ETV Bharat / bharat

Court sentences Gujarat cop life imprisonment: পত্নী-কন্যাৰ হত্যাৰ অপৰাধত এজন জোৱানক যাৱজ্জীৱন কাৰাদণ্ড

author img

By

Published : Jan 11, 2023, 8:53 AM IST

Updated : Jan 11, 2023, 9:11 AM IST

10 year old double murder case in Gujrat
বিয়াৰ বাবেই স্বামীৰ হাতত প্ৰাণ গ’ল এগৰাকী পত্নীৰ লগতে কন্যাৰ

নিজৰ পুত্ৰৰ বিয়ালৈ যাবলৈ জোৰ কৰাৰ বাবেই ৰাজ্যিক সংৰক্ষিত বাহিনী চমুকৈ এচআৰপিৰ এজন জোৱানে 21 টুকুৰাকৈ কাটিছিল নিজৰ পত্নী-কন্যাক (wife and daughter into 21 pieces in Gujrat)৷ আদালতত চলা শুনানীৰ অন্তত মংগলবাৰে আৰৱল্লী সত্ৰ ন্যায়ালয়ে জোৱানজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি শাস্তি ঘোষণা কৰে ৷

নেশ্যনেল ডেস্ক, 11 জানুৱাৰী : এখন বিয়াই কাল হৈছিল গুজৰাটৰ এগৰাকী বোৱাৰীৰ লগতে এটি কন্যা শিশুৰ ৷ পৰিণতিত প্ৰাণ গৈছিল মাতৃ-কন্যাৰ ৷ প্ৰথমা পত্নীৰ পুত্ৰৰ বিবাহ অনুষ্ঠানলৈ যাবলৈ জোৰ কৰাৰ বাবেই ৰাজ্যিক সংৰক্ষিত বাহিনী চমুকৈ এচআৰপিৰ এজন জোৱানে টুকুৰা-টুকুৰকৈ কাটি 21 ভাগ কৰিছিল নিজৰ দ্বিতীয় পত্নীৰ লগতে এটি কন্যা শিশুক ৷ পৰৱৰ্তী সময়ত জোৱানজনে নিজৰ পত্নী কন্যাৰ মৃতদেহৰ টুকুৰা পেলাই দিছিল এজন খেতিয়কৰ কুঁৱা এটাত ৷

খেতিয়কজনে কুঁৱাটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ বিষয়ে স্থানীয় ভিলোডা আৰক্ষীক অৱগত কৰাৰ পাছত আৰক্ষীয়ে কুঁৱাটোৰ পৰা এগৰাকী মহিলা আৰু ৫ বছৰীয়া এটি কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ কৰিছিল (Police recovered woman and a child bodies from well in Gujrat) । আৰক্ষীয়ে মহিলাগৰাকীৰ হাতত থকা অঁকা থকা টেটুৰ ভিত্তিত মৃত মহিলাগৰাকী আৰু তেওঁৰ কন্যাক চিনাক্ত কৰে আৰু পৰৱৰ্তী সময়ত অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । 10 বছৰ পূৰ্বে সংঘটিত হোৱা এই লোমহৰ্ষক ঘটনাক লৈ আদালতত চলা শুনানীৰ অন্তত ন্যায়ালয়ে মংগলবাৰে এচআৰপিৰ জোৱানজনক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰি শাস্তি ঘোষণা কৰে (Court sentences Gujarat cop life imprisonment for 10 year old double murder case)৷ শাস্তি ঘোষণাৰ পাছতে বিভাগীয় কৰ্তৃপক্ষই জোৱানজনক চাকৰিৰ পৰাও বৰ্খাস্ত কৰে ৷

10 বছৰ পূৰ্বে সংঘটিত এই হত্যাকাণ্ডৰ ঘটনাক লৈ প্ৰাপ্ত বিৱৰণি অনুসৰি, ঘটনাৰ সময়ত ভিলোডা তালুকৰ ৱাংকনেৰ গাঁৱৰ অৰবিন্দ মাৰ্তাভাই ডামোৰ নামৰ এচআৰপিৰ জোৱান গান্ধীনগৰত কৰ্তব্যৰত অৱস্থাত আছিল ৷ পূৰ্বেই বিবাহিত হোৱা স্বত্বেও অৰবিন্দই হসুমতী নামৰ আন এগৰাকী মহিলাৰ লগত আছিল প্ৰেমৰ সম্পৰ্ক আৰু পৰৱৰ্তী সময়ত দুয়ো বিবাহপাশত আবদ্ধ হৈ একেলগে খাকিবলৈ লৈছিল । এনেদৰেই পাৰ হৈছিল সময় ৷ কিছু বছৰৰ অন্তত অৰবিন্দৰ প্ৰথমা পত্নীৰ ল’ৰাৰ বাবে স্থিৰ হৈছিল বিয়া ৷ এই বিয়ালৈ যাবৰ বাবে দ্বিতীয় পত্নী হাসুমতিয়ে অৰবিন্দক জোৰ দিছিল । বিযালৈ যাবৰ বাবে জোৰ দিয়াৰ প্ৰসংগক লৈয়ে হাসুমতী আৰু অৰবিন্দৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল ৷

কাজিয়াৰ ৰ চৰম পৰিনতি হিচাপে এচআৰপিৰ জোৱানজনে নিজৰ চৰকাৰী আৱাসতে হাসুমতী আৰু তেওঁৰ ৫ বছৰীয়া কন্যা সন্তানটিক টুকুৰা-টুকুৰকৈ কাটি হত্যা কৰে । হত্যাৰ পাছত দুয়োৰে মৃতদেহ ২১ টুকুৰা কৰি দুজন সহযোগীৰ সহায়ত অৰবিন্দই গাঁৱলৈ লৈ যায় আৰু পত্নী-কন্যাৰ ক্ষত-বিক্ষত মৃতদেহ এটা বেৰেলত ভৰাই গাঁওখনৰ এটা কুঁৱাত পেলাই দিয়ে ।

উল্লেখ্য যে, মৃতদেহ দুটাৰ ইমানেই অংগচ্ছেদ কৰা হৈছিল যে আৰক্ষীয়ে চিনাক্তকৰণৰ সময়ছোৱাত ভীষণ প্ৰত্যাহ্বানৰ মুখামুখি হ’বলগা হৈছিল । অৱশেষত মৃতদেহৰ হাতত অংকিত থকা টাটুৰ বাবেই আৰক্ষীয়ে হাসুমতীক চিনাক্ত কৰিবলৈ সক্ষম হয় । উল্লেখনীয় যে, সামাজিক ৰীতি-নীতি অনুসৰি বিবাহপাশত আৱদ্ধ হোৱাৰ পাছত গান্ধীনগৰ এচআৰপিত কৰ্তব্যৰত অৰবিন্দ মাৰাতা ডামোৰৰ সংসাৰলৈ আহিছিল এটি পুত্ৰ সন্তান। অৱশ্যে তাৰ পাছতেই প্ৰথমা পত্নীক এলাগী কৰি জোৱানজনে আন এটা সম্প্ৰদায়ৰ এগৰাকী ছোৱালীৰ লগত প্ৰথমে প্ৰেম আৰু পৰৱৰ্তী সময়ত দ্বিতীয়খন বিয়া কৰাইছিল ।

লগতে পঢ়ক : Mobile and ganja seized: অপৰাধৰ ঘাটীত পৰিণত গুৱাহাটী ৰেল ষ্টেচনত জব্দ গাঞ্জা

Last Updated :Jan 11, 2023, 9:11 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.