জম্মু-কাশ্মীৰৰ শ্বপিয়ানত এনকাউণ্টাৰ সমাপ্ত, ৩ সন্ত্ৰাসবাদী নিহত

author img

By

Published : Oct 12, 2021, 9:58 AM IST

শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত ৩ সন্ত্ৰাসবাদী নিহত

জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত লস্কৰ-ই-তৈবা(Lashkar-e-Taiba)ৰ ৩ সন্ত্ৰাসবাদী নিহত । সোমবাৰে জিলাখনৰ ইমামচাহাব অঞ্চলৰ তুলাৰণত প্ৰথমতে গুলীচালনা আৰম্ভ হৈছিল । মঙলবাৰে পুৱা শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ অভিযানৰ অন্ত পৰে ।

নেশ্যনেল ডেস্ক, ১২ অক্টোবৰ : মঙলবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তা বাহিনীৰ গুলীত ধৰাশায়ী হ'ল ৩ জনকৈ সন্ত্ৰাসবাদী । জিলাখনৰ ইমামচাহাব অঞ্চলৰ তুলাৰণত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰাৰ পাচতে সোমবাৰে নিৰাপত্তা বাহিনীয়ে অভিযান চলায় । অভিযানৰ সময়তে দুয়োপক্ষই গুলীচালনা কৰে । মঙলবাৰে পুৱা লস্কৰ-ই-তৈবাৰ ৩ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্য আৰক্ষীয়ে সদৰী কৰে ।

ইয়াৰ পাচতে অভিযানৰ অন্ত পৰে । নিৰাপত্তা বাহিনীয়ে এই অভিযানক এক বৃহৎ সাফল্য বুলি কৈছে, কিয়নো সন্ত্ৰাসবাদীকেইটা বিভিন্ন অপৰাধজনিত কাৰ্যকলাপৰে জড়িত আছিল । জম্মু-কাশ্মীৰ আৰক্ষীয়ে জনোৱা মতে, নিহত সন্ত্ৰাসবাদীকেইজনৰ ভিতৰত এজন গান্দেৰবালৰ মুখতাৰ শ্বাহ বুলি জানিব পৰা হৈছে । শেহতীয়াকৈ শ্ৰীনগৰত বিহাৰৰ বীৰেন্দ্ৰ পাছোৱান নামৰ এজন হকাৰক হত্যা কৰিত শ্বপিয়ানত আত্মগোপন কৰি আছিল মুখতাৰে ।

সন্ত্ৰাসবাদীকেইটাৰ পৰা আৰক্ষীয়ে আপত্তিজনক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে । উল্লেখ্য যে, সোমবাৰে জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ খাগুণ্ড ভেৰিনাগ অঞ্চল আৰু বান্দিপোৰাৰ শ্বাহগুণ্ডতো নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ হয় । দুটা পৃথক স্থানত হোৱা সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হয় ।

লগতে পঢ়ক: খেৰী কাণ্ডৰ মূল অভিযুক্ত আশীষ মিশ্ৰ টেনীক তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.