ETV Bharat / bharat

সমুখত নিৰ্বাচন; মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে ভ্ৰমণ কৰিব উত্তৰ-পূৰ্বাঞ্চল

author img

By

Published : Jan 3, 2022, 9:16 PM IST

Eye on Manipur election
Eye on Manipur election

মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱ ভাৰতৰ দুখন ৰাজ্য ক্ৰমে মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া এই দুয়োখন ৰাজ্যত প্ৰায় 5000 কোটি টকীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ৷

নিউজ ডেস্ক, 3 ডিচেম্বৰ : নিৰ্বাচনৰ সময় সমাগত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ ভ্ৰমণৰ বাবে পৰিকল্পনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi to visit North East on 4th January) ৷ মঙলবাৰে এদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱ ভাৰতৰ দুখন ৰাজ্য ক্ৰমে মণিপুৰ আৰু ত্ৰিপুৰা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া এই দুয়োখন ৰাজ্যত প্ৰায় 5000 কোটি টকীয়া কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে (PM Modi will inaugurate development schemes in North East) ৷ চলিত বৰ্ষৰ পহিলাতে মণিপুৰত আৰু 2023 চনত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন (Assembly Election in Manipur and Tripura)৷

প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰত প্ৰায় 4800 কোটি টকীয়া 22 টা প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাস কৰিব ৷ ইয়াৰ লগতে ত্ৰিপুৰাৰ ৰাজধানী আগতলাত নিৰ্মাণ কৰা মহাৰাজা বীৰবিক্ৰম বিমান বন্দৰো (Maharaja Bir Bikram Airport in Tripura capital Agartala) মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰায় 450 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে বিমান বন্দৰটো ৷ তাৰোপৰি বিদ্যাজ্যোতি আঁচনিৰ অধীনত প্ৰায় 100 খন বিভিন্ন কলা সুবিধাযুক্ত বিদ্যালয় উদ্বোধন কৰিব নৰেন্দ্ৰ মোডীয়ে ৷

বিদ্যাজ্যোতি আঁচনিৰ দ্বাৰা প্ৰায় 100 খন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ক উন্নীত কৰি কলা সুবিধাযুক্ত আৰু উপযুক্ত মানদণ্ডৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ৷ এই আঁচনিৰ দ্বাৰা ত্ৰিপুৰাৰ নাৰ্চাৰীৰ পৰা দ্বাদশ শ্ৰেণীৰ অন্তৰ্গত প্ৰায় 1.2 লাখ ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে ৷ অহা তিনিবছৰত এই সংখ্যা 500 কোটিলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে ত্ৰিপুৰা চৰকাৰে ৷

মণিপুৰ আৰু ত্ৰিপুৰাত 2017 আৰু 2018 চনৰ দৰেই পুনৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ অনাৰ লক্ষ্য লৈছে গেৰুৱা দলটোৱে ৷ শেহতীয়াকৈ AFSPA বাতিলক লৈ কেন্দ্ৰীয় চৰকাৰৰ ওপৰত উত্তৰ-পূৱৰ ৰাজ্য কেইখনত সৃষ্টি হোৱা বিৰাগভাৱ নোহোৱা কৰিবৰ বাবেই প্ৰধানমন্ত্ৰী মোদীয়ে এই নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া ৰাজ্য দুখন ভ্ৰমণ কৰিব বুলি ধাৰণা কৰা হৈছে ৷

2017 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে মণিপুৰত সফলতা লাভ কৰিছিল আৰু এইবাৰ আৰু অধিক ভাল ফল দেখুৱাব বুলি আশাবাদী হৈ আছে দলটো ৷ কিন্তু শেহতীয়াকৈ নাগালেণ্ডত আছাম ৰাইফলচৰ দ্বাৰা 14 গৰাকীকৈ সাধাৰণ নাগৰিকক হত্যা কৰা ঘটনাই (Massacre of civilians at Oting in Nagaland) বিজেপিৰ বিজয়ৰ পথত হেঙাৰ হৈ ঠিয় দিয়াৰ সম্ভাৱনা আছে ৷ কিয়নো মণিপুৰৰ 60 টা বিধানসভা সমষ্টিৰ 14 টাত বসবাস কৰা প্ৰায় সংখ্যকেই হৈছে নাগা আৰু কুকি লোক ৷ যাৰ পৰিপ্ৰেক্ষিতত এইসকল লোকে বিজেপি দলক প্ৰত্যাখান কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে ৷

উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহৰ 4 তাৰিখে নাগালেণ্ডৰ ম’ন জিলাত আছাম ৰাইফলচৰ জোৱানৰ গুলীত নিহত হৈছিল 14 গৰাকীকৈ সাধাৰণ নাগৰিক নিহত হৈছিল ৷ ইয়াৰ পাচতেই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন চমুকৈ AFSPA প্ৰত্যাহাৰৰ দাবী উঠিছিল উত্তৰ-পূৱৰ ৰাজ্য কেইখনত (Protest to repeal of AFSPA in North East) ৷ প্ৰায় কেইখন ৰাজ্যই দাবী উত্থাপন কৰিছিল AFSPA বাতিলৰ বাবে ৷ কেইবাটাও ছাত্ৰ সংগঠন তথা অৰাজনৈতিক দল সংগঠনেও এই আইনখন বাতিলৰ বাবে দাবী উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ৷ অৱশ্যে হাজাৰ দাবীকো নস্যাৎ কৰি নাগালেণ্ডক অশান্ত অঞ্চল ঘোষণা কৰি AFSPA ৰ সময়সীমা বৃদ্ধি কৰা হ’ল ৷

AFSPA সন্দৰ্ভত লোৱা স্থিতিয়ে ত্ৰিপুৰাতো বিজেপিৰ বাবে প্ৰত্যাহ্বান সৃষ্টি কৰিব পাৰে ৷ পশ্চিমবংগ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে সফলতা লাভ কৰাৰ পাচত ত্ৰিপুৰাতো ক্ষমতাত অধিষ্ঠিত হোৱাৰ বাবে ইতিমধ্যে যুঁজ অব্যাহত ৰখা দেখা গৈছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলক ৷ দলটোৰ ফালৰ পৰা জনোৱা হৈছে যে, ত্ৰিপুৰা আৰু গোৱা দুয়োখন ৰাজ্যতে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব দলটোৱে ৷

লগতে পঢ়ক : ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছক প্ৰধান বিৰোধী দল বুলি দাবী অভিষেক বেনাৰ্জীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.