্ৰেছ লাইভৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল (Viral video of Rahul Gandhi and Jitendra Singh)। কিন্তু এই ভিডিঅ'টোক লৈ বিজেপিয়ে ৰাজনীতি আৰম্ভ কৰিছে ।

Congress
বিজেপিক তীব্ৰ সমালোচনা জীতেন্দ্ৰ সিঙৰ

বিজেপিৰ আইটি চেলৰ ভাৰপ্ৰাপ্ত বিষয়া অমিত মালৱীয়ই ভিডিঅ'টো টুইটযোগে শ্বেয়াৰ কৰি লিখিছে যে জীতেন্দ্ৰ সিঙে ৰাহুল গান্ধীৰ জোতাৰ ফিতা বান্ধি আছে (BJP IT cell head Amit Malviya tweet matter)। কংগ্ৰেছৰ ভিতৰচ'ৰাত এই ধৰণৰ প্ৰথা চলি আছে নেকি বুলি তেওঁ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীকো প্ৰশ্ন কৰে । এই টুইটৰ পাছে, ভিডিঅ'টো বিজেপিৰ বহু নেতা-কৰ্মীয়ে শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিলে । কেইঘণ্টামানৰ ভিতৰতে, ভিডিঅ'টো ভাইৰেল হৈ পৰিল । ইফালে কংগ্ৰেছৰ আদৰ্শৰ লগতে কংগ্ৰেছ নেতাসকলকো বিজেপিয়ে সামাজিক মাধ্যমত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে । ভিডিঅ'টোক লৈ কংগ্ৰেছক বহুতে ট্ৰ'ল কৰাও দেখা গৈছে ।

BJP IT cell
বিজেপিৰ মিথ্যাচাৰৰ ৰাজনীতি !

বিজেপি নেতা আৰু মন্ত্ৰীসকলে কংগ্ৰেছ নেতাসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা পোৱাৰ লগে লগে সৰৱ হৈ পৰিছে জীতেন্দ্ৰ সিং । এইবাৰ বিজেপিৰ বিৰুদ্ধে টুইট কৰিছে নেতাগৰাকীয়ে (Jitendra Singh counter attack on viral video)। তেওঁ লিখিছে যে যদি বিজেপিৰ তথ্য প্ৰযুক্তি কোষে এনে ধৰণৰ কাৰ্যকলাপৰ পৰা বিৰত নাথাকে আৰু এই টুইট ডিলিট নকৰে, তেন্তে তেওঁলোকে আইটি চেলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিব আৰু আইনী ব্যৱস্থা গ্ৰহণ কৰিব । মিছা কথা প্ৰচাৰ চলোৱাৰ বাবে টুইটযোগে বিজেপিৰ আইটি চেলক এক প্ৰকাৰ সকীয়নি প্ৰদান কৰে জীতেন্দ্ৰ সিঙে ।

ইটিভি ভাৰতৰ সন্মুখত জীতেন্দ্ৰ সিঙে কয় যে বিজেপি হতাশ হৈ পৰিছে । বিজেপিয়ে ভাৰত জোড়ো যাত্ৰাক লৈ শংকিত হৈ পৰিছে । তেওঁ অভিযোগ কৰা মতে বিজেপিয়ে এক যাত্ৰা আৰম্ভ কৰিছিল য'ত তেওঁলোক বিফল হৈছে । সেইকাৰণে বিজেপি নেতাসকলে ভুল পথ বাছি লৈছে বুলি তেওঁ অভিযোগ কৰে (Jitendra Singh slams BJP)।

জীতেন্দ্ৰ সিঙে ভিডিঅ'টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আচলতে ৰাহুল গান্ধীয়ে পিন্ধা জোতাবোৰত ফিটা নাই । জীতেন্দ্ৰ সিঙৰ মতে ৰাহুল গান্ধীৰ সন্মুখত তেওঁ নিজৰ জোতাৰ ফিটাহে বান্ধি আছিল । কিন্তু বিজেপিয়ে মিছা প্ৰচাৰ চলাইছে । সেয়েহে বিজেপিয়ে ৰাহুল গান্ধীৰ ওচৰত ক্ষমা বিচাৰিব লাগে বুলিও তেওঁ দাবী কৰে ।

ইফালে ক'ভিডৰ বাবে স্বাস্থ্য বিভাগে কংগ্ৰেছক পত্ৰ প্ৰেৰণ কৰাক লৈও জীতেন্দ্ৰ সিঙে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁৰ মতে বিজেপিয়ে কংগ্ৰেছৰ এই যাত্ৰা বন্ধ কৰিবলৈ চেষ্টা কৰি আছে । আনহাতে বিজেপি নেতাসকলে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ দৰে ৰেলী অনুষ্ঠিত কৰি আছে । বিজ্ঞান ভৱন আৰু সমগ্ৰ দেশতে চলি থকা কাৰ্যসূচীসমূহৰ প্ৰতি বিজেপিৰ কোনো মনোযোগ নাই ।

লগতে পঢ়ক :Covid Protocols Letter: ভাৰত জোড়ো যাত্ৰা ব্যাহত কৰাৰ চেষ্টা, স্বাস্থ্যমন্ত্ৰীৰ পত্ৰ সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.