ETV Bharat / bharat

২২ জুলাইত সংসদৰ বাহিৰত শান্তিপূৰ্ণ প্ৰতিবাদত বহিব কৃষকসকল

author img

By

Published : Jul 14, 2021, 7:04 PM IST

পূৰ্বৰ পৰিকল্পনা অনুসৰি অহা ২২ জুলাইত সংসদৰ বাহিৰত শান্তিপূৰ্ণ প্ৰতিবাদ সাব্যস্ত কৰিব কৃষকসকলে । ২০০ গৰাকী কৃষক বাছেৰে সংসদলৈ যাব আৰু বাছৰ ভাড়াও তেওঁলোকে পৰিশোধ কৰিব ।

protest
সংসদৰ বাহিৰত ২২ জুলাইত শান্তিপূৰ্ণ প্ৰতিবাদত বহিব কৃষকসকল

নেশ্যনেল ডেস্ক, ১৪ জুলাই : কেন্দ্ৰীয় চৰকাৰৰ তিনিখন বিতৰ্কিত কৃষি আইনকলৈ (farm law) দেশৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষকসকলে । কিন্তু ২৬ জানুৱাৰীত দিল্লীত হোৱা হিংসাত্মক ঘটনা আৰু কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ (Tractor rally) ফলত দেশৰ ভিন্ন প্ৰান্তত সংঘটিত অনাকাংশিত ঘটনাৰ পিছতে কিছু পৰিমাণে আন্দোলন স্তব্ধ হোৱা দেখা গৈছিল । অৱশ্যে শেহতীয়াকৈ কৃষিমন্ত্ৰীয়ে কৃষি আইন কোনো কাৰণতে স্থগিত কৰা নহয় বুলি কোৱাৰ পিছতে পুনৰবাৰ জাঙুৰ খাই উঠিছে কৃষক সংগঠনসমূহ ।

কিছু দিন পূৰ্বে ভাৰতীয় কৃষক সংঘৰ (BKU) নেতা ৰাকেশ টিকাইটে (Rakesh Tikait) ঘোষণা কৰিছিল যে সংসদৰ অধিৱেশনৰ মাজতে প্ৰতিবাদত বহিব কৃষকসকল । বৰ্ষাকালীন অধিৱেশন (monsoon session) চলি থকাৰ মাজতে ২০০ গৰাকী কৃষকে সংসদৰ (Parliament) বাহিৰত আন্দোলনত বহিব । বুধবাৰে পুনৰ এই আন্দোলন সন্দৰ্ভত বিশেষ ঘোষণা কৰে কৃষক নেতা ৰাকেশ টিকাইটে । গণৰাজ্য দিৱসৰ হিংসাত্মক ঘটনাৰ পিছতো কৃষকসকলে শান্তিপূৰ্ণভাৱে এই প্ৰতিবাদ কৰিব ।

১৯ জুলাইৰ পৰা ১৩ আগষ্টলৈ চলিবলগীয়া অধিৱেশনৰ মাজতে অহা ২২ জুলাইত কৃষকসকলে সংসদৰ সন্মুখত শান্তিপূৰ্ণভাৱে প্ৰতিবাদত বহিব । সংবাদমাধ্যমৰ আগত নেতাগৰাকীয়ে জনোৱা মতে সদনৰ ভিতৰত কাম কাজ চলি থাকিব আৰু বাহিৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিব ।

তেওঁ লগতে কয় যে ২০০ গৰাকী লোক বাছেৰে সংসদলৈ যাব আৰু বাছৰ ভাড়াও তেওঁলোকে পৰিশোধ কৰিব । ইফালে প্ৰতিবাদৰ ৰণকৌশল প্ৰস্তুত কৰাৰ বাবে বুধবাৰে এক বৈঠকো অনুষ্ঠিত হ'ব । উল্লেখ্য বিগত বছৰৰ পৰা কৃষকসকলে দিল্লীৰ সীমান্ত অঞ্চলকে ধৰি দেশৰ ভিন্ন প্ৰান্তত তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । চৰকাৰৰ সৈতে কৃষক সংগঠনসমূহৰ কেইবাটাও পৰ্যায়ত আলোচনা হৈছে যদিও এতিয়ালৈ কোনো মীমাংসা হোৱা নাই ।

ইফালে ইয়াৰ মাজতে দেশত এই আন্দোলনকলৈ কেইবাটাও হিংসাত্মক ঘটনা সংঘটিত হৈছে । কৃষক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ হোৱাৰ লগতে বহু কৃষক নেতাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :নন্দীগ্ৰাম সমষ্টিৰ ফলাফলৰ পুনৰ বিবেচনা প্ৰক্ৰিয়া: 12 আগষ্টত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.