ETV Bharat / bharat

দক্ষিণ আফ্ৰিকাত আৱদ্ধ হৈ আছে অভিযন্তা সব্যসাচী নন্দা

author img

By

Published : Jul 18, 2021, 2:16 PM IST

প্ৰায় ডেৰ বছৰ ধৰি দক্ষিণ আফ্ৰিকাত আবদ্ধ হৈ আছে সব্যসাচী নন্দা ৷ এটা প্ৰকল্পৰ বাবে দক্ষিণ আফ্ৰিকালৈ গৈছিল নন্দা ৷ ক’ভিড মহামাৰীৰ বাবে দক্ষিণ আফ্ৰিকাত আবদ্ধ হ’ব লগাত পৰিছিল নন্দা ৷ পৰৱৰ্তী সময়ত নন্দাই দক্ষিণ আফ্ৰিকাত এটা দুৰ্ঘটনাত পৰি হেৰুৱাব লগাত পৰিছিল পাছপোৰ্ট, ভিছা লগতে ম’বাইলো ৷ ডেৰটা বহিঃদেশত আবদ্ধ হৈ থকাৰ অন্তত কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে নন্দাৰ পৰিয়ালে ৷

Family seeks safe return of Engineer stuck in South Africa
সু-শৰীৰে উভতিল দক্ষিণ আফ্ৰিকাত আৱদ্ধ অভিযন্তা

নেশ্যনেল ডেস্ক, 18 জুলাই : প্ৰায় ডেৰ বছৰ ধৰি দক্ষিণ আফ্ৰিকাত আবদ্ধ হৈ আছে 28 বছৰীয়া অভিযন্তা সব্যসাচী নন্দা ৷ প্ৰাপ্ত তথ্য অনুসৰি, সব্যসাচী ওড়িশাৰ ধেংকলৰ বাসিন্দা ৷ জানিব পৰা মতে, বিগত 2020 চনতে সব্যসাচী নন্দাই দক্ষিণ আফ্ৰিকালৈ গৈছিল ৷

এটা ব্যক্তিগত ফাৰ্মহাউচত তিনি মাহৰ এটা প্ৰকল্পৰ বাবে দক্ষিণ আফ্ৰিকালৈ গৈছিল নন্দা ৷ কিন্তু ক’ভিড মহামাৰীৰ বাবে তেওঁ দক্ষিণ আফ্ৰিকাতেই আবদ্ধ হ’ব লগাত পৰিছিল ৷ দক্ষিণ আফ্ৰিকাত আবদ্ধ হ’বলগীয়া সময়চোৱাতেই তেওঁৰ পাছপোৰ্ট আৰু ভিছাৰ ম্যাদও উকলি গৈছিল । কিন্তু সেই সময়তে, উৰিষ্যাৰ সব্যসাচী নন্দাৰ লগত সংঘটিত হৈছিল এক অঘটন ৷

ঘটনাৰ বিৱৰণি অনুসৰি, হঠাতে ১৯ ফেব্ৰুৱাৰীৰ দিনা কেইগৰাকীমান মুখাপিন্ধা দুৰ্বৃত্তই নন্দাই কাম কৰি থকা সময়চোৱাতে ফাৰ্মহাউচটোত প্ৰৱেশ কৰে ৷ জানিব পৰা মতে, মুখাপিন্ধা দুৰ্বৃত্ত কেইটাই নন্দাৰ মালিকৰ পুত্ৰক হত্যা কৰে ।

ঘটনাৰ তদন্তৰ বাবে স্থানীয় আৰক্ষীয়ে নন্দাৰ পাছপোৰ্ট আৰু ম'বাইল ফোন জব্দ কৰে ৷ কিয়নো তেওঁ আছিল ঘটনাটোৰ মূল প্ৰত্যক্ষদৰ্শী । যাৰ বাবে স্বাভাবিকতে চিন্তিত হৈ পৰিছিল সব্যসাচী নন্দাৰ পৰিয়াল ৷ বহু দিন ধৰি পুত্ৰ উভতি নহাৰ শোকত ৭ জুলাইত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটে নন্দাৰ মাতৃৰ ৷ এই ঘটনাৰ পাচতেই নন্দাৰ পিতৃ ৰঞ্জন কুমাৰ নন্দাই তেওঁৰ পুত্ৰক ঘূৰাই আনাৰ বাবে মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ হস্তক্ষেপ বিচাৰি আবেদন কৰে । সব্যসাচী নন্দাৰ পৰিয়ালে পুত্ৰক ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ হস্তক্ষেপ বিচাৰিছে ৷

লগতে পঢ়ক: আগৰ বা সাঁচিগছৰ খেতিৰ বাবে ত্ৰিপুৰাক পৰ্যাপ্ত সহায় কৰিব কেন্দ্ৰীয় চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.