ETV Bharat / bharat

Youth dies of Cardiac arrest: এখন ভিছাই কাল হ’ল 20 বছৰীয়া ৰঞ্জোধ সিঙৰ

author img

By

Published : Dec 18, 2022, 8:17 PM IST

Updated : Dec 18, 2022, 8:36 PM IST

Youth dies of Cardiac arrest
এখন ভিছাৰ বাবে কাল হ’ল 20 বছৰীয়া ৰঞ্জোধ সিঙৰ

এখন ভিছাই কাল হ’ল পঞ্জাৱৰ লেহৰাগাগাৰ 20 বছৰীয়া ৰঞ্জোধ সিঙৰ (Deceased Ranjodh Singh) ৷ নিজৰ নামত অহা ভিছাখন হাতত লৈয়ে আনন্দত আত্মহাৰা হৈ মৃত্যুক আঁকোৱালি ল’লে ৰঞ্জোধে (Youth dies of Cardiac arrest)৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ৰঞ্জোধৰ পিতৃ সুখচেইন সিঙে ৷

নেশ্যনেল ডেস্ক, 18 ডিচেম্বৰ : জন্ম, মৃত্যু, বিবাহ কেতিয়া, কাৰ, কেনেকৈ হয় কোনেও নাজানে ৷ আনকি কেতিয়াবা অত্যন্ত সুখ বা আনন্দও মৃত্যুৰ কাৰণ হৈ উঠিব পাৰে (Excitement for Visa approval) ৷ আজিৰ এই প্ৰতিবেদত আমি ক’বলৈ লৈছো এনে এক ঘটনাৰ কথা ৷

ঘটনাৰ স্থান পঞ্জাৱৰ লেহৰাগাগা (Lehragaga in Punjab) ৷ অন্য যুৱকৰ লেখিয়াকৈ লেহৰাগাগাৰ 20 বছৰীয়া ৰঞ্জোধ সিঙৰো (Ranjodh Singh) আছিল আমেৰিকালৈ পঢ়িবলৈ যোৱাৰ মন ৷ সেই হেতুকে সকলো যাৱতীয় কাম নিয়ম অনুসৰিয়েই সম্পন্ন কৰিছিল ৰঞ্জোধ সিঙে ৷ মাত্ৰ ভিছাৰ অপেক্ষাত আছিল ৰঞ্জোধ সিং (Deceased Ranjodh Singh) ৷ আনকি 24 ডিচেম্বৰত আমেৰিকালৈ যাবৰ বাবে বিমানৰ টিকেটো কাটি থৈছিল ৰঞ্জোধ সিঙে ৷

লগতে পঢ়ক : War Against Drugs: বৰপেটাত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী

ভিছাৰ সকলো পৰীক্ষা সুচাৰুৰূপে সম্পন্ন কৰাৰ অন্তত দেওবাৰে ৰঞ্জোধ সিঙৰ নামত আহিল ভিছা ৷ নিজৰ নামত অহা ভিছাখন হাতত লৈয়ে উৎফুল্লিত হৈ পৰিল 20 বছৰীয়া যুৱকজন ৷ কিন্তু নিয়তিৰ কি যে পৰিহাস ! ভিছাখন হাতত লৈয়ে হাঁহি হাঁহি এটা সময়ত হঠাতে উশাহ বন্ধ হৈ মাটিত ঢলি পৰিল ৰঞ্জোধ সিং (Youth dies of Cardiac arrest) ৷

তাৰ পাচতে ততাতৈয়াকৈ ৰঞ্জোধ সিঙক চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ কিন্তু ইতিমধ্যে চিকিৎসকে মৃত বুলি ঘোষণা কৰে লেহৰাগাগাৰ 20 বছৰীয়া ৰঞ্জোধক ৷ সংবাদ মাধ্যমৰ আগত এই কথা উল্লেখ কৰে ৰঞ্জোধ সিঙৰ পিতৃ সুখচেইন সিঙে ৷ ইফালে চিকিৎসকে উল্লেখ কৰা অনুসৰি, অত্যন্ত সুখ সহ্য কৰিব নোৱৰাৰ বাবেই হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু ঘটে যুৱকজনৰ (Ranjodh Singh could not tolerate much happiness, which led to a heart attack)৷ আনকি এনে ধৰণৰ ঘটনা এহেজাৰটাৰ ভিতৰত এটাহে হয় বুলি উল্লেখ কৰে চিকিৎসকে ৷

লগতে পঢ়ক : Dead body exchange: মহিলাৰ পৰিবৰ্তে পুৰুষৰ মৃতদেহ পালেগৈ ঘৰ

Last Updated :Dec 18, 2022, 8:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.