Fog wreaks havoc in UP : ৰায়বেৰেলীত কুঁৱলীৰ বাবে ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩

author img

By

Published : Jan 11, 2023, 1:19 PM IST

UP

ৰায়বেৰেলী জিলাত কুঁৱলীৰ বাবে এখন ডাম্পাৰে নিয়ন্ত্ৰণ হেৰুৱাই এখন চাহৰ দোকানত প্ৰৱেশ কৰে । সেই সময়ত চাহৰ দোকানখনত থকা 8 জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । তাৰে ভিতৰত 3 জন লোকৰ মৃত্যু হয় । আনহাতে, আন পাঁচজন লোকো আহত হয় (3 died in horrific road accident in Rae Bareli) ।

নিউজ ডেস্ক, ১১ জানুৱাৰী : উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাত কুঁৱলীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে (Fog wreaks havoc in Rae Bareli) । যাৰ ফলত হোৱা দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হয় । মঙলবাৰে পুৱা গুৰুবাক্ষগঞ্জ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত খাগিয়া খেৰা গাঁৱৰ ওচৰৰ বান্দা বাহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ কাষৰ চাহৰ দোকানত ডাম্পাৰে আঠজন লোকক পিষ্ট কৰে । দুৰ্ঘটনাটোত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন গুৰুতৰভাৱে আহত হয় (3 died in horrific road accident in Rae Bareli) । পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় লোকৰ সহায়ত আহতসকলক চিকিৎসাৰ বাবে চিএইচচিলৈ লৈ যায় আৰু সাহায্য আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰে ।

উল্লেখ্য, মঙলবাৰে পুৱা গাঁওখনৰ প্ৰায় 12 জন লোকে গুৰুবাক্ষগঞ্জ আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বান্দা বাহৰাইচ ৰাষ্ট্ৰীয় ঘাইপথৰ খাগিয়া খেদা গাঁৱৰ ওচৰৰ এখন চাহৰ দোকানত চাহ খাই আছিল (road accident due to fog) । সেই সময়ত ৰাস্তাত প্ৰচণ্ড কুঁৱলী আছিল । এই কুঁৱলীৰ মাজতে হঠাতে চাহৰ দোকানৰ ফালে এখন ডাম্পাৰ আগুৱাই আহি থকা দেখা যায় (Fog hits Uttar Pradesh) । কিন্তু দোকানখনত উপস্থিত থকা গাঁওবাসীয়ে কিবা বুজি পোৱাৰ পূৰ্বেই 8 জন লোকক ডাম্পাৰখনে খুন্দিয়ায় । দুৰ্ঘটনাটোত গাঁওখনৰ ৩ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হয় । আনহাতে, 5 জন লোক গুৰুতৰভাৱে আহত হয় ।

ইফালে দুৰ্ঘটনাৰ তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত গৈ গাঁওবাসীৰ এক বৃহৎ ভিৰ জমা হয় । আনহাতে, আৰক্ষীয়ে দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পিছত আৰক্ষী গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসাৰ বাবে চিএইচচিলৈ লৈ যায় (fog hits Delhi and North India) । গাঁৱৰ পূৰ্বৰ গাঁওবুঢ়া তিলক সিঙে ঘটনা সন্দৰ্ভত কয় যে কেইজনমান গাঁওবাসীয়ে চাহৰ দোকানখনত চাহ খাই আছিল ।

সেই সময়তে হঠাতে দোকানখনত এখন ডাম্পাৰ প্ৰৱেশ কৰে । যাৰ ফলত তিনিজন লোকৰ মৃত্যু হয় আৰু পাঁচজন লোক আহত হয় । চালক আৰু ডাম্পাৰক ইতিমধ্যে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে । ইফালে ঘটনা সন্দৰ্ভত কানপুৰৰ বাসিন্দা তথা সুনীল নামৰ ডাম্পাৰখনৰ চালকজনে কয় যে কুঁৱলীৰ বাবে তেওঁ একো দেখা পোৱা নাছিল । যাৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক :Court sentences Gujarat cop life imprisonment: পত্নী-কন্যাৰ হত্যাৰ অপৰাধত এজন জোৱানক যাৱজ্জীৱন কাৰাদণ্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.