ETV Bharat / bharat

Militant killed in Awantipora : দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰাত সন্ত্ৰাসবাদী নিহত

author img

By

Published : Dec 12, 2021, 9:45 AM IST

দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰাত নিৰাপত্তাৰক্ষী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ (Encounter in Awantipora) ৷ বাৰাগাম অঞ্চলত সংঘটিত এই সংঘৰ্ষত নিহত এটা সন্ত্ৰাসবাদী ৷

Militant killed in encounter in south Kashmir's Awantipora
অৱন্তীপোৰাত সন্ত্ৰাসবাদী নিহত

নেশ্যনেল ডেস্ক, 12 ডিচেম্বৰ : জন্মু-কাশ্মীৰৰ ভিন্ন অঞ্চলত প্ৰায়ে নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষৰ ঘটনা সংবাদ মাধ্যমত প্ৰকাশ পায় ৷ বিগত কিছুদিন পূৰ্বে দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীচালনা সংঘটিত হৈছিল ৷ পুনৰায় দেওবাৰে দক্ষিণ কাশ্মীৰৰ অৱন্তীপোৰাৰ বাৰাগাম অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় ৷ এই সংঘৰ্ষত নিহত হৈছে এটা সন্ত্ৰাসবাদী ৷

"বাৰাগাম অৱন্তীপোৰাত গুলীচালনা আৰম্ভ হৈছিল । ইয়াত এটা সন্ত্ৰাসবাদী নিহত হৈছে । অভিযান অব্যাহত থাকিব", এইদৰে টুইটযোগে গুলীচালনা সংঘটিত হোৱাৰ কথা সদৰী কৰে আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰে ৷ এই অভিযানত আৰক্ষীৰ লগতে নিৰাপত্তাবাহিনী নিয়োজিত হৈ আছে বুলি প্ৰকাশ কৰে ৷

বৰ্তমানলৈকে সন্ত্ৰাসবাদীটোত চিনাক্ত কৰিব পৰা নাই আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে ৷

লগতে চাওক: Encounter in Shopian : দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানত পুনৰ সংঘৰ্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.