ETV Bharat / bharat

IED blasts in Chaibasa : চাইবাছাত আইইডি বিস্ফোৰণ, এগৰাকী জোৱান শ্বহীদ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:00 PM IST

IED blasts in Chaibasa
চাইবাছাত আইইডি বিস্ফোৰণ

ঝাৰখণ্ডত মাওবাদীয়ে সংস্থাপন কৰা আইইডি বিস্ফোৰণ । বিস্ফোৰণত এগৰাকী জোৱান শ্বহীদ । অন্যান্য ৩ গৰাকী জোৱান আহত ।

নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ : ঝাৰখণ্ডৰ চাইবাছাত পুনৰ মাওবাদীৰ আক্ৰমণ । মাওবাদীয়ে তিনিটাকৈ আইইডি বিস্ফোৰণ কৰে । এই আক্ৰমণত কোবৰা ২০৯ বেটেলিয়নৰ পৰিদৰ্শক ভূপেন্দ্ৰ কুমাৰ আৰু ৰাজেশ কুমাৰকে ধৰি ৪ গৰাকী জোৱান গুৰুতৰভাৱে আহত হয় । আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰিছে । অৱশ্যে, স্থানীয় সূত্ৰৰ মতে বিস্ফোৰণৰ ফলত ৰাজেশ কুমাৰ নামৰ জোৱানজন শ্বহীদ হয় ।

জানিব পৰা মতে তেওঁ ছত্তীশগড়ৰ গাৰেলীৰ বাসিন্দা আছিল । এই বিস্ফোৰণ টোণ্টো আৰক্ষী থানাৰ অন্তৰ্গত চাৰ্জোম্বুৰু আৰু তুম্বাহাকা গাঁৱৰ সমীপত অৰণ্যত সংঘটিত হৈছিল ।

আৰক্ষীয়ে জনোৱা মতে, চিপিআই(মাওবাদী)ৰ শীৰ্ষ নেতা মিছিৰ বেছৰা, ৰমেশ ওৰফে অজয় মাহাতো, অনমোল মোচু, চমন কান্দে, সাগেন আংগাৰিয়া আৰু অশ্বিনৰ লগতে তেওঁলোকৰ দলৰ সদস্যসকলে কোলহানত কূটাঘাতৰ পৰিকল্পনা কৰিছে বুলি আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল । এই তথ্যৰ ভিত্তিত চাইবাছা আৰক্ষী, কোবৰা ২০৯ বেটেলিয়ন, ২০৩ বেটেলিয়ন, ঝাৰখণ্ড জাগুয়াৰ আৰু চিআৰপিএফ ৬০ বেটেলিয়ন, ১৯৭ বেটেলিয়ন ১৫৭ বেটেলিয়ন ১, ৭৪, ১৩৪, ১৯৩, ৭ আৰু ২৬ বেটেলিয়নৰ এটা যুটীয়া দলে অভিযান চলায় । তাৰ মাজতে সুৰক্ষা বাহিনীক লক্ষ্য কৰি সংস্থাপন কৰি থোৱা তিনিটাকৈ আইইডি বিস্ফোৰণ হয় ।

আৰক্ষীয়ে জনোৱা মতে প্ৰাথমিক চিকিৎসাৰ অন্তত বাকী আহতসকলক উন্নত চিকিৎসাৰ বাবে হেলিকপ্টাৰেৰে ৰাঁচীলৈ প্ৰেৰণ কৰা হৈছে । আৰক্ষীয়ে কোৱা মতে এই ঘটনাৰ পূৰ্বে অভিযানৰ সময়ত সুৰক্ষা বাহিনীয়ে তুম্বাহাকা গাঁৱৰ সমীপৰ বনাঞ্চলত দুটা আইইডি আৰু গাঁতত পুতি থোৱা অৱস্থাত লোৰ ৰডৰে নিৰ্মিত ৩১ টা স্পাইক আৰু কাড়ৰে নিৰ্মিত ২৫০ টা স্পাইক উদ্ধাৰ কৰা হয় ।

আৰক্ষীয়ে জনোৱা মতে এই ঘটনাৰ পাছত অঞ্চলটোত আৰক্ষীয়ে অধিক তৎপৰতাৰে অভিযান অব্যাহত ৰাখিছে । লক্ষণীয় কথাটো হ'ল যে টণ্টো আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোত মাওবাদীয়ে যোৱা বছৰ আগষ্টতো আক্ৰমণ কৰিছিল । সেই আক্ৰমণত এজন উপ-পৰিদৰ্শক আৰু এজন ঝাৰখণ্ড জাগুয়াৰ জোৱান নিহত হৈছিল ।

লগতে পঢ়ক :Manipur Violence : ২ শিক্ষাৰ্থীৰ মৃত্যুৰ পাছতে পুনৰ উত্তাল পশ্চিম ইম্ফল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.