ETV Bharat / bharat

Tragic road Mishap: শোকাৱহ! পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ 5 গৰাকীৰ কৰুণ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 7:54 AM IST

হাৰদৈত শোকাৱহ পথ দুৰ্ঘটনা ৷ এই পথ দুৰ্ঘটনাটোত শিশুসহ এটা পৰিয়ালৰ 5 গৰাকী লোকে মৃত্যুক আকোঁৱালি লয় ৷

Tragic road Mishap
পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ 5 গৰাকীৰ কৰুণ মৃত্যু

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাৰদৈত শোকাৱহ পথ দুৰ্ঘটনাৰ ঘটনা সংঘটিত হৈছে ৷ এই পথ দুৰ্ঘটনাটোত শিশুসহ এটা পৰিয়ালৰ 5 গৰাকী লোকে মৃত্যুক আকোঁৱালি লয় ৷

হাৰদৈৰ চৱাইজপুৰ কোতৱালী অঞ্চলৰ অন্তৰ্গত বিলহাউৰ-কাটৰা পথৰ খামৰিয়া মৰ্হৰ ওচৰত এই দুৰ্ঘটনাটো সংঘটিত হয়। সোমবাৰে নিশা 10 বজাত ব্যক্তিগত বাহন এখন নিয়ন্ত্ৰণহীন হৈ এডাল গছত খুন্দা মাৰে ৷ লগে লগে এই দুৰ্ঘটনাত এটি চাৰি বছৰীয়া শিশুসহ পাঁচজন লোকৰ মৃত্যু হয় । মৃত লোকসকল পাচদেৱৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাৰাকান্থ গাঁৱৰ বাসিন্দা বুলি কোৱা হৈছে ।

  • #WATCH | Hardoi, UP: Five people of the same family died when their vehicle lost control on the Bilhaur-Katra highway and hit a tree.

    Durgesh Kumar Singh (SP, Hardoi) says, "A total of four persons and a four-year-old child were going from Barakanth village to Nayagaon in a… pic.twitter.com/fBfUG0FkGV

    — ANI (@ANI) October 30, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

লগে লগে স্থানীয় লোকে দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰে ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে হাৰদৈ আৰক্ষী অধীক্ষক, এএছপি নেতৃত্বত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় । দুৰ্ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃত লোকসকলৰ মোবাইল উদ্ধাৰ কৰি পৰিয়ালৰ অন্য লোকক দুৰ্ঘটনাৰ কথা অৱগত কৰে ৷ আৰক্ষীয়ে 5 জন লোককে উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ আনিছিল যদিও আটাইকেইজনকে মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

হাৰদৈৰ এছ পি দুৰ্গেশ কুমাৰ সিঙে ঘটনা সন্দৰ্ভত কয় যে, মুঠ চাৰিজন লোক আৰু এটি চাৰি বছৰীয়া শিশুৱে বাহনখনেৰে বাৰাকান্থ গাঁৱৰ পৰা নয়াগাঁৱলৈ গৈ আছিল। আদ বাটতে তেওঁলোকৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মাৰে ৷ তাৰ পিচতে তেওঁলোকক চিকিৎসালয়লৈ অনা হৈছিল যদিও চিকিৎসকসকলে তেওঁলোকক মৃত বুলি ঘোষণা কৰিছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ আৰক্ষীয়ে পৰিয়ালৰ লোকক অৱগত কৰিছে ৷ পৰিয়ালৰ লোক ইতিমধ্যে ঘটনাস্থলীলৈ ৰাওনা হৈছে ৷

লগতে পঢ়ক: Leprosy detection campaign : তিনিচুকীয়াত কুষ্ঠ ৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.