ETV Bharat / bharat

Drugs from Myanmar: ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ 5 আৰক্ষী জোৱান

author img

By

Published : Jan 17, 2023, 11:02 AM IST

ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰে চহৰেৰে ড্ৰাগছ সৰবৰাহৰ সময়তে সোমবাৰে আৰক্ষীৰ জালত পৰে ৫ জন আৰক্ষী জোৱান (Five cops arrested for drug trafficking in Myanmar)।

Five cops arrested for drug trafficking in Myanmar
ড্ৰাগছ সৰবৰাহৰ অভিযোগত গ্ৰেপ্তাৰ 5 আৰক্ষী জোৱান

নেশ্যনেল ডেস্ক, 17 জানুৱাৰী: সৰিয়হৰ ডুলিতেই ভূত ৷ ড্ৰাগছ সৰবৰাহৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল 5 জনকৈ আৰক্ষী জোৱান (Five policemen arrested for drug trafficking)৷ সোমবাৰে ভাৰত ম্যানমাৰ সীমান্তৰ ম’ৰে চহৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ সময়তে গ্ৰেপ্তাৰ হ’ল মণিপুৰ আৰক্ষীৰ ৫ জন জোৱান ( India Myanmar border)।

ভাৰত-ম্যানমাৰ সীমান্তৰ ম’ৰে চহৰৰ পৰা নিচাজাতীয় সামগ্ৰী হেৰ’ইন আৰু মেথামফেটামাইন টেবলেট সৰবৰাহ কৰাৰ অৱস্থাতে সোমবাৰে মণিপুৰ আৰক্ষীৰ পাঁচজন জোৱানক গ্ৰেপ্তাৰ কৰা হয় বুলি মণিপুৰ আৰক্ষীয়ে জানিবলৈ দিয়ে । 1.336 কি.গ্ৰা. সন্দেহজনক হেৰ’ইন আৰু 80,000 টা মেথামফেটামাইন টেবলেট জোৱানকেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৷ 4 টা পেকেটত জোৱানকেইজনে কঢ়িয়াই আনিছিল হেৰ’ইনখিনি ৷

ৰাজ্যখনৰ কাকচিং জিলাৰ আৰক্ষী অধীক্ষক শ্ৰে ভাটছে জনোৱা মতে, ম্যানমাৰৰ পৰা নিষিদ্ধ সামগ্ৰীখিনি সৰবৰাহ কৰি এখন মাৰুতি জিপচী গাড়ীৰে আনি থকা অৱস্থাত এজন হাবিলদাৰকে ধৰি মণিপুৰ আৰক্ষীৰ পাঁচজন জোৱানক হাতে লুটে গ্ৰেপ্তাৰ কৰা হয় ৷ ৰাজ্যখনৰ ৰাজধানী চহৰ ইম্ফললৈ কঢ়িয়াই নি থকা অৱস্থাত এই নিচাজাতীয় সামগ্ৰীখিনি জব্দ কৰা হয় । ভাটছে জনোৱা মতে, কুৰাওপকপি অঞ্চলত ১০২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত চলোৱা নিয়মীয়া বাহন তালাচীৰ সময়তে ড্ৰাগছসহ আৰক্ষীৰ জোৱানকেইজনক গ্ৰেপ্তাৰ কৰা হয় ।

ধৃত আৰক্ষী জোৱান কেইজন হৈছে হাবিলদাৰ খ আচৌবা সিং, কনিষ্টবল ৱাই দিনেশ্বৰ সিং, ৰাইফলমেন থ সুভাষ চোথে, এম প্ৰেমচন্দ্ৰ সিং আৰু এন ডৰেন্দ্ৰজিৎ সিং ৷

জব্দকৃত ড্ৰাগছ খিনিৰ স্থানীয় বজাৰত বজাৰ মূল্য 3,35,50,000 টকা হ’ব বুলি উল্লেখ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰত জব্দকৃত ড্ৰাগছখিনিৰ মূল্য 10 গুণ অধিক হ’ব বুলি জানিবলৈ পৰা গৈছে ৷ তদুপৰি এজন আৰক্ষী জোৱানৰ পৰা নগদ 80,000 টকা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

জব্দকৃত আপত্তিজনক সামগ্ৰীখিনিৰ লগতে আৰক্ষী জোৱানকেইজনক কাকচিং আৰক্ষীৰ হাতত গতাই দিয়া হয় (Kakching Police)৷

উল্লেখ্য যে, মণিপুৰ চৰকাৰে সোমবাৰৰ পৰা ৰাজ্যৰ কানি খেতি ধ্বংস কৰিবৰ বাবে ড্ৰ’ন নিয়োগ কৰে । কানি খেতি কৰা সকলো অঞ্চলতে এনেধৰণৰ অভিযান সম্পন্ন কৰা হ’ব বুলি মণিপুৰৰ মুখ্যমন্ত্রী এন.বীৰেণ সিঙে এক টুইটযোগে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : Every person Has Baba or Babu : এখন গাঁৱত আছে বাবা আৰু বাবু; ক’ত আছে এই গাঁওখন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.