ETV Bharat / bharat

পশ্চিম ত্ৰিপুৰাত উগ্ৰপন্থীৰ ধন দাবীক লৈ গঞাৰ আতংক

author img

By

Published : Aug 27, 2022, 11:13 AM IST

militant of NLFT
পশ্চিম ত্ৰিপুৰাত উগ্ৰপন্থীৰ ধন দাবীক লৈ গঞাৰ আতংক

এই মাহৰ আৰম্ভণিতে ৰাজ্যিক আৰক্ষীৰ চোৰাংচোৱা শাখাই ৰাজ্যখনত এনএলএফটিৰ উগ্ৰপন্থী(militant of NLFT)সক্ৰিয় হোৱাৰ বিষয়ে তথ্য লাভ কৰিছিল। ইয়াৰ পিছতেই দুই ঘৰিয়া গাঁৱত উগ্ৰপন্থীৰ ধন দাবীক সৃষ্টি হৈছে আতংক ।

আগৰতলা, ২৭ আগষ্ট:পশ্চিম ত্ৰিপুৰা জিলাৰ চিমনা বিধানসভা সমষ্টিৰ অন্তৰ্গত দুই ঘৰিয়া গাঁৱত উগ্ৰপন্থীৰ ধন দাবীক লৈ গঞাৰ মাজত আতংকৰ সৃষ্টি হৈছে(Gharia village of West Tripura)। উক্ত গাঁৱখনত ধন সংগ্ৰহ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ লৈ উগ্ৰপন্থীৰ দল এখন ঘৰত প্ৰৱেশ কৰাৰ পিছতেই ৰাইজৰ মাজত সৃষ্টি হৈছে আতংক । এই বিষয়ে সদৰি কৰিছে চিধাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই।

উল্লেখ্য় যে এই ঘটনাটো যোৱা ২৫ আগষ্টৰ নিশা সংঘটিত হৈছে (Dui Gharia village of Simna Assembly)। উক্ত গাঁওখনৰ পীয়ুষ দেববৰ্মা নামৰ এজন লোকৰ বাসগৃহত উগ্ৰপন্থীৰ দলটো প্ৰৱেশ কৰা বুলি জানিব পৰা গৈছে । সিদিনা তেওঁৰ জন্মদিন উদযাপন কৰাৰ সময়ত বহুতো লোকৰ সমাগম হৈছিল । নিশা পলমকৈ জন্মদিনৰ পাৰ্টি শেষ কৰাৰ পিছত উপস্থিত লোকসকল ঘৰাঘৰি গুচি যায় । ইয়াৰ পিছতে নিশা এক বজাত সামৰিক পোছাকত আহা পাঁচজন যুৱকে মুখ ঢাকি দেববাৰ্মাৰ ঘৰত প্ৰৱেশ কৰে । দলটোৱে পিষ্টল আৰু বন্দুকেৰে পৰিয়ালৰ লোকসকলক ভাবুকি দিছিল । সশস্ত্ৰ যুৱকৰ দলটোৰ লগত ৱাকি-টকী আৰু ৱায়াৰলেছো আছিল ।

পীয়ুষ দেববৰ্মাৰ পৰিয়ালৰ লোকে উল্লেখ কৰা মতে, পাঁচজন যুৱকৰ ভিতৰত চাৰিজনে তেওঁৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল(Panic for militant demand)। আৰক্ষী সূত্ৰ অনুসৰি যুৱকৰ দলটোৱে দেববৰ্মাক বৃহৎ পৰিমাণৰ ধন দাবী কৰে। পীয়ুষে তেওঁৰ ওচৰত টকা নাই বুলি কোৱাৰ পিছত উগ্ৰপন্থীৰ দলটোৱে শূণ্য়লৈ গুলী বৰ্ষণ কৰা বুলি জানিবলৈ দিয়ে । উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতেই অঞ্চলটোৰ ৰাইজৰ মাজত আতংকই বিৰাজ কৰে । লগে লগে দেববৰ্মাৰ পৰিয়ালৰ লোকে এই বিষয়ে ততাতৈয়াকৈ আৰক্ষী থানাক অৱগত কৰে । পিছত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ এটা দল নিশাই ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে নিশাটো সেই স্থানৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলত অভিযান চলালে যদিও ঘৰত প্ৰৱেশ কৰা যুৱকৰ দলটোৰ কোনো তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ল ।

ইপিনে, আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোত তালাচী অভিযান চলাই যদিও কোনো তথ্য সংগ্ৰহ কৰব নোৱাৰিলে(Tripura Suspected Militant Extortion)। আনহাতে,পীয়ুষৰ পৰিয়ালেও যুৱকৰ দলটোৰ এজনকো চিনাক্ত কৰিব নোৱাৰিলে । এই সন্দৰ্ভত চিধাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জয়ন্ত মালাকাৰে কয় যে উক্ত ঘটনা সন্দৰ্ভত তদন্ত চলি আছে । উল্লেখ্য় যে এই মাহৰ আৰম্ভণিতে ৰাজ্যিক আৰক্ষীৰ চোৰাংচোৱা শাখাই ৰাজ্যখনত এনএলএফটিৰ উগ্ৰপন্থীৰ (militant of NLFT)সক্ৰিয় হোৱাৰ বিষয়ে তথ্য লাভ কৰিছিল।

লগতে পঢ়ক:কংগ্ৰেছৰ পৰা পদত্যাগ বৰ্ষীয়ান নেতা গুলাম নবী আজাদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.