ETV Bharat / bharat

Rajya Sabha Election : আজি ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব জয়শংকৰে

author img

By

Published : Jul 10, 2023, 12:41 PM IST

Rajya Sabha Election
Rajya Sabha Election

গুজৰাটৰ ৰাজ্যসভাৰ ১১ খন আসনৰ ভিতৰত বিজেপিৰ আঠখন আসন আছে । আনহাতে, কংগ্ৰেছৰ আছে ৩ খন আসন ।

নিউজ ডেস্ক, ১০ জুলাই : গুজৰাটত খালী হোৱা ৰাজ্যসভাৰ তিনিখন আসনৰ এখনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব এছ জয়শংকৰে । গুজৰাটৰ ৰাজ্যসভা আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দেওবাৰে গুজৰাটত উপস্থিত হয় । তেওঁ সোমবাৰে মনোনয়ন দাখিল কৰিব । বিজেপিৰ এজন বিষয়ববীয়াই এই কথা জনাইছে । বিজেপিৰ গুজৰাট প্ৰদেশৰ সাধাৰণ সম্পাদক প্ৰদীপসিং বাঘেলাই কয় যে ১৮ আগষ্টত গুজৰাটৰ আন দুজন ৰাজ্যসভাৰ সদস্যৰ সৈতে কাৰ্যকাল শেষ হ'বলগা জয়শংকৰে সোমবাৰে তেওঁৰ মনোনয়ন-পত্ৰ দাখিল কৰাৰ কথা আছে ।

ইফালে জয়শংকৰক আহমেদাবাদ বিমানবন্দৰত মন্ত্ৰী ৰাঘৱজী পেটেল, আহমেদাবাদৰ মেয়ৰ কিৰিট পাৰমাৰ আৰু বিজেপি দলৰ অন্যান্য কৰ্মকৰ্তাসকলে আদৰণি জনায় । অৱশ্যে বিজেপিয়ে ৰাজ্যসভাৰ আন তিনিখন আসনৰ বাবে প্ৰাৰ্থীৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই । উল্লেখ্য যে ৰাজ্যসভাৰ এই আসনকেইখনৰ বাবে ২৪ জুলাইত নিৰ্বাচন অনুষ্ঠিত হ'ব । অৱশ্যে জয়শংকৰৰ মনোনয়ন পূৰ্বতেই নিশ্চিত আছিল । আনহাতে, কংগ্ৰেছে শুকুৰবাৰে কয় যে দলটোৱে গুজৰাটৰ তিনিখন ৰাজ্যসভা আসনৰ আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান নকৰে । কিয়নো ১৮২ জনীয়া বিধানসভাত তাৰ বাবে দলটোৰ পৰ্যাপ্ত বিধায়ক নাই ।

উল্লেখ্য যে বিগত বছৰৰ শেষৰ ফালে অনুষ্ঠিত গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে অভিলেখসংখ্যক ১৫৬ খন আসন লাভ কৰিছিল ।

২০২২ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ১৫৬ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ১৭ খন আসনহো লাভ কৰিবলৈ সক্ষম হৈছিল । যিটো হৈছে কংগ্ৰেছৰ এতিয়ালৈকে আটাইতকৈ বেয়া প্ৰদৰ্শন । তথ্য অনুসৰি, গুজৰাটৰ ৰাজ্যসভাৰ ১১ খন আসনৰ ভিতৰত বিজেপিৰ ৮ খন আসন আছে, বাকী ৩ খন আসন কংগ্ৰেছৰ ।

বিজেপিৰ আঠখন আসনৰ ভিতৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, যুগলজী ঠাকুৰ আৰু দীনেশ আনাৱাদিয়াৰ কাৰ্যকাল ১৮ আগষ্টত সমাপ্ত হৈছে । ৰাজ্যসভাৰ এই আসনকেইখনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক :WB Panchayat poll: 6 শতাধিক বুথত সোমবাৰে পুনৰ হ’ব ভোট গ্ৰহণ; মোতায়েন কৰা হ’ব কেন্দ্ৰীয় বাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.