ETV Bharat / bharat

কাৰাবন্দী কৃষক নেতা ৰবি আজাদ আৰু বিকাশ ছিনছাৰক মুকলি

author img

By

Published : Jun 7, 2021, 10:57 PM IST

জননায়ক জনতা পাৰ্টিৰ বিধায়ক দেৱেন্দ্ৰ বাবলিৰ ঘৰ ঘেৰাও কৰাৰ অভিযোগত আৰক্ষীয়ে ২৭ জন কৃষকক আটক কৰিছিল ৷ আৰক্ষীয়ে পাচত ২৪ জন কৃষকক মুকলি কৰি দিয়ে যদিও ৰবি আজাদ, বিকাশ ছিনছাৰ, মাখন সিঙক নিজ জিম্মাত ৰাখে ৷

Farmer leaders Ravi Azad and Vikas Sinsar released from Tohana jail
কৃষক নেতা ৰবি আজাদ আৰু বিকাশ ছিনছাৰক মুকলি কৰি দিলে আৰক্ষীয়ে

নিউজ ডেস্ক, 7 জুন : হাৰিয়ানাৰ তোহানাৰ বিধায়ক দেৱেন্দ্ৰ সিং বাবলীৰ বাসগৃহ ঘেৰাও কৰা অভিযোগত কাৰাগাৰলৈ প্ৰেৰণ কৰা দুই কৃষক নেতা ৰবি আজাদ আৰু বিকাশ ছিনছাৰক অৱশেষত মুকলি কৰি দিয়া হয় ৷ তোহানাৰ ডি এছ পি বিৰেম সিঙে সোমবাৰে প্ৰকাশ কৰে এই কথা ৷ অৱশ্যে আৰক্ষীয়ে কৃষক নেতা দুগৰাকীৰ লগত কাৰাগাৰলৈ প্ৰেৰণ কৰা আন এজন কৃষক নেতা মাখন সিঙৰ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ উল্লখ্য যে, জননায়ক জনতা পাৰ্টিৰ বিধায়ক দেৱেন্দ্ৰ বাবলি (Jannayak Janata Party MLA Devender Babli)ৰ ঘৰ ঘেৰাও কৰাৰ অভিযোগত আৰক্ষীয়ে ২৭ জন কৃষকক আটক কৰিছিল ৷

কৃষক নেতাকেইগৰাকীৰ মুক্তিৰ দাবীত শনিবাৰে নিশা ৰাকেশ টিকেত(Rakesh Tikait)এ গুৰনাম সিং চাদুনি (Gurnam Singh Chaduni) আৰু সংযুক্ত কিষাণ মৰ্চা (Samukta Kisan Morcha)ৰ নেতা যোগেন্দ্ৰ যাদৱ(Yogendra Yadav)সহ হাৰিয়ানাৰ তোহানাত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷ কৃষক নেতাকেইগৰাকীয়ে জননায়ক জনতা পাৰ্টিৰ বিধায়ক দেৱেন্দ্ৰ বাবলি (Jannayak Janata Party MLA Devender Babli)ৰ বিৰুদ্ধে তেওঁলোকৰ ওপৰত দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত এটা গোচৰ ৰুজু কৰাৰ আহ্বান জনাইছিল ৷

লগতে পঢ়ক : IPFTৰ জ্যেষ্ঠ নেত্ৰীৰ TIPRAত যোগদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.