ETV Bharat / bharat

OP Sharma passes away : বিখ্যাত যাদুকৰ ওম প্ৰকাশ শৰ্মাৰ দেহাৱসান

author img

By

Published : Oct 16, 2022, 10:54 AM IST

বিখ্যাত যাদুকৰ অপি শৰ্মা আৰু নাই(Magician OP Sharma passes away) । দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে মৃত্যুৰ সৈতে যুঁজি শনিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে প্ৰসিদ্ধ যাদুকৰজনে । উত্তৰ প্ৰদেশৰ কানপুৰৰ বাসিন্দা যাদুকৰজনে ৭১ বছৰ বয়সত তিনিজন পুত্ৰ, এগৰাকী কন্যা পত্নীক ইহ সংসাৰত এৰি থৈ যায় ।

magician OP Sharma passes away
OP Sharma Passaway: বিখ্যাত যাদুকৰ অপি শৰ্মাৰ দেহাৱসান

নেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ : চিৰনিদ্ৰাত প্ৰসিদ্ধ যাদুকৰ অপি শৰ্মা(Magician OP Sharma passes away) । বাৰাৰ ভূত বাংলোত শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৭১ বছৰীয়া যাদুকৰজনে । বিগত কেইবামাহো ধৰি অসুস্থ হৈ আছিল শৰ্মা । অপি শৰ্মাই সমাজবাদী পাৰ্টিৰ টিকটত গোবিন্দ নগৰৰ পৰা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল(SP leader magician OP Sharma passes away) । এসপ্তাহ পূৰ্বে কল্যাণপুৰৰ নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল শৰ্মাক ।

১৯৭৩ চনত উত্তৰ প্ৰদেশৰ কানপুৰত জন্মলাভ কৰা শৰ্মাই যাদুৰ কলাৰে বিশ্ববাসীৰ মনত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । যাদুকৰগৰাকীয়ে অন্তিমটো যাদু প্ৰদৰ্শনী অনুষ্ঠিত কৰিছিল আগ্ৰাত । আগ্ৰাৰ সুৰাসাদনৰ যাদু পদৰ্শনীৰ কথা হয়তো সকলোৱে মনত ৰাখিব । কিয়নো সেই প্ৰদৰ্শনীতে ইতিহাসৰ পৃষ্ঠাত আৱদ্ধ হৈ থকা বিশালকায় ডাইনোচৰক যাদুৰে দৰ্শকৰ আগত দেখুৱাইছিল । তাৰ পিছত তেওঁ চকুৰ পলকত ডাইনোচৰটোক দমন কৰিছিল ।

ইয়াৰ বাহিৰেও, তেওঁ ভয়ংকৰ চিম্পাঞ্জিক মেজিক শ্ব'ত এজনী ছোৱালীলৈ ৰূপান্তৰ কৰিছিল । লগতে ৰুমালৰ পৰা কপৌ উৰুৱাই দেখুওৱা, বাকচৰ ভিতৰৰ পৰা মানুহ নোহোৱা কৰা ইত্যাদি যাদুৰে খুৱেই জনপ্ৰিয় আছিল শৰ্মা । জীৱন কালত প্ৰায় ৩৪ খন যাদু পদৰ্শনী কৰা অপি শৰ্মাই যাদুক অলৌকিকতাৰ সলনি কলা হিচাপে গণ্য কৰিছিল (OP Sharma magic)।

যিকোনো লোকে যাদু কৰিব পাৰে । সেয়েহে তেওঁলোকে প্ৰাথমিক শিক্ষাত যাদু অন্তৰ্ভুক্ত কৰাৰ পোষকতা কৰিছিল। যাতে শিশুৱে যাদুৰ সূক্ষ্মতা বুজি পায় আৰু তেওঁলোকৰ মনত বহি থকা ভয় আঁতৰ কৰিব পাৰে । অপি শৰ্মাৰ অনুষ্ঠানৰ বিশেষ কথাটো হ'ল যে তেওঁৰ অনুষ্ঠানত, মানুহক যাদুৰ দৰে সামাজিক দুষ্টতাৰ বিষয়েও অৱগত কৰোৱাৰ চেষ্টা চলাইছিল ।

প্ৰখ্যাত যাদুকৰজনৰ মৃত্যুত সমগ্ৰ দেশতে পৰিছে গভীৰ শোকৰ ছাঁ । মৃত্যুৰ সময়ত শৰ্মাই তিনিজন পুত্ৰ প্ৰেম প্ৰকাশ শৰ্মা, সত্য প্ৰকাশ শৰ্মা আৰু পংকজ প্ৰকাশ শৰ্মা, কন্যা ৰেণু আৰু পত্নী মীনাক্ষী শৰ্মাক ইহ সংসাৰত এৰি থৈ যায় ।

লগতে পঢ়ক: Charge Sheet Against Kapil Wadhawan : কপিল ৱাধবানৰ বিৰুদ্ধে CBIৰ অভিযোগনামা দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.