ETV Bharat / bharat

WB Panchayat poll: 6 শতাধিক বুথত সোমবাৰে পুনৰ হ’ব ভোট গ্ৰহণ; মোতায়েন কৰা হ’ব কেন্দ্ৰীয় বাহিনী

author img

By

Published : Jul 9, 2023, 10:54 PM IST

Updated : Jul 10, 2023, 9:58 AM IST

পশ্চিম বংগৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা বুথ কেন্দ্ৰত সোমবাৰে পুনৰ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ দেওবাৰে পশ্চিম বংগৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে সদৰী কৰিছে এই কথা ৷

WB Panchayat poll
WB Panchayat poll

নেশ্যনেল ডেস্ক, 9 জুলাই: পশ্চিম বংগৰ হিংসাত্মক ঘটনা সংঘটিত হোৱা বুথ কেন্দ্ৰত সোমবাৰে পুনৰ অনুষ্ঠিত হ’ব ভোট গ্ৰহণ ৷ দেওবাৰে পশ্চিম বংগৰ ৰাজ্যিক নিৰ্বাচনী আয়োগে সদৰী কৰিছে এই কথা ৷ স্পৰ্শকাতৰ অঞ্চলত ১০০ শতাংশ কেন্দ্ৰীয় বাহিনী নিয়োজিত কৰিব সকলো জিলাৰ মুঠ ৬৯৬ টা বুথত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ৷

যথেষ্ট সংখ্যক বুথত যে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব সেই কথা শনিবাৰে সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পাচতে স্পষ্ট হৈ পৰিছিল ৷ ৰাজ্যিক নিৰ্বাচন আয়োগে কয় যে বহু ভোট কেন্দ্ৰত আনুষ্ঠানিক সময় সমাপ্ত হোৱাৰ পাচতো ভোটদান প্ৰক্ৰিয়া চলিছিল ৷ সেই সমূহতো সোমবাৰে পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হ’ব ৷

উল্লেখ্য যে একাধিক হিংসাত্মক ঘটনাৰ মাজৰে শনিবাৰে সম্পন্ন হ’ল পশ্চিম বংগৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ ৷ ৰাজ্যখনৰ বীৰভূমত পঞ্চায়ত ভোট গ্ৰহণ চলি থকাৰ মাজতে সূত্ৰপাত হয় হিংসাৰ ৷ ইটিভি ভাৰতৰ সাংবাদিককো আক্ৰমণ দুৰ্বৃত্তৰ ৷

নিৰ্বাচনী হিংসাত পশ্চিম বংগৰ বিভিন্ন স্থানত 15 জনতকৈ অধিক লোকৰ মৃত্যু হয় ৷ লগতে বোমা বিস্ফোৰণো সংঘটিত হয় ৷ নিহতসকলৰ ভিতৰত আছে আঠজন শাসকীয় দল তৃণমূল কংগ্ৰেছৰ কৰ্মী ৷

আনহাতে বিজেপি, চিপিআই(এম), কংগ্ৰেছ আৰু আইএছএফৰ এজনকৈ কৰ্মী নিহত হয় ৷ইটিভি ভাৰতে লাভ কৰা তথ্য অনুসৰি, মুৰ্শিদাবাদত কমেও পাঁচজন, কুচবিহাৰত তিনিজন, উত্তৰ দিনাজপুৰ আৰু পূব বৰ্ধমানত দুজন কৈ আৰু দক্ষিণ ২৪ পৰগণা, মালদা আৰু নাদিয়া জিলাত এজনকৈ লোক নিহত হয় ৷ অৱশ্যে সোমবাৰে পুনৰ ভোটগ্ৰহণ শান্তিৰে অনুষ্ঠিত হ’ব বুলি আশা প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে ৷

লগতে পঢ়ক: Bengal Panchayat Polls 2023: পশ্চিম বংগত নিৰ্বাচনী হিংসা; প্ৰহৃত হ’ল ইটিভি ভাৰতৰ সাংবাদিক

Last Updated : Jul 10, 2023, 9:58 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.