ETV Bharat / bharat

Former Tripura Minister came under attack : দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণৰক্ষা প্ৰাক্তন মন্ত্ৰী ৰতন ভৌমিকৰ

author img

By

Published : May 31, 2022, 11:06 AM IST

ত্ৰিপুৰাত উপ নিৰ্বাচনৰ (Tripura by election) পূৰ্বে ৰাজনৈতিক হিংসাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক ৰতন ভৌমিকৰ (attack alleged by BJP backed goons) ৷

tripura-by-election-former-tripura-minister-came-under-attack-alleged-by-bjp-backed-goons
Tripura by-election: বিজেপিৰ গুণ্ডাবাহিনীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা ত্ৰিপুৰাৰ বিধায়ক ৰতন ভৌমিকৰ!

আগৰতলা, 31 মে' : ত্ৰিপুৰাত উপ নিৰ্বাচনৰ (Tripura by election) পূৰ্বে ৰাজনৈতিক হিংসাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ সময়তেই দুৰ্বৃত্তই আক্ৰমণ কৰাৰ অভিযোগ ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা চিপিআইএমৰ বিধায়ক ৰতন ভৌমিকৰ (Attack alleged by BJP backed goons) ৷

সোমবাৰে ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ উপ-সংমণ্ডলৰ অন্তৰ্গত জামজুৰি অঞ্চলত হোৱা আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়কগৰাকী (Former Tripura Minister attack alleged by goons) ।

দুৰ্বৃত্তৰ দলটোৱে বিধায়কজনৰ বাহনখন ভাঙি চুৰমাৰ কৰে ৷ সংবাদ মাধ্যমৰ আগত ভৌমিকে ঘটনা সন্দৰ্ভত জনায় যে- গংগাচেহেৰা অঞ্চলতলৰ এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ঘৰলৈ আহি থাকোঁতে ভৌমিকৰ বাহনলৈ উদ্দেশ্যি দুৰ্বৃত্তই ইটা নিক্ষেপ কৰিছিল ৷ এই ঘটনাৰ দুদিন পূৰ্বে বিধায়কগৰাকীয়ে আৰক্ষীক তেওঁৰ উদয়পুৰৰ বাসগৃহত থকাৰ কথা অৱগত কৰিছিল ৷ বিধায়কগৰাকীয়ে এই সমগ্ৰ কাণ্ড বিজেপিৰ গুণ্ডাবাহিনীয়ে সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰে ৷

লগতে তেওঁ কয়- "মই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতেই সেই সভাত বিজেপিৰ গুণ্ডাবাহিনীৰ দলে তহল দি ফুৰা বুলি এক সূত্ৰই খবৰ দিছিল ৷ বিয়লি প্ৰায় ৩ বজাত মই জনসভাৰ পৰা উভতি অহাৰ পথত বিজেপিৰ দুৰ্বৃত্তই মোৰ বাহনখনত ইটা নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিছিল ৷ ইটাৰ প্ৰহাৰত মোৰ বাহনখনৰ অধিকাংশ ভাঙি চুৰমাৰ হৈছিল" ৷ ইটাৰ প্ৰহাৰত বিধায়কজন যথেষ্ট পৰিমাণে আঘাতপ্ৰাপ্ত হয় ৷

এই ঘটনা সন্দৰ্ভত ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা মাণিক সৰকাৰে এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে ৷ অচিৰেই আক্ৰমণত জড়িত অপৰাধীসকলক কঠোৰ শাস্তি দিবলৈ দাবী উত্থাপন কৰে ৷

উল্লেখ্য যে, 23 জুনত ত্ৰিপুৰা বিধানসভাৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ সোমবাৰে উপ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে চিপিএমে ৷

লগতে পঢ়ক: Tripura By elections 2022: নিৰপেক্ষ আৰু শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে প্ৰশিক্ষণ কৰ্মশালা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.