ETV Bharat / bharat

Explosion in cracker factory: অবৈধভাৱে স্থাপিত আতচবাজী কাৰখানাত বিস্ফোৰণ; প্ৰশাসনৰ বিৰুদ্ধে ক্ষোভ জনতাৰ

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 12:42 PM IST

Updated : Aug 27, 2023, 1:20 PM IST

পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ দত্তপুকুৰত আতচবাজী কাৰখানাত বিস্ফোৰণ ৷ মহিলাসহ 6 জন লোকৰ মৃত্যু ৷ মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা প্ৰশাসনৰ ৷ প্ৰশাসনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ক্ষোভিত জনতাৰ ৷

Explosion in cracker factory
আতচবাজী কাৰখানাত বিস্ফোৰণ

নেশ্যনেল ডেস্ক, 27 আগষ্ট: পশ্চিমবংগত শোকাৱহ ঘটনা ৷ উত্তৰ 24 পৰগনা জিলাৰ দত্তপুকুৰ নীলগঞ্জ পঞ্চায়তৰ মচকোল অঞ্চলত অবৈধভাৱে স্থাপন কৰা আতচবাজী কাৰখানাত সংঘটিত হয় বিস্ফোৰণৰ ঘটনা ৷ বিস্ফোৰণত কমেও 6 জন লোকৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে । ইয়াৰে কেইবাগৰাকীও মহিলা বুলি জানিব পৰা গৈছে ৷

বিস্ফোৰণ ইমানেই তীব্ৰ আছিল যে অবৈধ আতচবাজী কাৰখানাটোৰ পৰা মৃতদেহৰ কিছু অংশ এটা ঘৰৰ চাঁদত ছিটিকি পৰাৰ দৰে বিক্ষিপ্ত ঘটনাও সংঘটিত হৈছে বুলি প্ৰত্যক্ষদৰ্শীয়ে জনায় । প্ৰশাসনে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে ৷

এই ঘটনাৰ ফলত ওচৰৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হয় । অৱশ্যে এই সন্দৰ্ভত আৰক্ষী অথবা প্ৰশাসনে কোনো মন্তব্য প্ৰকাশ কৰা নাই । বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে । আৰক্ষীৰ বিৰুদ্ধে লৈ ক্ষুব্ধতা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে প্ৰশাসমৰ বিৰুদ্ধে অভিযোগ তোলে যে, তেওঁলোকে বাৰে বাৰে আৰক্ষীক অভিযোগ দিয়াৰ পিচতো আৰক্ষীয়ে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি ।

স্থানীয় ৰাইজে লগতে জনায় যে, মুৰ্ছিদাবাদৰ অধিকাংশ লোকে এই কাৰখানাত শ্ৰমিক হিচাবে নিয়োজিত হৈ আহিছিল । স্থানীয় ৰাইজে অভিযোগ কৰিছে যে তৃণমূল আৰু আৰক্ষী প্ৰশাসনৰ যুতীয়া সহযোগত স্থাপন হৈছিল এই কাৰখানাটো । ইয়াৰ পূৰ্বে 16 মে’ত আৰু সেই ঘটনাৰ পাঁচ দিনৰ পাছত 21 মে' সংঘটিত হৈছিল দুটাকৈ বিস্ফোৰণৰ ঘটনা । অবৈধভাৱে স্থাপন কৰা এই কাৰখানা বিস্ফোৰণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জিলা অনুযায়ী তালাচী অভিযান চলাবলৈ নিৰ্দেশ দিছিল যদিও কোনো অজ্ঞাত কাৰণত বন্ধ কৰি দিয়া হ’ল অনুসন্ধান অভিযান ৷

উল্লেখ কৰা প্ৰয়োজন যে, বিগত 4 মাহত সংঘটিত হোৱা এয়া দ্বিতীয়টো বৃহৎ ঘটনা ৷ ইয়াৰ পূৰ্বে মে’ মাহত সংঘটিত হৈছিল অনুৰূপ ঘটনা ৷ পূব মেদিনাপুৰত সংঘটিত হৈছিল উক্ত ঘটনাটো ৷ এটা অবৈধ আতচবাজী কাৰখানা বিস্ফোৰণ হোৱাৰ ফলত মৃত্যু ঘটিছিল 9 জনকৈ লোকৰ ৷

লগতে পঢ়ক: Loksabha Election 2024 : নীতিশ কুমাৰেই হ’ব নেকি বিৰোধী মিত্ৰজোঁটৰ প্ৰধানমন্ত্ৰী প্ৰাৰ্থী !

Last Updated : Aug 27, 2023, 1:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.